মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

খাদ্য নিৰাপত্তা আৰু মানদণ্ড, আইন ২০০৬ৰ অধীনত আইনি তাৎপৰ্য্য

  • নিৰাপত্তা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত শাস্তি সম্পৰ্কিত সাধাৰণ প্ৰৱিধান

    জৰিমনাৰ ক্ষেত্ৰত সাধাৰণ প্ৰৱিধানসমূহ এফ চি চি আইন, ২০০৬ৰ অনুচ্ছেদ ৪৯ ৰ পৰা অনুচ্ছেদ ৬৭লৈ বৰ্ণনা কৰা হৈছে।

    ১. অনুচ্ছেদ ৫০: প্ৰকৃতি বা সামগ্ৰী বা মানদণ্ড অনুসৰি নথকা খাদ্য বিক্ৰী কৰাৰ কাৰণে জৰিমনা:

    যি কোনো এজন ব্যক্তি যি এফ এছ এছ আইন, ২০০৬ বা ইয়াৰ অধীনৰ আইনসমূহ অনুসৰি কোনো ব্যক্তিয়ে যদি কোনোধৰণৰ খাদ্যবস্তু বিক্ৰী কৰে, বা ক্ৰয়কৰোঁতাই দ্বাৰা দাবী কৰা ধৰণে প্ৰকৃতি বা সামগ্ৰীৰ মান নহয়, পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমনাৰে দণ্ডিত হ`ব।

    ২. অনুচ্ছেদ ৫১: নিকৃষ্ট মানৰ খাদ্যৰ কাৰণে জৰিমনা:

    যি কোনো এজন ব্যক্তি বা অন্য কোনো ব্যক্তিৰ দ্বাৰা বিক্ৰয়ৰ বাবে উৎপাদন কৰে বা বিক্ৰী বা বিতৰণ কৰে বা মানুহৰ ব্যৱহাৰৰ কাৰণে কোনো ধৰণৰ নিকৃষ্ট মানৰ খাদ্যৰ আমদানি কৰে, তেনেহ`লে পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।

    ৩. অনুচ্ছেদ ৫২: অযোগ্য ব্ৰেণ্ডৰ খাদ্যৰ কাৰণে জৰিমনা:

    যি কোনো এজন ব্যক্তি বা অন্য কোনো ব্যক্তিৰ দ্বাৰা বিক্ৰয়ৰ বাবে উৎপাদন কৰে বা বিক্ৰী বা সঞ্চয় কৰে বা বিক্ৰী বা বিতৰণ কৰে যি মানুহৰ ব্যৱহাৰৰ কাৰণে অযোগ্য ব্ৰেণ্ডৰ, তেনেহ`লে তিনি লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।

    ৪. অনুচ্ছেদ ৫৩. বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ কাৰণে জৰিমনা:

    যি কোনো এজন ব্যক্তি যি প্ৰচাৰ কৰে, অথবা কোনো বিজ্ঞাপন প্ৰকাশ কৰোঁতা, যি -

    (ক) অসাধুভাৱে কোনো খাদ্যৰ বৰ্ণনা; অথবা

    (খ) কোনো খাদ্যৰ প্ৰকৃতি বা সামগ্ৰী বা মানদণ্ডৰ বিষয়ে ভূল পথে পৰিচালিত কৰে বা প্ৰতিশ্ৰুতি দিয়ে, জৰিমনাৰ

    বাবে দায়ী হ`ব যি দহ লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    ৫. অনুচ্ছেদ ৫৪: খাদ্যত বাহিৰা বস্তু মিহলি কৰাৰ কাৰণে জৰিমনা:

