মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

আমি কি কৰো

  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় অধীনত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ৰাজ্যখনৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ তত্বাৱধান আৰু উন্নয়নৰ আৰু ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সেৱা সমূহৰ পৰিচালনা আৰু পৰ্য্যবেক্ষণৰ কাৰণে দায়ী। এই বিভাগে আগবঢ়োৱা সেৱা সমূহ হ`ল প্ৰতিৰোধাত্মক স্বাস্থ্য যত্ন সেৱা, স্বাস্থ্য যত্ন সেৱা সমূহ প্ৰচাৰ কৰা, নিয়মিত ৰোগনিৰাময় সেৱা, আৰু পুনৰসংস্থাপন সেৱা ইত্যাদি। এই বিভাগৰ কাৰ্য্যক্ৰম সমূহৰ ভিতৰত অন্তৰ্ভূক্ত প্ৰয়োজনীয় অন্তঃগাঁথনিৰ সৈতে চিকিৎসা প্ৰতিষ্ঠান সমূহ প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণ, ৰাষ্ট্ৰীয় ৰোগ নিৰ্মূল আৰু নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ ৰুপায়ণ, অন্য বহুতো কাৰ্য্যক্ৰমৰ বাহিৰেও সংক্ৰামক আৰু অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ।

    সাধাৰণ নীতি, নিৰ্দেশনা, আইন, এচেম্বলী বিজনেছ, আন্তঃ বিভাগীয় বিষয় আৰু সাধাৰণতে বিভাগীয় প্ৰধানৰ দ্বাৰা মোকলাই দিয়া নীতি আৰু আঁচনি সমূহৰ কাৰ্য্যকৰীতাৰ সমীক্ষা মূল্যায়ণৰ মাজতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ নিজে সীমিত।

    স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ প্ৰধানতঃ সাংবাধানিক নিয়ম সমূহ প্ৰণয়ন, সকলো নাগৰিকৰ স্বাস্থ্য পৰিচৰ্য্যা সম্বন্ধিত অধিসূচনা বা আদেশ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কাৰ্য্যসূচীৰ অধীনত আঁচনি সমূহৰ সম্বন্ধিত বিত্তীয় অনুমোদন আদেশ জ্ঞাপন কৰাৰ কাৰণে দায়ী।