মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

ফ্ল`ৰাইড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্যসূচী

সাধাৰণ উদ্দেশ্য : পীড়িত, একেধৰণে পীড়িত নোহোৱা লোকৰ মাজত প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ অনা।

নিৰ্দিষ্ট লক্ষ্য :

  • ফ্ল`ৰাইড প্ৰভাৱিত জনসাধাৰণক বিচাৰি উলিওৱা আৰু জৰীপ কৰা।
  • ফ্ল`ৰাইড নিয়ন্ত্ৰণৰ কাৰণে পানীৰ মান বিশ্লেষণ কৰা ।
  • প্ৰস্ৰাৱৰ নমুনা বিশ্লেষণ।
  • সম  পৰিমাণৰ ফ্ল`ৰাইড থকা পানীৰ নতুন উৎসৰ অনুসন্ধান।
  • ভিটামিন বি আৰু কেলচায়ামৰ দৰে ক্ষুদ্ৰ পুষ্টিৰ যোগান।
  • অস্ত্ৰোপচাৰৰ মধ্যস্থতাৰ দ্বাৰা প্ৰভাৱিত লোকৰ অক্ষমতা শুদ্ধ কৰা।
  • স্বাস্থ্য শিক্ষাৰ আমদানি।

এন পি পি চি এফ কাৰ্য্যকৰী কৰা জিলাসমূহ-

ফ্ল`ৰাইড নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী অসমৰ তিনিখন জিলাত কাৰ্য্যকৰী কৰা হয়-

  • নগাওঁ
  • কাৰ্বি আংলং
  • কামৰূপ গ্ৰাম্য

২০১৭-১৮ চনত পি আই পিত ৪ খন নতুন জিলাৰ প্ৰস্তাৱ কৰা হয় (গোলাঘাট, ধুবুৰী, হাইলাকান্দি আৰু নলবাৰী)

কাম-কাজ :

  • ৮২৪১ খন পুস্তিকা বিতৰণ কৰা হয়, পোষ্টাৰ বিতৰণ কৰা হয় ১৬৬ খন, ছেমিনাৰ কৰা হয় ১০ খন, ফ্লুকাৰ্ড নাটক কৰা হয় ৫ খন।
  • ১১খন সমন্বয়ৰক্ষী সভা পতা হৈছে।
  • তপত জুৰি আকাশী গংগা পানী যোগান আঁচনিৰ কাম এটা চলি আছে যিটো এই বছৰতে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।
  • আন এটা বৃহৎ পানীযোগান আঁচনিৰ প্ৰস্তাৱ লোৱা হৈছে লুটুমাৰী এন চিত পি এইচ ই ডি ৰ দ্বাৰা।
  • ৩৪ টা ৰিংযুক্ত কুঁৱা লুটুমাৰী এন চি ত প্ৰতিষ্ঠাৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছে আঁচনি সম্পূৰ্ণ হোৱালৈ হ্ৰস্ব্য কালীন জোৰা মৰাৰ বাবে।
  • ৭৩ খন গাঁৱত তৰাং ৰিং কুঁৱা খন্দা হৈছে, ২৫১ টা ফ্ল`ৰাইড শোধন ফিল্টাৰৰ যোগান ধৰা হৈছে।
  • বিদ্যালয় জৰীপৰ পৰা নিশ্চিত কৰা দন্ত্য ফ্ল`ৰাইড নগাঁৱত পোৱা হৈছে ৯.০৯%, কামৰূপ গ্ৰাম্যত পোৱা হৈছে ৩.০৩ % আৰু কাৰ্বি আংলঙত পোৱা গৈছে ৭.৩০ %।
  • ৰাজহুৱা জৰীপে নিশ্চিত কৰে যে জকা ফ্লৰাইড নগাঁৱত পোৱা হৈছে ০.৮৩ % আৰু কাৰ্বি অংলঙত পোৱা গৈছে ০.৫ %।
  • ভিটামিন আৰু খাৰুৱা লৱণ যোগান ধৰা হৈছে ১৩২৫৯ জন ভূক্তভোগীক।
  • পানীৰ নমুনা পৰীক্ষা কৰা হয় ২৯৬ সংখ্যক, য`ত পোৱা হয় ১ পি পি এম ৭৮ সংখ্যকত/২৩৯৫ জন লোকৰ প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰা হয়, য`ত উৰ্ধসীমা পোৱা হয় ৪২.৯৩ %।
  • নগাঁৱত ১১৭ সংখ্যক এছ এফ ভূক্তভোগীক প্ৰদান কৰা হয় প্ৰতিবন্ধীৰ প্ৰমাণ পত্ৰ ২০১৪ চনত।

পি এইচ ই ডিৰ লগত সমন্বয় ৰক্ষা

নগাওঁ জিলা : ১. তপত জুৰি আকাশী গঙ্গাত নিৰাপদ পানীৰ কাৰণে বৃহৎ আঁচনিৰ কাম চলি আছে, যিটো এই বছৰতে সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।
২. পি এইচ ই ডিৰ দ্বাৰা লুটুমাৰী এন চি ত বৃহৎ পানী যোগান আঁচনিৰ কাম হাতত লোৱা হৈছে।
৩.নতুন আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত লুটুমাৰী এন চিত ৩৪ ৰিংযুক্ত কুঁৱা খণ্ডাৰ প্ৰস্তাৱ লোৱা হৈছে ক্ষন্তেকীয়া সময়ৰ জোৰা মৰাৰ কাৰণে।

কাৰ্বি আংলং জিলা : ৭৩ খন গাঁৱত তৰাং ৰিং কুঁৱা খন্দা হৈছে ২৫১ টা ফ্ল`ৰাইড আঁতৰোৱা ফিল্টাৰৰ যোগান ধৰা হয়।