মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

মানসিক স্বাস্থ্য পৰিচৰ্য্যা

  • কাৰ্য্যসূচীৰ প্ৰয়োজনীয়তা : চিনাক্ত কৰা হৈছিল যে প্ৰায় ৬০ শতাংশ সাধাৰণ জনতাই স্নায়ু-মানসিক সমস্যা(ৰোগ)ত ভোগে যি বোৰক মেডিকেল যত্নৰ প্ৰয়োজন। এই বিশ্লেষণে নিৰ্দেশ কৰে যে ১৫ শতাংশ দুৰ্ঘটনা বৃদ্ধি পাব ২০২০ চনৰ ভিতৰত। এই ধৰণৰ জনসংখ্যা ৰাজ্যৰ চাৰিওফালে সিঁচৰিত হৈ আছে আৰু স্বাস্থ্য যতন সেৱাই নিশ্চয় ঢুকি পাব লাগিব এই জনসংখ্যাৰ তৃণমূল পৰ্য্যায়ক সামৰি।

    এন এম এইচ পি ৰ লক্ষ্য উদ্দেশ্য :

    • পৰ্য্যাপ্ত আৰু সহজলভ্য মানসিক স্বাস্থ্য যতন সেৱা সকলোৰে বাবে নিশ্চিত কৰা।
    • সাধাৰণ স্বাস্থ্য যতন, মানসিক স্বাস্থ্য জ্ঞান আৰু সমাজিক উন্নতি নিশ্চিত কৰা।
    • মানসিক স্বাস্থ্য যতনত ৰাজহুৱা অংশগ্ৰহণৰ বাবে উৎসাহ যোগোৱা।
    • স্থায়ী ভিত্তিত ৰাজহুৱা মানসিক সেৱাৰ যোগান আৰু আন স্বাস্থ্য সেৱাৰ লগত সংহত ৰূপত কাম কৰা।
    • আগতীয়া চিনাক্তকৰণ আৰু ৰোগীৰ চিকিৎসা।
    • চাব লাগে যে সেইবোৰ ৰোগীয়ে আৰু তেওঁলোকৰ সম্পৰ্কীয়ই দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰিব নালাগে। স্বাস্থ্য সেৱা সহজতে পোৱাৰ ব্যৱস্থা কৰিব লাগে মানসিক বিকাৰগ্ৰস্ত ৰোগীৰ কাৰণে।
    • বৃহৎ বা কেন্দ্ৰীয় মানসিক হাস্পিতেলত হেঁচাটো কম কৰিব লাগে।
    •  মানসিক ৰোগীৰ ক্ষেত্ৰত বৈষম্য আৰু কলংক বা অপবাদ হ্ৰাস কৰিব লাগে।
    • পুনৰসংস্থাপন সেৱাৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা লোকৰ বাবে।
     

    এন এম এইচ পি ৰ সাম্প্ৰতিক অৱস্থা, (জিলা পৰ্য্যায়ত)

    ক. জিলা মানসিক স্বাস্থ্য কাৰ্য্যসূচী ডি এম এইচ পি :

    অসমৰ আঠখন জিলা ইতিমধ্যে সামৰি লোৱা হৈছে। সেইবোৰ হ`ল নগাঁও, গোৱালপাৰা, তিনিচুকীয়া, দৰং, নলবাৰী, মৰিগাওঁ, কাৰ্বি আংলং, কৰিমগঞ্জ। সকলোৰে কেন্দ্ৰ জিলা অসামৰিক হাস্পিতেলত অৱস্থিত। মানৱ সম্পদ (প্ৰতিটো কেন্দ্ৰত কৰ্মচাৰীক) মনোৰোগ বিশেষজ্ঞ, নিদানিক মানসিক চিকিৎসক (৩) মনোৰোগ চিকিৎসা-সামাজিক কৰ্মী (১) নাৰ্ছ (ডি পি এন অৰ্হতা বা মানসিক স্বাস্থ্যৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত (৪) কেচ পঞ্জীয়ক আদি। সকলো কৰ্মচাৰীক নিয়োগ কৰা হৈছিল আৰু সংস্থাপিত কৰা হয়। বহিঃ বিভাগৰ পঞ্জীয়ন আৰু ৰোগীৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈ গৈছে। ত্ৰিশজন ৰোগীৰ কাৰণে অন্তঃ বিভাগৰ ৱাৰ্ডবোৰ সজা হৈছিল নতুবা নতুনকৈ গঠন কৰা হৈছিল। সাধাৰণ চিকিৎসকৰ কাৰণে প্ৰশিক্ষণ কাৰ্য্যসূচী পালন কৰা হৈছিল ৰোগ চিনাক্তকৰণৰ কাৰণে আৰু কিছুমান গৌণ মানসিক কাৰ্য্যসূচী এনেবোৰ অসামৰিক চিকিৎসালয়ত সংগঠিত কৰা হৈছিল। মনোৰোগ প্ৰতিৰোধক দৰব কিছুমান এইবোৰ হাস্পিতেললৈ যোগান ধৰা হয়।