    যি কোনো এজন ব্যক্তি বা অন্য কোনো ব্যক্তিৰ দ্বাৰা বিক্ৰয়ৰ বাবে উৎপাদন কৰে বা বিক্ৰী বা সঞ্চয় কৰে বা বিক্ৰী বা বিতৰণ কৰে বা আমদানি কৰে মানুহৰ ব্যৱহাৰৰ কাৰণে যিকোনো ধৰণৰ খাদ্য য`ত বাহিৰা বস্তু মিহলি হৈ থাকে, জৰিমনাৰ বাবে দায়ী হ`ব যি এক লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    ৬. অনুচ্ছেদ ৫৫: খাদ্য নিৰাপত্তা বিষয়াৰ নিৰ্দেশ মানি নচলাৰ কাৰণে জৰিমনা:

    যদি কোনো খাদ্যৰ ব্যৱসায় কৰোঁতাই বা আমদানি কৰোঁতাই কোনধৰণৰ যুক্তিসংগত কাৰণ নোহোৱাকৈ, এই আইনৰ নিয়ম বা বিনিয়ম সমূহ বা ইয়াৰ অধীনত প্ৰণয়ন হোৱা আদেশ সমূহৰ প্ৰয়োজনীয়তা সমূহ পালন কৰিবলৈ অপৰাগ হয়, তেওঁ জৰিমনাৰ বাবে দায়ী হ`ব যি দুই লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    ৭. অনুচ্ছেদ ৫৬: স্বাস্থ্য বিৰোধী বা অস্বাস্থ্যকৰ প্ৰক্ৰিয়াকৰণ বা উৎপাদনৰ কাৰণে জৰিমনা:

    যদি কোনো এজন ব্যক্তিয়ে, তেওঁৰ দ্বাৰা বা অন্য কাৰোবাৰ দ্বাৰা তেওঁৰ ঠাইত, কোনো ধৰণৰ খাদ্য বস্তু উৎপাদন বা প্ৰক্ৰিয়াকৰণ কৰে মানুহৰ ব্যৱহাৰৰ কাৰণে কোনো ধৰণৰ স্বাস্থ্য বিৰোধী বা অস্বাস্থ্যকৰ পৰিবেশত, জৰিমনাৰ বাবে দায়ী হ`ব যি এক লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    ৮. অনুচ্ছেদ ৫৭: ভেজাল কৰণৰ কাৰণে জৰিমনা:

    এই অধ্যায়ৰ প্ৰতিবিধান অনুসৰি, যদি কোনো ব্যক্তিয়ে তেওঁ বা তেওঁৰ ঠাইত অন্য কোনো ব্যক্তিৰ দ্বাৰা, উৎপাদন বা আমদানি কৰে বিক্ৰীৰ কাৰণে, বা মজুত কৰে, বিক্ৰী বা বিতৰণ কৰে যিকোনো ধৰণৰ ভেজাল বস্তু তেনেহ`লে তেওঁ দায়ী হ`ব -

    (i) যদি এই ভেজালকৰণৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহ`লেও, জৰিমনা দুই লাখ টকা পৰ্য্যন্ত হ`ব পাৰে;

    (ii) এই ভেজালকৰণৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয়, জৰিমনা দহ লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    (২) উপ-অনুচ্ছেদৰ অধীনৰ এটা কাৰ্য্যধাৰা অনুযায়ী (১), ভেজালকৰণৰ লগত জড়িত কোনো ধৰণৰ ব্যক্তিক সুৰক্ষা প্ৰদান কৰা নহয়।

    ৯. অনুচ্ছেদ ৫৮: উলঙ্ঘন কাৰণে জৰিমনা যাৰ বাবে কোনো ধৰণৰ বিশেষ জৰিমনা প্ৰদান কৰা হোৱা নাই

    যি কোনো ব্যক্তিয়ে এই আইনৰ নিয়ম বা অনুচ্ছেদ বা আইন সমূহ উলঙ্ঘন কৰে, এই অধ্যায়ত কোনো বিশেষ ধৰণৰ জৰিমানা প্ৰদান কৰা নহয়, জৰিমনাৰ বাবে দায়ী হ`ব যি দুই লাখ টকা পৰ্য্যন্ত হ`ব পাৰে।

    ১০.অনুচ্ছেদ ৫৯: অসুৰক্ষিত খাদ্যৰ কাৰণে শাস্তি.

