মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

জন্মগত হৃদৰোগ থকা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ

  • জন্মগত হৃদৰোগ থকা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ
    নাৰায়না হৃদয়ালয়, বাংগালুৰু, কলকাতা আৰু গুৱাহাটী
    (অসম চৰকাৰৰ দ্বাৰা লোৱা এটা পদক্ষেপ)

    স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰে শুভাৰম্ভ কৰিছে এখন নতুন আঁচনি, যাৰ দ্বাৰা, অসম চৰকাৰে অস্ত্ৰোপচাৰৰ সকলো খৰচ বহন কৰিব যিবোৰ শিশু অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বাস কৰে আৰু যিবোৰ শিশুক জন্মগত হৃদৰোগৰ বাবে অস্ত্ৰোপচাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছে : ডব্লিউ. ই. এফ. ০১-০৭-২০১০.

    অসম চৰকাৰে ৰোগী শিশুটিৰ লগতে এজন অভিভাৱকৰ বিমান ভাড়া বহন কৰিব গুৱাহীটাৰ পৰা প্ৰেৰণ কৰা হস্পিতেললৈ, তাৰোপৰি থকা-খোৱাৰ সু-ব্যৱস্থাৰ যোগান ধৰা হ`ব তাত নতুবা ওচৰৰে বাহিৰৰত কৰবাত শিশুটিৰ চিকিৎসাধীন সময়চোৱাত।

    যোগ্যতা :

    • আঁচনিখন কাৰ্য্যকৰী হয় প্ৰথম জুলাই ২০১০ৰ পৰা।
    • ০ৰ পৰা ১৪ বছৰৰ ভিতৰত হ`লে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হলে জি এম চি এইচৰ শিশু আস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বীৰ দ্বাৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
    • অভিভাৱকজন অসমৰ স্থায়ী বাসিন্দা হ`ব লাগিব আৰু তেওঁৰ বছৰেকীয়া আয় ৬.০০ লাখ টকাৰ বেছি হ`ব নোৱাৰিব।

    প্ৰক্ৰিয়া:

    তলত উল্লেখ কৰা নথি সহিতে ৰোগীয়ে ন`ডেল বিষয়াৰ ওচৰত আৱেদন কৰিব লাগে:

    • আৰ্থিক সাহাৰ্য্যৰ কাৰণে ন`ডেল বিষয়াৰ ওচৰত আৱেদন কৰিব লাগে
    • অসমত বাস কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ
    • ঠিকনা প্ৰমাণ
    • অৰ্হতা সম্পন্ন আৰু যোগ্য হৃদৰোগ অস্ত্ৰোপচাৰকৰ দ্বাৰা হৃদৰোগ আস্ত্ৰোপচাৰ প্ৰয়োজনৰ বাবে মেডিকেল প্ৰমাণ পত্ৰ
    • পৰীক্ষাগাৰৰ পৰীক্ষাৰ খৰচৰ ৰ`চিদ (যেনো- এক্সৰে-প্ৰতিৱেদন, চিকিৎসাকৰ পৰামৰ্শ, পেথ`ল`জি পৰীক্ষাৰ প্ৰতিৱেদন ইত্যাদি) সহ বেমাৰ সম্পৰ্কীয় সকলো ধৰণৰ নথি ন`ডেল বিষয়াৰ ওচৰত উপস্থাপন কৰিব লাগে বিষয়টো বিৱেচনাৰ কাৰণে
    • হৃদৰোগ আস্ত্ৰোপচাৰৰ কাৰণে প্ৰেৰণ কৰিব খোজা কোন্দ্ৰৰ নাম সহ প্ৰেৰণৰ প্ৰমাণ পত্ৰ।
    • অভিভাৱকৰ নিযুক্তিৰ সবিশেষ।
    • আয়ৰ প্ৰমাণ পত্ৰ
    • অস্ত্ৰোপচাৰৰ নিৰ্ধাৰিত তাৰিখ উল্লেখ কৰি প্ৰেৰণ কৰা হস্পিতেললৈ চিঠি পঠাব।
    • ৰোগীজন ন`ডেল বিষয়াৰ সম্নুখত উপস্থিত হোৱাটো বাধ্যতামূলক আৰু শৰীৰ পৰীক্ষা কৰাৰ পৰা ৰেহাই পাব তেনেকুৱা অব্যাহতি ব্যৱস্থাৰ ভিত্তিত

    বাস্তবিক আৰু আৰ্থিক স্থিতি:

    বৰ্ষবাজেটৰ ব্যৱস্থা
    (লাখ টকাত)
    লাভ কৰা ধনৰাশি
    (লাখ টকাত)
    ব্যৱহাৰ কৰা ধনৰাশি
    (লাখ টকাত)
    চিকিৎসা কৰা শিশুৰ সংখ্যা
    ২০০৯-১০১৫০.০০১৫০.০০--
    ২০১০-১১২০০.০০২০০.০০২২৩.৫৩৩৬৪
    ২০১১-১২৫০০.০০৮০০.০০৬০৩.৭৪৪৩৬
    ২০১২-১৩৫০০.০০৫০০.০০৫৩৪.৭৩৩৮১
    ২০১৩-১৪৫০০.০০৫০০.০০৬৭২.৭৩৭৭৬
    ২০১৪-১৫৫০০.০০৩০০.০০৯৪০.০০৭৭৯
    ২০১৫-১৬২৮৭০.০০২৫৭০.০০১৬৬০.০০৭৪৫
    ২০১৬-১৭৭০০.০০৭০০.০০৮৩২.৪৬৬৯১
    মুঠ৫৯২০.০০৫৭২০.০০৫৪৬৭.১৯৪১৭২