    (খ) মেডিকেল কলেজ :

    মহাবিদ্যালয় অৰ্ন্তভূক্ত কৰা হৈছিল গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ। মনোৰোগ ৱৰ্ড মেৰামত কৰা হৈছিল আৰু আন্তঃ বিভাগৰ ৰোগীৰ সংখ্যা বৃদ্ধি কৰা হৈছিল, মানসিক ৰোগৰ চিকিৎসাৰ কাৰণে স্নাতকোত্তৰ পাঠ্যক্ৰম বৰ্তমান খোলা হ`ব।

    (গ) মানসিক স্বাস্থ্যৰ এল জি বি আঞ্চলিক প্ৰতিষ্ঠান :

    প্ৰতিষ্ঠানখন মেৰামতি কৰা হয় আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয় আন্তঃ বিভাগ আৰু বহিঃ বিভাগ দুয়োবিধৰে সুবিধা বৰ্তমান কৰা হৈছে। প্ৰতিষ্ঠানখনে `মানসিক স্বাস্থ্য জৰীপ কৰিব অসমত। একেটাৰ বাবে প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

    উৎকৃষ্ট কেন্দ্ৰ :

    মানসিক স্বাস্থ্যৰ এল জি বি আঞ্চলিক প্ৰতিষ্ঠান আৰু মেডিকেল কলেজ দুয়োটাকে উৎকৃষ্ট কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। দুয়োটা কেন্দ্ৰই এক বিশেষ অনুদান লাভ কৰে আন্ত গাঁথনি উন্নতি আৰু স্নাতকোত্তৰ আৰু ডিপ্ল`মা পাঠ্যক্ৰম চলোৱা কাৰণে। দুয়োখন প্ৰতিষ্ঠানেই সম্পদ কেন্দ্ৰ হৈ পৰিব শিক্ষায়তন আৰু গৱেষকৰ কাৰণে।

    উদ্ভাৱন :

    • আলোক-সংবেদী আৰক্ষী আৰু মেডিকেল বিষয়া `মানসিক স্বাস্থ্য আইনৰ` ওপৰত অঘৰী আৰু অভিভাৱকহীন মানসিক ৰোগী সকলক উদ্ধাৰ আৰু চিকিৎসা দিয়া সংক্ৰান্তত।
    • প্ৰাকজন্মকালীন গৰ্ভৱতী মহিলাৰ আগতীয়া চিনাক্তকৰণৰ কাৰণে থলুৱা ভাষাত আই ই চি দ্ৰব্যৰ যোগান আৰু মানসিকভাৱে আভাৱজনিত শিশুৰ কাৰণে সহায় পৰ্য্যাপ্ত কৰা।
    • বিদ্যালয়ৰ শিক্ষকবোৰক শিশুমনোবিজ্ঞান আৰু শিশু মানসিক স্বাস্থ্য সমস্যা সম্পৰ্কীয় শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে।
     

    ৰাজ্যিক কাৰ্য্যসূচীৰ শক্তি : বৰ্তি থকা সকলোবোৰ স্বাস্থ্য কেন্দ্ৰক শেহতীয়া আহিলা পাতিৰে উন্নত কৰি তুলিব লাগে আৰু প্ৰয়োজনীয় কৰ্মচাৰীক নিযুক্ত কৰিব লাগে।

    দুৰ্বলতা: প্ৰশিক্ষণৰ অভাৱ। কাৰ্য্যসূচী পৰিচালনা কৰাৰ কাৰণে ধন বিতৰণত পলম। মানসিক স্বাস্থ্য আইনৰ বৈধ ব্যৱস্থাৰ ওপৰত সীমিত জ্ঞান।

    সুযোগ-সুবিধা: বিভিন্ন বিভাগ আৰু আন গুৰি ধৰোঁতাবোৰ ৰাজ্যত পৰ্য্যাপ্ত থাকিব লাগে যুটীয়া অভিযান হিছাপে কাৰ্য্যসূচীৰ সফল ৰূপায়ণৰ কাৰণে।

    ভাবুকি : প্ৰাকৃতিক দুৰ্য্যোগৰ বাহিৰে পুঁজিৰ নাটনি হ`ব পাৰে কৰ্মসূচী ৰূপায়ণত ডাঙৰ ভাবুকি।