    যি কোনো এজন ব্যক্তি, তেওঁ বা তেওঁৰ ঠাইত অন্য কোনো ব্যক্তিৰ দ্বাৰা, উৎপাদন বা আমদানি কৰে বিক্ৰীৰ কাৰণে, বা মজুত কৰে, বিক্ৰী বা বিতৰণ কৰে যিকোনো ধৰণৰ অসুৰক্ষিত খাদ্য বস্তু তেনেহ`লে তেওঁ শাস্তিৰ যোগ্য হ`ব,-

    1. যদি এই ধৰণৰ ব্যৰ্থতা বা উলঙ্ঘনৰ কাৰণে কোনো ধৰণৰ ক্ষতি নহয়, নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাসৰ  লগতে এক লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে;
    2. যদি এই ধৰণৰ ব্যৰ্থতা বা উলঙ্ঘনৰ কাৰণে কোনো ধৰণৰ অনাকাংক্ষিত ক্ষতি নহয়, নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাস যি এবছৰ পৰ্য্যন্ত বাঢ়িব পাৰে লগতে এক লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে;
    3. যদি এই ধৰণৰ ব্যৰ্থতা বা উলঙ্ঘনৰ কাৰণে গুৰুতৰ ক্ষতি হয়, নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাস যি ছয় বছৰ পৰ্য্যন্ত বাঢ়িব পাৰে লগতে পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে;
    4. যদি এই ধৰণৰ ব্যৰ্থতা বা উলঙ্ঘনৰ কাৰণে মৃত্যু হয়, নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাস যি সাত বছৰৰ কম নহয় কিন্তু ই আজীৱন কাৰাবাস পৰ্য্যন্ত বাঢ়িব পাৰে লগতে দহ লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।
     

    ১১.অনুচ্ছেদ ৬০: জব্দ সামগ্ৰীৰ লগত কৰা হস্তক্ষেপৰ কাৰণে শাস্তি।

    যদি কোনো এজন ব্যক্তিয়ে খাদ্য নিৰাপত্তা বিষয়াৰ অনুমতি অবিহনে, এই আইনৰ অধীনত জব্দ কৰা কোনো ধৰণৰ বস্তু, আটক, খাদ্য বস্তু আঁতৰোৱা বা আবৈধ ব্যৱহাৰ কৰা, বাহন, সঁজুলি, পেকেট আৰু লেবেল বা বিজ্ঞাপনৰ সঁজুলি বা অন্য কোনো বস্তুৰ আপব্যৱহাৰ কৰে, তেওঁ শাস্তিৰ যোগ্য হ`ব নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাসৰ যি ছয় মাহ পৰ্য্যন্ত বাঢ়িব পাৰে লগতে পাঁচ দুই লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।

    ১২. অনুচ্ছেদ ৬১: মিছা তথ্য দিয়াৰ কাৰণে শাস্তি।

    যদি কোনো এজন ব্যক্তিয়ে, এই আইনৰ অধীনৰ কোনো প্ৰয়োজনীয়তা বা নিৰ্দেশৰ কোনো ধৰণৰ তথ্য সৰবৰাহ কৰে বা এনে কোনো দস্তাবেজ প্ৰদান কৰে যি ব্যক্তিজনে জানে যে মিছা বা বিভ্ৰান্তিকৰ, তেওঁ শাস্তিৰ যোগ্য হ`ব নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাসৰ সৈতে যি তিনি মাহ পৰ্য্যন্ত বাঢ়িব পাৰে লগতে দুই লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।

    ১৩. অনুচ্ছেদ ৬২: খাদ্য নিৰাপত্তা বিষয়াক বাধা দিয়া বা ভূমিকাত অভিনয় কৰাৰ কাৰণে শাস্তি।

