মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

মহিলা কৰ্মচাৰী সকলৰ কাৰণে শিশু পৰিচৰ্য্যা ছুটী

  • ক. অৱলোকন:

    মহিলা কৰ্মচাৰী যাৰ নাবালক শিশু (শিশু ১৮ বছৰ বয়স পৰ্য্যন্ত) থাকে শিশু পৰিচৰ্য্যা ছুটীৰ অনুমোদন পাব পাৰে (চি চি এল) তেওঁলোকৰ গোটেই কৰ্মজীৱনত কৰ্তৃপক্ষৰ দ্বাৰা যোগ্যতা অনুযায়ী সৰ্বোচ্চ দুই বছৰৰ বাবে( অৰ্থাৎ ৭৩০ দিন) দুটি শিশুৰ প্ৰতিপালন বা প্ৰয়োজন সমূহ পূৰণ কৰিবৰ কাৰণে যেনে পৰীক্ষা, অসুখ ইত্যাদিত।

    খ. যোগ্যতা:

    মহিলা কৰ্মচাৰী যাৰ নাবালক শিশু আছে (শিশু ১৮ বছৰ বয়স পৰ্য্যন্ত)

    গ. পৰিস্থিতি:

    ১. শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) সন্তানৰ বয়স ১৮ বছৰৰ বেছি হলে গ্ৰহণযোগ্য নহ`ব।
    ২.     শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) প্ৰৱেচনৰ সময়ত গ্ৰহণযোগ্য নহ`ব।
    ৩.   শিশু পৰিচৰ্য্যা ছুটীৰ ধৰণ (চি চি এল) আৰ্জিত ছুটীৰ নিচিনা হ`ব আৰু সেই ধৰণে শনিবাৰ, দেওবাৰ, আৰু গেজেটেড ছুটীৰ দিন ইত্যাদি ছুটীৰ সময়সীমাৰ ভিতৰত হলে সেই সমূহ শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) হিছাবে গণ্য কৰা হ`ব যেনেকৈ আৰ্জিত ছুটীৰ ক্ষেত্ৰত।
    ৪.    শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) অধিকাৰৰ বিষয় হিছাবে দাবী কৰা নহয় আৰু কোনো পৰিস্থিতিতেই কোনো কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ অনুমতি অবিহনে শিশু পৰিচৰ্য্যা ছুটী গ্ৰহণ কৰিব নোৱাৰিব।
    ৫.    ইচ্ছাকৃত অনুপস্থিতি বা অনাধিকাৰ অনুপস্থিতিৰ সময় শিশু পৰিচৰ্য্যা ছুটী (চি চি এল)লৈ ৰূপান্তৰ কৰিব নোৱাৰিব।
    ৬.   ইতিমধ্যে অনুমোদন প্ৰাপ্ত বা আৰ্জিত ছুটী বা অন্য কোনো ধৰণৰ ছুটী ইতিমধ্যে গ্ৰহণ কৰা শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) লৈ পৰিৱৰ্তন কৰা নহয়।
    ৭.     এখন আৱেদন শিশু পৰিচৰ্য্যা ছুটী (চি চি এল)ৰ অনুমোদনৰ কাৰণে কোনো এগৰাকী মহিলা কৰ্মচাৰীৰ যি ইতিমধ্যে ছুটীত আছে ( চি চি এলৰ বাহিৰে) ভাৰতৰ ভিতৰত বা ভাৰতৰ বাহিৰত, যিয়ে তেওঁৰ শিশু পৰিচৰ্য্যা ছুটী (চি চি এল)ৰ অনুমোদনৰ কাৰণে আৱেদন কৰে বিবেচিত কৰা হ`ব যদিহে তেওঁৰ ছুটী শেষ হোৱাৰ এমাহৰ আগতে আৱেদন কৰে। যদি শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদন কৰা নহয় তেওঁৰ ছুটী শেষ হোৱাৰ আগতে, তেনেহ`লে তেওঁ তেওঁৰ কৰ্তব্যত যোগদান কৰিব লাগিব।
    ৮.   শিশু পৰিচৰ্য্যা ছুটী (চি চি এল)ৰ সময়ত এল টি চি প্ৰযোজ্য নহয়।

    ঘ. শিশু পৰিচৰ্য্যা ছুটী (চি চি এল)ৰ সময়ত এল টি চি গ্ৰহণ কৰিব পাৰিনে:

    শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) শিশু সকলৰ যত্নৰ কাৰণে প্ৰদান কৰা হয়, শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) এল টি চি ৰ সময়ত প্ৰযোজ্য নহয়।

    ঙ. শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) অন্য কোনো ধৰণৰ ছুটীৰ লগত সংলগ্ন হ`ব পাৰেনে:

    হয় শিশু পৰিচৰ্য্যা ছুটী (চি চি এল) অন্য কোনো ধৰণৰ ছুটীৰ লগত সংলগ্ন হ`ব পাৰে যদিহে গ্ৰহণ যোগ্য আৰু উপযুক্ত হয়।