মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অমৃত ফাৰ্মাচি

  • অমৃত ফাৰ্মাচি (কম মূল্যৰ ঔষধ আৰু প্ৰতিষ্ঠাপন চিকিৎসা) আৰম্ভ কৰা অসমেই হৈছে প্ৰথমখন ৰাজ্য। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ``অমি এখন এম ও ইউ স্বাক্ষৰ কৰিছো এইচ এল এল লাইফকেয়াৰৰ লগত অমৃত ফাৰ্মাচিৰ আৰম্ভণিৰ দ্বাৰা যাতে জৰুৰী ঔষধ সমূহ ৫০ৰ পৰা ৭০ শতাংশ কম মূল্যত জনসাধাৰণক যোগান ধৰিব পাৰো। যদি এই ফাৰ্মাচি সমূহে ভাল ফল পায়, তেনেহ`লে আমি ৰাজ্যজুৰি ২৭ খন জিলা চিকিৎসালয়ত আৰু ২৩০ খন বিছনা যুক্ত চিকিৎসালয়তো আৰম্ভ কৰিম।'

    বহুতো জৰুৰী ঔষধ যেনে কেন্সাৰ, কাৰ্ডিঅ`ভাচকুলাৰ ঔষধ আৰু ইমপ্লাণ্টচ, যিসমূহ সাধাৰণতে ব্যয়বহুল, এতিয়া ৰোগীসকলৰ কাৰণে বজাৰ মূল্যৰ অধাতকে অলপ বেছিত জনসাধাৰণৰ কাৰণে উপলব্ধ হ`ব। যিসমূহ ৰোগীয়ে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা নাই তেওঁলোকেও অমৃত ফাৰ্মাচিৰ পৰা ঔষধ ক্ৰয় কৰিব পাৰে।`

    অমৃত ফাৰ্মাচি, যি ইতিমধ্যে অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়ত খোলা হৈছে, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা হাতত লোৱা এটা উদ্যোগ যাৰ উদ্দেশ্য হ`ল সাধাৰণ জনসাধাৰণক উচিত মূল্যত ঔষধ প্ৰদান কৰা। অসম চৰকাৰে অসমৰ সকলো চিকিৎসালয়ত অতি সোনকালে অমৃত ফাৰ্মাচি আৰম্ভ কৰিব।