    যদি কোনো ব্যক্তিয়ে যুক্তিসংঙ্গত অজুহাত অবিহনে, প্ৰতিৰোধ, বাধা, বা বাধা দিবলৈ চেষ্টা, ছদ্মাবেশ, ভাবুকি, ভয় বা শাৰীৰিক আক্ৰমণ কৰে এজন খাদ্য সুৰক্ষা বিষয়াক তেওঁৰ কৰ্ত্যব পালন কৰাত।

    ১৪. অনুচ্ছেদ ৬৩. লাইচেন্স অবিহনে কোনো ধৰণৰ ব্যৱসায় কৰাৰ কাৰণে শাস্তি।

    যদি কোনো এজন ব্যক্তি বা খাদ্য বস্তুৰ ব্যৱসায় কৰোঁতাই (এই আইনৰ ধাৰা ৩১ উপ-অনুচ্ছেদ (২)ৰ অধীনত লাইচেন্স থকা সকলৰ বাহিৰে), তেওঁ নিজে বা তেওঁৰ জেগাত আন্য কোনো ব্যক্তি যি লাইচেন্স ল`ব লাগে, নিৰ্মান, বিক্ৰী, জমা বা বিতৰণ বা আমদানি কৰে কোনো ধৰণৰ খাদ্য বস্তুৰ লাইচেন্সৰ বাহিৰে, তেওঁ শাস্তিৰ যোগ্য হ`ব নিৰ্দিষ্ট সময়ৰ কাৰণে কাৰাবাসৰ সৈতে যি ছয় মাহ পৰ্য্যন্ত বাঢ়িব পাৰে লগতে পাঁচ লাখ টকা পৰ্য্যন্ত জৰিমনা হ`ব পাৰে।

    ১৫. অনুচ্ছেদ ৬৪. একেই অপৰাধৰ কাৰণে শাস্তি

    (l) যদি কোনো এজন ব্যক্তিয়ে, এই আইনৰ অধীনত শাস্তিৰ সন্মুখীন হোৱা কোনো ব্যক্তি যদি পূৰ্বতে দোষী সাব্যস্ত হয় আৰু যদি একেই অপৰাধ সংঘটিত কৰে, তেনেহ`লে তেওঁ শাস্তিৰ সন্মুখীন হ`ব-

    1. দুগুন শাস্তিৰ সন্মুখীন হ`ব, যি প্ৰথমতে শাস্তিৰ সময়ত সন্মুখীন হৈছিল, একেই অপৰাধৰ কাৰণে সৰ্বোচ্চ শাস্তিৰ সন্মুখীন হ`ব;
    2. জৰিমনা দৈনিক ভিত্তিত আৰু এক লাখ টকা পৰ্য্যন্ত হ`ব পাৰে, আৰু যদি অপৰাধ অব্যাহত থাকে; আৰু
    3. তেওঁৰ লাইচেন্স বাতিল কৰা হ`ব।
     

    (২) আদালতে অপৰাধীৰ নাম আৰু বাসস্থান, দোষসমূহ আৰু আৰোপিত জৰিমনা সমূহৰ বিষয়ে বাতৰিকাকতত বা এনেকুৱা অন্য ধৰণে আদালতে যেনে ধৰণে নিৰ্দেশ দিয়ে অপৰাধীয়ে প্ৰকাশ কৰিব লাগিব আৰু এই প্ৰকাশৰ কাৰণে হোৱা খৰচ সমূহ জৰিমনা হিছাবে ধৰা হ`ব।

    ১৬. অনুচ্ছেদ ৬৫: গ্ৰাহকৰ মৃত্যুৰ ক্ষেত্ৰত ক্ষতিপূৰণ

    (l) এই অধ্যায়ৰ অন্যান্য প্ৰতিবিধান অনুসৰি, যদি কোনো ব্যক্তিয়ে তেওঁ বা তেওঁৰ অবিহনে অন্য ব্যক্তিৰ দ্বাৰা, উৎপাদন বা বিতৰণ বা বিক্ৰী বা আমদানি কৰে যি কোনো খাদ্য বস্তু যাৰ বাবে গ্ৰাহকৰ মৃত্যু পৰ্য্যন্ত হ`ব পাৰে, ই অধিনিয়ম বিষয়াৰ কাৰণে বৈধ হ`ব, ন্যায়ালয়ে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিবৰ কাৰণে নিৰ্দেশ দিব পাৰে, যেনে—

