মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অসম আৰোগ্য নিধি (এ এ এন)

  • অসম আৰোগ্য নিধিয়ে প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰিছে ১,৫০,০০০ টকালৈকে বিত্তীয় সাহাৰ্য্য প্ৰদান কৰিবলৈ বি পি এল পৰিয়াল সমূহক আৰু যি সমূহ পৰিয়ালৰ মাহিলী আয় ১০,০০০ (দহ হাজাৰ টকা) টকাতকৈ কম তেওঁলোকৰ কাৰণে সাধাৰণ আৰু বিশেষজ্ঞ চিকিৎসা যেনে (i) জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ, (ii) প্ৰাকৃতিক বা মানুহৰ দ্বাৰা সৃষ্ট বিপৰ্য্যয়, যেনে উদ্যোগিক/ফাৰ্ম/ৰ`ড/ৰেইল দুৰ্ঘটনা, বোমা বিস্ফোৰণ ইত্যাদি, জীৱনৰ প্ৰতি ভাবুকি থকা ৰোগ হাৰ্ট চাৰ্জাৰি, কেন্সাৰ, কিডনি আৰু ইউৰিনেৰি ৰোগ, অৰ্থপেডিক, থেলাচেমিয়া, ব`ন মেৰ` ট্ৰেন্সপ্লাণ্ট, এইডচ্, আৰু ক্ৰনিক মানসিক অসুস্থতাৰ সৈতে অস্ত্ৰোপচাৰ চিকিৎসা আদি প্ৰদান কৰিবলৈ। হিতাধিকাৰী সকলক নিৰ্বাচিত কৰা হয় অসম চৰকাৰৰ দ্বাৰা মনোনীত এখন কমিটিৰ দ্বাৰা। এ এ এনৰ অধীনত অনুমোদিত পুঁজিৰ ভাৰত চৰকাৰে ৫০% অংশীদাৰীত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰলৈ।

    সমিটিৰ স্মাৰকলিপি অনুসৰি অসম আৰোগ্য নিধিৰ অধীনত অনুমোদিত প্ৰক্ৰিয়া সমূহৰ বিৱৰণ তলত উল্লেখ কৰা হ`ল:

    ক্ৰঃ নং. শ্ৰেণী পদ্ধতি
    ১. হাৰ্টৰ ৰোগ আৰু হাৰ্টৰ অস্ত্ৰোপচাৰ i. পেচমেকাৰ
    ii. অভ্যন্তৰিণ প্ৰক্ৰিয়া সমূহ নিষ্পত্তি সহ
         এ. টি এম টি
         বি. ই`ককাৰ্ডিঅ`গ্ৰাফি
         চি. এনডিও`প্লাষ্টি
         ডি. চি এ বি জি
    iii. জন্মগত হৃদৰোগৰ কাৰণে অস্ত্ৰোপচাৰ
    iv. অৰ্জিত হৃদৰোগ
    v. ভাস্কুলাৰ অস্ত্ৰোপচাৰ আৰু স্টেণ্টৰ কাৰণে গ্ৰাফ্ট
    vi. হাৰ্ট ট্ৰান্সপ্ল্যাণ্ট
    ২. কেন্সাৰ i. ৰেডয়েশন থেৰাপি
    ii. এণ্টি কেন্সাৰ কেম`থেৰাপি
    ৩. কিডনি আৰু ইউৰিনেৰি ৰোগ i. ডায়লাইচিছ আৰু লগত ব্যৱহৃত সৰঞ্জাম
    ii. ডায়লাইচিছৰ বাবে ভাচকুলাৰ ষ্টাণ্ট পি. চি. এম. আৰু পি. চি. এন. এল. কিট
    iii. লিথট্ৰিপচি
    iv. এণ্ডস্কপিক চাৰ্জাৰি প্ৰক্ৰিয়াৰ কাৰণে ডিচপেবল ষ্টাণ্ট
    v. কিডনি আৰু লিভাৰ ট্ৰেন্সপ্লেণ্ট
    ৪. অৰ্থপেডিক i.  কৃতিম প্ৰষ্ঠেতিক অংঙ্গ
    ii. প্ৰতিষ্ঠাপনৰ কাৰণে হিপ আৰু নি জইণ্ট ইমপ্লাণ্ট
    iii. অভ্যন্তৰিণ ফিস্কয়েট
    iv. হাড়ৰ ৰোগ
    v. এ.ও. ফ্ৰেকচাৰৰ কাৰণে ইমপ্লেণ্ট
    vi. ৰাজ হাড়ৰ অস্ত্ৰোপচাৰ
    ৫. থেলাচেমিয়া i.থেলাচেমিয়াৰ আৰু মেকানিকেল ইনফিওজন পাম্পৰ চিকিৎসাৰ কাৰণে ঔষধ
    ii. তেজৰ পৰিবহণ
    ৬. ব`ন মেৰ প্ৰত্যাৰোপণ  
    ৭. এইডচ  
    ৮. ক্ৰনিক মানসিক অসুস্থতাৰ সৈতে অস্ত্ৰোপচাৰ চিকিৎসা  
    ৯. ৰোগনিৰ্ণয় সংক্ৰান্তিয় কৌশলে সামৰি লয় i. আল্ট্ৰাচাউণ্ড
    ii. ডপলাৰ ৰেডাৰ
    iii. ৰেডিও নিউক্লেইঅটাইড স্কেন
    iv. চি.টি. স্কেন
    v. বিভিন্ন অংগৰ এনডিঅগ্ৰাফি
    vi. এম আৰ আই
    ১০. ড্ৰাগচ i. ইমিওনোচাপ্ৰেচিভ ড্ৰাগচ
    ii. এণ্টি টি বি ড্ৰাগচ
    iii. এণ্টি ডি
    iv. এণ্টি হেম`ফাইল গ্লবোলিন
    v. এৰিথ্ৰপয়েটিন
    vi. জ্বলাৰ ক্ষেত্ৰত তেজ আৰু তেজৰ সামগ্ৰীসমূহ/জ্বলা ৰোগী সকলৰ কাৰণে প্লাজমা

