ক) তৃতীয় স্বাস্থ্য যত্ন সেৱা এই সঞ্চালকালয়ৰ অধীনত প্ৰদান কৰা হয় তৃতীয় চিকিৎসালয় আৰু শিক্ষা দিয়া চিকিৎসালয় সমূহৰ মাধ্যমত। এই চিতিৎসালয় সমূহে প্ৰদান কৰা সেৱা সমূহৰ বিষয়ে জানিবলৈ ক্লিক কৰক:
খ) প্ৰাক স্নাতক পৰ্য্যায়ৰ কাৰণে চিকিৎসা শিক্ষা, স্নাতকোত্তৰ আৰু চুপাৰ স্পেচিয়ালিটি পি জি চিকিৎসা মহাবিদ্যালয় সমূহৰ জৰিয়তে
ক্ৰঃ নং. | মূখ্য সেৱা | সেৱাৰ মানদণ্ড |
---|---|---|
১. | শিক্ষাবিদ | ৮.০০ এ এম ৰ পৰা ৪.০০ পি এম কাৰ্য্যৰত দিনত |
২. | শিক্ষা (ক্লিনিকেল আৰু নন ক্লিনিকেল) | এছ এছ ইউ এইচ এছ, গুৱাহাটীৰ নিয়মাবলী অনুযায়ী শ্ৰেণী সমূহ পৰিচালিত হয় |
৩. | চিকিৎসা শিক্ষা ইউনিট | প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে এখন কৈ চিকিৎসা শিক্ষা ইউনিট আছে |
৪. | প্ৰাক স্নাতকোত্তৰ শিক্ষা | এম চি আইৰ নিয়ম অনুযায়ী শ্ৰেণী সমূহ পৰিচালনা কৰা হয়। এছ এছ ইউ এইচ এছ, গুৱাহাটীয়ে দিয়া সময়তালিকা অনুযায়ী পৰীক্ষা, অভ্যন্তৰীণ মূল্যায়ন আৰু বিশ্ববিদ্যালয় পৰীক্ষা সমূহ পৰিচালনা কৰা হয়। |
৫. | পি জি শিক্ষা | পি জি শিক্ষা, ক্লিনিকেল প`ষ্টিং, থিয়ৰি আৰু প্ৰেকটিকেল, চেমিনাৰ আৰু জাৰ্নেল ক্লাব সমূহ এম চি আইৰ নিয়ম এছ এছ ইউ এইচ এছ, গুৱাহাটীৰ নিৰ্দেশ অনুযায়ী হয় |
৬. | চি এম ই পৰিচালনা | এছ এছ ইউ এইচ এছ, গুৱাহাটীৰ দ্বাৰা প্ৰদত্ত সময়সূচী অনুযায়ী প`ষ্ট গ্ৰেজুৱেট আৰু ফ্যেকাল্টিৰ কাৰণে নিয়মিত চি এম ই পৰিচালনা |
গ) অংগ পুনৰ সংস্থাপনৰ অনুমোদন:-
ইয়াক সঞ্চালক চিকিৎসা শিক্ষা, অসমক সভাপতি হিছাবে লৈ গঠিত সমিতিৰ দ্বাৰা সম্পন্ন কৰা হয়।
ঘ) এম বি বি এছ পাঠ্যক্ৰম/ ৰেচিডেণ্ড স্পেচিয়েলিষ্ট সেৱা পি জি ডিপ্ল`মাৰ দ্বাৰা/ স্নাতকোত্তৰ প্ৰাৰ্থী সকলৰ গাঁৱত বাধ্যতামূলক বদলিকৰণ।
১. | এম বি বি এছ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত গাওঁ এলেকাত বাধ্যতামূলক বদলিকৰণ | এম বি বি এছ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত সকলো প্ৰাৰ্থীয়ে এবছৰৰ বাবে গাওঁ এলেকাত বাধ্যতামূলক সেৱা প্ৰদান বা ৫ (পাঁচ) বছৰৰ কাৰণে জিলা চিকিৎসা সেৱা কেন্দ্ৰত সেৱা প্ৰদান কৰিব |
২. | ৰেচিডেণ্ডস্পেচিয়েলিষ্টসেৱাপিজিডিপ্ল`মাৰদ্বাৰা/ স্নতকোত্তৰপ্ৰাৰ্থীসকলৰ | অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো পি জি স্নাতক/ডিপ্ল`মা প্ৰাৰ্থীয়ে তেওঁলোকৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত মাধ্যমিক আৰু তৃতীয় সেৱা চৰকাৰী চিকিৎসালয়ত এবছৰৰ বাবে কাম কৰিব লাগিব। |
ঙ) পাচপ`ৰ্ট আৰু বিদেশত ভ্ৰমণৰ কাৰণে এন ও চি
ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত এখন কমিটি আছে যি আৱেদনপত্ৰ সমূহ বিশ্লেষণ কৰে আৰু বিশ্লেষণ কৰাৰ পাছত আৱেদনপত্ৰ সমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হয়।
আৱেদনকাৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকক প্ৰয়োজনীয় কাগজপত্ৰ সহ আৱেদন পত্ৰ জমা দিব লাগিব। ডি এম ই কাৰ্য্যালয়ে বিশ্লেষণ কৰাৰ পাছত, আৱেদনপত্ৰ সমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হয়।
চ) অভিযোগ তদাৰক ব্যৱস্থা
অভিযোগ বিষয়াৰ নাম আৰু যোগাযোগৰ তথ্য | অভিযোগ দাখিলৰ কাৰণে হেল্পলাইন নম্বৰ |
---|---|
বিশেষ কাৰ্য্যৰত বিষয়া | ০৩৬১-২৩৬৬২৩৬ |