    1. মৃত্যুৰ ক্ষেত্ৰত পাঁচ লাখ টাকাতকৈ কম নহয়;

    2. গুৰুতৰ অঘাত হলে তিনি লাখ টকাতকৈ কম নহয়; আৰু

    3. অন্যান্য ক্ষতিৰ কাৰণে, এখ লাখ টকাতকৈ কম নহয়, কিন্তু চৰ্তঅনুসাৰে, ঘটনাৰ তাৰিখৰ পৰা ছয় মাহৰ বেছি হ`লে কোনো ক্ষতিপূৰণ প্ৰদান কৰা নহয়: আৰু চৰ্তানুসাৰে মৃত্যুৰ ক্ষেত্ৰত, ঘটনাৰ ত্ৰিশ দিনৰ ভিতৰত আত্মীয়ক পৰৱৰ্তীকালৰ কাৰণও ক্ষতিপূৰণ প্ৰদান কৰা হ`ব। 

     

    (২) যেতিয়াই কোনো এজন ব্যক্তি গুৰুতৰ আঘাতবা মৃত্যুৰ কাৰণে দোষী সাব্যস্ত হয়, বিচাৰ কৰা কৰ্মকৰ্তা বা ন্যায়ালয়ে দোষী ব্যক্তিৰ নাম ও স্থানৰ বিষয়ে, অপৰাধী বা অপৰাধীক এই সমূহ সংবাদপত্ৰত অপৰাধীৰ খৰচত বা অন্য পদ্ধতিত প্ৰকাশ কৰিব দিব পাৰে, যি বিচাৰ কৰা কৰ্মকৰ্তা বা ন্যায়ালয়ৰ নিৰ্দেশ হ`ব পাৰে। (৩)বিচাৰ কৰা কৰ্মকৰ্তা বা ন্যায়ালয়ে আৰু,—

    1. লাইচেন্স বাতিলকৰণ, বজাৰৰ পাৰ খাদ্য বস্তুৰ পুনৰায় ঘূৰাই বিচৰা, গুৰুতৰ আঘাতবা মৃত্যুৰ ক্ষেত্ৰত প্ৰতিষ্ঠান বা সম্পত্তিৰ জব্দকৰণৰ আদেশ;
    2. অন্যান্য ক্ষেত্ৰত ইচ্যু নিষিদ্ধ আদেশ।
     

    ১৭. অনুচ্ছেদ ৬৬. কোম্পানীৰ দ্বাৰা অপৰাধ

    (l) যদি এই আইনৰ অধীনত কোনো ধৰণৰ অপৰাধ কোম্পানীৰ দ্বাৰা সংঘটিত হয়, তেনেহ`লে অপৰাধ সংঘটিত হোৱা সময়ত দায়িত্বত থকা প্ৰত্যেকজন ব্যক্তি, আৰু যি দায়বদ্ধ হয়, কোম্পানীৰ ব্যৱসায় পৰিচালনা কৰাৰ কাৰণে, কোম্পানী নিজে, অপৰাধৰ বাবে দোষী বুলি গণ্য কৰা হ`ব আৰু ইয়াৰ বিৰুদ্ধে সেই অপৰাধ অনুযায়ী শাস্তি প্ৰদান কৰা হ`ব: কিন্তু চৰ্তঅনুসাৰে যদি কোনো কোম্পানীৰ বিভিন্ন সংস্থা বা শাখা বা অন্য কোনো ধৰণৰ ইউনিট বিভিন্ন শাখা বা সংস্থানত থাকে, তেনেহ`লে উক্ত প্ৰতিষ্ঠান, শাখা, বা কোম্পানীৰ দ্বাৰা মনোনীত মূখ্য বিষয়া বা দায়িত্বত থকা ব্যক্তি যি খাদ্য সুৰক্ষাৰ দায়িত্বত থাকে এই আইন উলঙ্ঘনৰ বাবে দোষী সাব্যস্ত হ`ব: কিন্তু এই আইনৰ উপ-ধাৰাৰ অধীনত কোনো ব্যক্তি শাস্তিৰ যোগ্য নহ`বও পাৰে, যদিহে তেওঁ প্ৰমাণ কৰিব পাৰে যে অপৰাধ তেওঁ অজ্ঞাতত সংঘটিত হৈছে আৰু তেওঁ এই ধৰণৰ অপৰাধ সংঘটিত নহ`বৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিছিল।

