মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

১০২

  • ১০২ সেৱাসমূহ ১ম চেপ্তেম্বৰ ২০১৩ৰ পৰা ৰাজ্যখনৰ কাৰণে উপলব্ধ কৰা হয়। এই সেৱা প্ৰাথমিক ভাৱে ৰোগীক নিম্নস্তৰৰ চিকিৎসালয়ৰ পৰা উচ্চস্তৰৰ চিকিৎসা সেৱাৰ সুবিধা সমূহলৈ স্থানান্তৰৰ কাৰণে আৰম্ভ কৰা হৈছিল। এই সেৱা ৰাজ্য চৰকাৰৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছিল।

    এই সেৱাৰ অধীনত তলত উল্লেখ কৰা সুবিধা সমূহ উপলব্ধ কৰোৱা হৈছে:

    • ট`ল ফ্ৰী নং `১০২`ত কল কৰাৰ ৩০ মিনিটৰ ভিতৰত এম্বুলেঞ্চ উপস্থিত হ`ব।
    • সকলো ধৰণৰ ৰোগীক নিম্নস্তৰৰ চিকিৎসালয়ৰ পৰা উচ্চস্তৰৰ স্বাস্থ্য চিকিৎসা সেৱাৰ সুবিধা সমূহলৈ স্থানান্তৰ কৰা হ`ব।
    • সেৱা উপলব্ধ হ`ব ২৪x৭।
    • অক্সিজেনৰ বাহিৰেও, সকলো এম্বুলেঞ্চ অত্যাধুনিক আৰু অতি উচ্চমানৰ জীৱন বচোৱা সঁজুলিৰ দ্বাৰা সজ্জিত, পৰিবহণৰ সময়ত প্ৰাক-চিকিৎসা সেৱাৰ কাৰণে এজন প্ৰশিক্ষিত জৰুৰী চিকিৎসা সেৱা কৰ্মী থাকিব।
    • উপলব্ধতা: এই সেৱা অতি সহজে উপলব্ধ কিয়নো কলাৰে কোনো ধৰণৰ বিশেষ কষ্ট কৰিব নালাগে এম্বুলেঞ্চ সন্ধান কৰিবৰ কাৰণে বা চিকিৎসালয়লৈ লৈ যোৱাৰ কাৰণে আৰু খালি মাত্ৰ ৩টা সংখ্যাৰ এটা নম্বৰ ১০২ ডায়েল কৰিব লাগে।