আঁচনিৰ বিষয়ে :
বৃহৎ পৰিমাণৰ দুখীয়া লোকক স্বাস্থ্য যত্ন সেৱাৰ যোগান ধৰাত দাতব্য চিকিৎসালয়ৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। এন এইচ এম, অসমে ব্যক্তিগত চিকিৎসালয়/ন্যাসাধীন চিকিৎসালয়ৰ লগত এম ও ইউ স্বাক্ষৰ কৰিছে মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে জিলাবোৰত বিশেষকৈ পৌৰনিগমৰ ৱাৰ্ডবোৰ প্ৰধানতঃ দায়ী থাকে তলৰ সেৱা সমূহ যোগান ধৰাত পাৰস্পৰিক সন্মতত উপনীত হোৱা হিছাপে।
- নিৰ্বাচিত ৱাৰ্ডত/বিশেষ জিলাকেইখনৰ বস্তি অঞ্চলৰ মহিলা আৰু শিশুৰ স্বাস্থ্য সেৱাসমূহ
- শিশুৰ টিকাকৰণ
- সকলো মহিলাৰ বাবে জন্ম পূৰ্বৰ অৱস্থাত সময়-সূচী পৰিচালনা
- বুনিয়াদি পৰীক্ষাগাৰ সেৱাসমূহ যেনে ৰক্ত, শৌচ-প্ৰস্ৰাৱ পৰীক্ষা সাম্ভাব্য মাতৃগৰাকীৰ
- এই ৱাৰ্ডবোৰৰ কাৰণে চিকিৎসালয়ত গৰ্ভৱতী মাতৃ গৰাকীয়ে সন্তান জন্ম দিব চিকিৎসালয় পৰিচালন কৰ্তৃপক্ষ আৰু জিলা স্বাস্থ্য সমিতিয়ে নিৰ্ধাৰণ কৰা আৰু সিদ্ধান্ত লোৱা হাৰত
- পৰিয়াল কল্যাণ সেৱা ই. জি. ও চি পিল, কণ্ডম, আই ইউ চি ডি অন্তৰ্ভূক্তি আৰু স্থায়ী বিশুদ্ধকৰণ আৰু নিৰাপদ গৰ্ভপাতৰ কাৰণে এম টি পি সেৱাসমূহ চিকিৎসালয় প্ৰাংগনত নিয়মিতভাৱে কৰা হয়
- ও পি ডি সেৱাসমূহ
- জনসংখ্যাৰ স্থিৰতা অনাৰ ওপৰত পৰিয়াল পৰিকল্পনা পদ্ধতিৰ ব্যৱহাৰৰ দ্বাৰা জনসজাগতা সৃষ্টি কৰা
পি পি পিৰ অধীনত দাতব্য চিকিৎসালয়ৰ তালিকা লগতে এন এইচ এম অসম, ২০১৬-১৭
ক্ৰঃ নং. | জিলাৰ নাম | দাতব্য চিকিৎসালয়ৰ নাম |
---|
১ | বৰপেটা | পাঠশালা মেটাৰনিটি, পলিক্লিনিক আৰু গৱেষণা কেন্দ্ৰ |
২ | ছিৰাং | চেণ্ট আগষ্টাইন চিকিৎসালয়, ছিৰাং |
৩ | কাচাৰ | বোৰোচ মেমোৰিয়েল খ্ৰীষ্টান চিকিৎসালয় |
৪ | শিৱ-সুন্দৰী নাৰী শিক্ষাশ্ৰম চিকিৎসালয় |
৫ | ডিমা হাছাও | হলি স্পিৰিট চিকিৎসালয়, হাফলং |
৬ | কামৰূপ মহানগৰ | ছাত্ৰীবাৰী খ্ৰীষ্টান চিকিৎসালয় |
৭ | ৰেজ ক্ৰছ চিকিৎসালয় |
৮ | তিনচুকীয়া | চেণ্ট লুকেচ চিকিৎসালয় |
৯ | শোণিতপুৰ | বৰগাং কেথেলিক চিকিৎসালয় |
১০ | কৰিমগঞ্জ | মাকণ্ড খ্ৰীষ্টান কুষ্ঠ আৰু সাধাৰণ চিকিৎসালয় |
পুঁজি অনোমোদন :
প্ৰতি বছৰত ১৫,০০,০০০ টকাৰ যোগান ধৰা হয় চিকিৎসালয় পৰিচালন সমিতিলৈ ওপৰত উল্লেখিত সেৱাসমূহ আগবঢ়াবলৈ
নিৰ্দ্দেশাৱলী:
- নিৰ্ধাৰিত পুঁজি ব্যৱহাৰ কৰা হয় মাহেকীয়াভাৱে চহৰ/উপকণ্ঠ শিবিৰত, দৰৱত, মানৱ শক্তি আৰু চিকিৎসালয় পৰিচালনাত
দুটা কিস্তিত পুঁজি মুকলি কৰি দিয়া হয়
প্ৰথম অগ্ৰিম মুকলি কৰি দিয়া হয় এক্সন প্লেনত অনুমোদন জনোৱা বিশেষ কামৰ কাৰণে
- দ্বিতীয় আৰু পৰৱৰ্তী অগ্ৰিমবোৰ মুকলি কৰা হয় ৭৫% ইউ চি জমা কৰি আৰু বাকীৰোৱা অগ্ৰিমবোৰৰ প্ৰতিৱেদন পৰীক্ষা কৰিহে
- সেৱাসমূহৰ মাহেকীয়া প্ৰতিৱেদন উল্লেখিত জিলাৰ স্বাস্থ্য সেৱা সমূহৰ যুটীয়া সঞ্চালকৰ ওচৰত জমা দিব লাগে
- চিকিৎসালয়ৰ তথ্য সম্পৰ্কীয় বিভাগীয় নথি হিচাপে আৰু যেতিয়া প্ৰয়োজনবোধ কৰা হয় চিকিৎসালয়ে যোগান ধৰে