মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

নৌকা ক্লিনিক

  • ব্ৰহ্মপুত্ৰ নদীৰ দ্বীপবোৰক সাধাৰণতে জনা হয় চৰ বা চাপৰি হিচাবে। ৰাজ্যৰ ভিতৰতে একেবাৰে পিছপৰা এলেকা, অসমৰ প্ৰায় ৬ শতাংশ ভূমি এই দ্বীপবোৰৰ মাটিৰে আৱৰা আৰু ৰাজ্যৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক অৰ্থাৎ ৩০ লাখ জনসংখ্যা এই দ্বীপবোৰত বাস কৰে। এই এলেকাবোৰ প্ৰায়ে বানপানীৰ দ্বাৰা উপদ্ৰুত হয় ফলস্বৰূপে এই অঞ্চলসমূহৰ লোকৰ স্বাস্থ্য বৰ বেয়াকৈ প্ৰভাৱিত হয়। চৰ এলেকাবোৰত ২০০০ৰো বেছি গাওঁ আছে য`ত স্বাস্থ্য সুবিধা নাই বুলিয়ে ক`ব পাৰি। মানৱশক্তিও তাত একেবাৰে তাকৰ যিকেইজন আছে সমগ্ৰ জনগণৰ কাৰণে পৰ্য্যাপ্ত নহয়।

    এই দ্বীপসমুহত প্ৰধান ভাবুকিটো হ`ল প্ৰায়ে হৈ থকা বানপানী, যিয়ে তাত বাস কৰা জনগণক উপদ্ৰুত কৰাত বিশেষ ভূমিকা লয়। সেয়ে সেই সম্প্ৰদায়বোৰৰ স্বাস্থ্য স্থিতিৰ লগত জড়িতকৰণত মুখ্য কাৰণ হৈ দেখা দিছে। স্থায়ী স্বাস্থ্য প্ৰতিষ্ঠান আৰু তাৰ আন্তঃগাঁথনি গঢ়াটো এটা মুখ্য প্ৰত্যাহ্বান হৈ পৰিছে এই দ্বীপবোৰত জীৰ্ণ বানপানীৰ কাৰণে। পৰিস্থিতি আৰু অতি বেয়াৰ ফালে গতি কৰে যেতিয়া ইয়াৰ জনগণই তেওঁলোকৰ বাসস্থান প্ৰতি ছয় মাহৰ মূৰে মূৰে পৰিৱৰ্তন কৰে ভূমিস্খলন বা জীৱিকাৰ সন্ধানত। স্বাস্থ্য নিৰ্দেশকৰ প্ৰত্যাহ্বানৰ প্ৰতিৰক্ষাক ৰক্ষা কৰি চৰকাৰে নৌকা ক্লিনিক ব্যৱস্থাৰ শুভাৰম্ভ কৰিছে ২০০৮ চনত এই দ্বীপবোৰত বাস কৰা ৰাইজৰ কাৰণে।

    এন এইচ এমে ইতিমধ্যে স্বাস্থ্য সেৱাৰ যোগান ধৰিছে দূৰ-দূৰণিৰ দ্বীপত বাস কৰা লোকসকলৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰি সংলগ্ন ৰাজ্যৰ ১৩ খন জিলাত ১৫ খন নৌকা ক্লিনিক গোটৰ দ্বাৰা। ১৫ খন নৌকা ক্লিনিক গোটে কাম কৰি আছে ধুবুৰী, বৰপেটা, নলবাৰী, মৰিগাওঁ, শোণিতপুৰ, লক্ষীমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোৱালপাৰা, বঙাইগাওঁ, কামৰূপ জিলাত আৰু একোখনকৈ অতিৰিক্ত গোট বৰপেটা আৰু ধুবুৰী জিলাত আছে। নৌকা ক্লিনিকে স্বাস্থ্যসেৱা আগবঢ়াই সন্তান জন্ম দিয়া আৰু শিশুৰ যতনকে ধৰি বেমাৰ কমোৱা, পৰিয়াল কল্যাণ, প্ৰাথমিক পৰীক্ষাগাৰ সেৱা ইত্যাদিত।

    আৰম্ভণিৰ পৰা নৌকা ক্লিনিকৰ প্ৰদৰ্শন
    ক্ৰ. নং.সেৱাৰ সবিশেষ২০০৮-
    ০৯
    ২০০৯-
    ১০
    ২০১০-
    ১১
    ২০১১-
    ১২
    ২০১২-
    ১৩
    ২০১৩-
    ১৪
    ২০১৪-
    ১৫
    ২০১৫-
    ১৬
    ২০১৬-
    ১৭
    মুঠ
    ১.শিবিৰৰ সংখ্যা১০৩৮১৮৬৭২১৫৯২৭৭৬২৫৮২২৮৯৪৩০৬১৩৩৫০৩৩৩৯২৩০৬৬
    ২.সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰা ৰোগীৰ সংখ্যা৯১৮৩৯১৪১৪১৩১৭৭৩০০২২৫১৪১২০০৬৭৯২২০৮০৬২১০৮০৭২৪০১৯৯২৪৬৬৮৪১৭৫৪৮৬৮
    ৩.জন্মৰ পূৰ্বৰ যত্ন (এ এন চি)৩২০১৬০৬৪৯০২০১৪৬৭৯১১৫৭৬১৫৫৪৫১৫৭৫৬১৬৭৯২১৭৯৫৪১১০৫৮৭
    ৪.জন্মৰ পাছৰ যত্ন (পি এন চি)৯৯৩১২০২২৪২২৩৪৯৯৩৩৫৫৪২২৯৪৬৩৬৪৪৬৩৪৫৩৪২৯৩৩৩
    ৫.নিয়মিত প্ৰতিৰোধক৮৯৯৪২০৩৯৯২২৪৬৮২৪৮১৭২১৯৭১২৪৭০৩২৫৭৪৮২৭৬০৪২৮৫২১২০৫২২৫
    ৬.ভিটামিন এ১৪৬৩৭১৭০৮০৮৮১১০৩৭১১৪০৭১০০১৫৯৫৭০১৪৫৪৩১৫৮৭৩৮৯১৬৬
    ৭.বিশেষ প্ৰতিষেধক১৩৪৩১৩৩০২৬৫৬৬২০১৬৬৯১৬৬৩৪৩৩৩৩৫১৯৮৯২২২৬০৬
    ৮.আই পি পি আই৪২৮১১৬৮৪১০৫৫৬৭০৮১২২৪৭৬৩৪৩৮২৮০২১২০৬১
    ৯.পৰিয়াল পৰিকল্পনা২৫৩৩১৪০৩০৩৮৭২৮৮৮৯১৩৭২০৬৯৬৪২৭৩৬১৬৩১৯৮৬৮০১০৭৭১৪৫৪৮৫৭১