    (২) উপ-ধাৰাত থকা স্বত্বেও (১), যদি এই আইনৰ অধীনত কোনো ধৰণৰ অপৰাধ সংঘটিত হয় এটা কোম্পানীৰ দ্বাৰা আৰু এইটো প্ৰমাণিত হয় যে অপৰাধ সংঘটিত হৈছে সন্মতি বা মৌন সন্মতি বা কোনো ভূল নিৰ্দেশৰ কাৰণে, কোনো সঞ্চালক, পৰিচালক, সচিব বা অন্য কোনো কোম্পানীৰ বিষয়াৰ দ্বাৰা তেনেহ`লে সেই সকলকো এই অপৰাধৰ কাৰণে দোষী বুলি গণ্য কৰা হ`ব আৰু সেই অনুযায়ী শাস্তি প্ৰদান কৰা হ`ব।

    ব্যাখ্যা

    এই অনুচ্ছেদৰ উদ্দেশ্য: —

    1. “কোম্পানী” মানে কোনো ব্যক্তিৰ দ্বাৰা আইনসংগতভাৱে গঠিত সংস্থা আৰু ইয়াৰ ভিতৰত অন্তৰ্গত কোনো ফাৰ্ম বা অন্য কোনো সমিতি বা অন্তৰ্ভূক্ত সংস্থা; আৰু
    2. “সঞ্চালক” কোনো এখন ফাৰ্মৰ লগত সম্পৰ্কিত, যেনে কোনো ফাৰ্মৰ অংশীদাৰিত্ব থকা।

    ১৮. অনুচ্ছেদ ৬৭. এই আইনৰ অধিনিয়ম সমূহ উলঙ্ঘনৰ কাৰণে জৰিমনাৰ বাহিৰেও অন্য কোনো আইনৰ অধীনত খাদ্যৰ আমদানিৰ ক্ষেত্ৰত জৰিমনা।

    (১) এই আইনৰ অধীনত কোনো ব্যক্তিয়ে আমদানি কৰা খাদ্য যি আইনৰ অধিনিয়ম সমূহ উলঙ্ঘন কৰে, ইয়াৰ অধীনৰ নিয়ম সমূহ, ইয়াৰ বাহিৰেও বৈদেশিক বাণিজ্য (উন্নয়ন আৰু নিয়ন্ত্ৰণ)আইন, ১৯৯২ (১৯৯২ৰ ২২) আৰু গ্ৰাহক আইন, ১৯৬২ (১৯৬২ৰ ৫২) ৰ অনুচ্ছেদ সমূহৰ অধীনত জৰিমনাৰ সন্মুখীন হয় এই আইনৰ অধীনত দোষী সাব্যস্ত হ`ব আৰু তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ`ব।

    (২) বৈদেশিক বাণিজ্য (উন্নয়ন আৰু নিয়ন্ত্ৰণ)আইন, ১৯৯২ (১৯৯২ৰ ২২) আৰু গ্ৰাহক আইন, ১৯৬২ (১৯৬২ৰ ৫২) ৰ অধীনত উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে বা অন্য কোনো আইনৰ অধীনত, যি কোনো খাদ্য সামগ্ৰী ধ্বংস কৰা হ`ব বা আমদানিকৃত সামগ্ৰী ঘূৰাই পঠোৱা হ`ব পাৰে।