মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সপ্তাহিক আইৰণ ফলিক এচিড পৰিপূৰক(ডব্লিউ আই এফ এছ)

  • অৱলোকন:

    ডব্লিউ আই এফ চি কাৰ্য্যসূচী বিদ্যালয়ৰ ল`ৰা-ছোৱালী (১০-১৯)ৰ কাৰণে আৰু বিদ্যালয়ৰ বাহিৰৰ ল`ৰা-ছোৱালী (১০-১৯) আৰু গ্ৰাম্য এলেকাৰ বাবে। কাৰ্য্যসূচী কাৰ্য্যকৰী কৰা হয় চৰকাৰ/চৰকাৰী সাহাৰ্য্য/পৌৰ নিগমৰ বিদ্যালয় আৰু এ ডব্লিউ চি ৰ মঞ্চৰ জৰিয়তে। ৰণ কৌশলত অন্তৰ্ভূক্ত হয় `এটা নিৰ্ধাৰিত দিন – সোমবাৰ`` আই এফ এ বিতৰণৰ কাৰণে। শিক্ষক আৰু এ ডব্লিউ ডব্লিউ য়ে হিতাধিকাৰীয়ে পাব লগা আই এফ এ বড়ীৰ পৰিদৰ্শন কৰিব।

    লক্ষ্য:

    কিশোৰ ল`ৰা-ছোৱালীৰ (১০-১৯ বছৰৰ ভিতৰত) ৰক্তহীনতা নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যালয় আৰু অংগনবাড়ীত সাপ্তাহিক আই এফ এ পৰিপূৰক (ডব্লিউ আই এফ চি) কাৰ্য্যসূচী অনুষ্ঠিত কৰা

    উদ্দেশ্য:

    • আই এফ এ বড়ী সপ্তাহত এবাৰ আৰু কৃমি প্ৰতিৰোধৰ বাবে বছৰত আলবেনডাজল বছৰত দুবাৰ দিয়াৰ প্ৰশাসন নিশ্চিতি কৰা।
    • লৌহ পদাৰ্থ বৃদ্ধিৰ কাৰণে শুদ্ধ খাদ্য অভ্যাস তথ্য ল`ৰা-ছোৱালীক যোগান ধৰা।
    • কিশোৰৰ মাজত কৃমি ভৰি পৰা ৰোধ কৰিবলৈ তথ্যৰ বহুল প্ৰচাৰ কৰা আৰু শুদ্ধ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহ দিয়া, লগতে চেন্দেলৰ ব্যৱহাৰ শিকাব লাগে শৰীৰত কৃমি প্ৰৱেশ ৰোধ কৰিবলৈ।
     

    ৰণ-কৌশল:

    • সাপ্তাহিক আইৰণ-ফলিক এচিড পৰিপূৰক (ডব্লিউ আই এফ চি) প্ৰশাসন। (১০০ মি. গ্ৰা. মৌলিক লৌহ আৰু ৫০০ মি. গ্ৰা. ফলিক এচিডযুক্ত আই এফ এ টেবলেট) প্ৰতি বছৰে ৫২ সপ্তাহত, এটা নিৰ্দিষ্ট দিনত সম্ভৱতঃ সোমবাৰ।
    • সাধাৰণ/গম্ভীৰ ৰক্তহীনতা লক্ষ্য দলৰ পৰীক্ষা আৰু তেনেকুৱা ৰোগীক যথাযোগ্য স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা।
    • বছৰত দুবাৰ কৃমি প্ৰতিৰোধৰ কাৰণে (৪০০ মি. গ্ৰা. আলবেনডাজল প্ৰশাসন) কৃমি প্ৰতিৰোধক। পুষ্টি আৰু উন্নত খাদ্য তালিকাৰ পৰামৰ্শ আৰু অন্ত্ৰত ভৰি পৰা কৃমিৰ ওপৰত লোৱা কাৰ্য্যৰ কাৰণে তথ্যৰ বহুল প্ৰচাৰ কৰা।