মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

বধিৰতা নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচী

পৃষ্ঠভূমি :

শ্ৰৱণ শক্তিহীনতা আজিকালি মানৱ শৰীৰৰ এটা অতি সাধাৰণ সংজ্ঞা সম্বন্ধীয় অভাৱৰূপে দেখা দিছে। সম্প্ৰতি প্ৰতি এক লাখৰ ভিতৰত ২৯১ জন লোক মাৰাত্মক বধিৰতাত ভোগা দেখা গৈছে। ইয়াৰ বৃহৎ পৰিমাণ হৈছে ০ ৰ পৰা ১৪ বছৰ বয়সৰ শিশু, ইয়াৰ ফলত শাৰীৰিক আৰু আৰ্থিক উৎপাদনত বুজন পৰিমাণৰ লোকচান হৈছে।

কাৰ্য্যসূচীৰ উদ্দেশ্য :

  • ৰোগ বা আঘাতৰ ফলত হোৱা বধিৰতা প্ৰতিৰোধ কৰা।
  • বধিৰতা আৰু শ্ৰৱণ শক্তি হেৰুৱা কৰ্ণ সমস্যাৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা।
  • সকলো বয়সৰ বধিৰতাত ভোগা লোকক চিকিৎসা প্ৰদান।
  • সা-সৰঞ্জাম, আহিলাপাতি আৰু প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ দ্বাৰা সহায় কৰাৰ কাৰণে কৰ্ণ যতনৰ প্ৰতিষ্ঠানিক উন্নতি সাধন কৰা।

কৰ্মসূচী প্ৰদৰ্শন আৰু সম্পসাৰণ :

অসমৰ ৯ খন জিলাকে ধৰি ভাৰতৰ ইউ টি এছ/১১ খন ৰাজ্যত পাইলট ধৰণৰ কৰ্মসূচীৰ শুভাৰম্ভ কৰা হৈছিল ২০০৭ চনত। অসমৰ জিলাসমূহ হ`ল নলবাৰী, দৰং, শোণিতপুৰ, লখিমপুৰ, কামৰূপ মেট্ৰো, নগাওঁ, যোৰহাট, শিৱসাগৰ আৰু গোৱালপাৰা।

২০১৬-১৭ চনৰ বিত্তীয় বৰ্ষ আৰু ৯ খন জিলা যোগ কৰি কৰ্মসূচীটো সম্প্ৰসাৰণ কৰিবলৈ প্ৰস্তাৱ ৰখা হৈছিল আৰু একেটাক অনুমোদন কৰা হৈছিল তলত উল্লেখ কৰা জিলাকেইখনলৈ- কোকৰাঝাৰ, বৰপেটা, কামৰূপ গ্ৰাম্য গোলাঘাট, ডিব্ৰুগড়, ধুবুৰী, কাচাৰ, কৰিমগঞ্জ, হাইলাকান্দি।