    সকলো চৰকাৰি চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ বাহিৰেও, এ এ এনৰ অধীনত তলত উল্লেখ কৰা চিকিৎসালয় সমূহ অন্তৰ্ভূক্ত:

    ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা চিকিৎসালয় সমূহ:
    1. ইন্দ্ৰপ্ৰস্থ এপ`ল` চিকিৎসালয়, নতুন দিল্লী
    2. বি. এম. বিৰলা, হাৰ্ট ইনষ্টিটিউট, কলকাতা
    3. এছকৰ্ট হাৰ্ট ইনষ্টিটিউট আৰু ৰিৰ্চাছ চেণ্টাৰ লিমিটেড নতুন দিল্লী
    4. নাৰায়ণা হৃদয়ালয়া ইনষ্টিটিউট অফ কাৰ্ডিয়েক চায়েঞ্চ, বাংগালোৰ
    5. অৰৱিন্দ চকু চিকিৎসালয়, মাদুৰাই
    6. মহাৱীৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, হাইদৰাবাদ
    7. কৃষ্ঞা ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চ, হাইদৰাবাদ
    8. মাদ্ৰাজ মেডিকেল মিশ্বন, চেন্নাই
    9. মেক্স হাৰ্ট ইনষ্টিটিউট, নতুন দিল্লী
    10. গ্ল`ৱেল হস্পিতেল, হাইদৰাবাদ/চেন্নাই / বাংগালোৰ
    11. বাত্ৰা চিকিৎসালয়, নতুন দিল্লী
    12. যশোদা চিকিৎসালয়, চেকেন্দ্ৰাবাদ/ হাইদৰাবাদ
    13. অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চ, নতুন দিল্লী
    14. এপ`ল` চিকিৎসালয়, চেন্নাই, হাইদৰাবাদ
    15. খ্ৰীষ্টিয়ান চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ভেলোৰ
    16. কেন্সাৰ ইনষ্টিটিউট আডিয়েৰ, চেন্নাই
    17. টাটা মেম`ৰিয়েল চিকিৎসালয়, মুম্বাই
    18. নেশ্বনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিঅ`ৰ - চায়েঞ্চ (এন আই এম এইচ এছ এন এছ), বেংগলোৰ
    19. স্নাতকোত্তৰ ইনষ্টিটিউট চণ্ডীগড়
    20. গঙ্গাৰাম চিকিৎসালয়, নিউ দিল্লী
    21. প্ৰিঞ্চ এলে খান চিকিৎসালয়, মুম্বাই
    22. এ এম আৰ আই চিকিৎসালয়, চল্ট লেক
    23. মিশ্বন হস্পিতেল, দুৰ্গাপুৰ পশ্চিমবঙ্গ
    24. কে গোবিন্দস্বামী নাইডু মেডিকেল ট্ৰাষ্ট, কইম্বাটোৰ
    25. এপ`ল` গ্লেনাগ্লেলচ চিকিৎসালয় কলকাতা
    26. ধিৰুভাই আম্বানী হস্পিতেল এণ্ড মেডিকেল ৰিৰ্চাছ ইনষ্টিটিউট মুম্বাই
    27. অমৃত ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চ, ক`চি
    28. আৰ্টেমিছ হেল্থ ইনষ্টিটিউট গুৰগাওঁ
    29. এচিয়ান হাৰ্ট ইনষ্টিটিউট মুম্বাই
    30. মেডান্ত – ডি মেজিচিটি, গুৰগাওঁ, হাৰিয়ানা
     

    অসমৰ ভিতৰত প্ৰেৰণ কৰা চিকিৎসালয়:-
    1. ডাউন টাউন, গুৱাহাটী
    2. ইণ্টাৰনেচনেল হস্পিতেল, গুৱাহাটী নেফ্ৰ`লজি
    3. শঙ্কৰদেৱ নেত্ৰলয়া, গুৱাহাটী অফ্থালম`লজি
    4. ড. বি. বৰুৱা কেন্সাৰ, ইনষ্টিটিউট গুৱাহাটী
    5. জি এন আৰ চি/ আই এন এছ, গুৱাহাটী
    6. হায়াৎ হস্পিতেল, ওডালবাক্ৰা, লালগনেশ, গুৱাহাটী-৩৪
    7. নৰ্থ ইষ্ট কেন্সাৰ হস্পিতেল আৰু ৰিৰ্চাছ ইনষ্টিটিউট
    এ এ এনৰ অধীনত অগ্ৰগতি:

    বৰ্তমানলৈকে, ৮২২ জন ৰোগীয়ে অসম আৰোগ্য নিধিৰ অধীনৰ সুবিধা সমূহ লাভ কৰিবলৈ সক্ষম হৈছে।