মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

আয়ুস শৈক্ষিক অনুস্থান

  • ১. চৰকাৰী. আয়ুৰ্বেদিক কলেজ, গুৱাহাটী – ১৪

    চৰকাৰী আয়ুৰ্বেদিক কলেজ, গুৱাহাটী – ১৪ সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ মাজত, ঔষধৰ ভাৰতীয় ব্যৱস্থাৰ এটা অগ্ৰণী প্ৰতিষ্ঠান। ইয়াক ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ তীৰৰ নীলাচল পাহাৰৰ পাদদেশত জালুকবাৰী গুৱাহাটীত এই কলেজ অৱস্থিত। পূৰ্বতে এই কলেজখন গৌহাটি বিশ্ববদ্যালয়ৰ দ্বাৰা অনুমোদিত আৰু এতিয়াও পুৰণি শিক্ষাৰ্থী সকলে তেওঁলোকৰ পাঠ্যক্ৰম এই বিশ্ববিদ্যালয়ৰ অধীনতে অব্যাহত ৰাখিছে। ৰাজ্যত স্বাস্থ্য বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পিছত, কলেজৰ শিক্ষাদান, গৱেষণা আৰু পৰীক্ষা ইত্যাদি সমূহ ২০১০ চনত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, স্বাস্থ্য বিজ্ঞান, অসমৰ অধীনলৈ অনা হয়।

    মহাবিদ্যালয় ক্ষেত্ৰ৪৬ বিঘা ভূমি(প্ৰায়)
    অধিকৃত ক্ষেত্ৰ১০ বিঘা ভূমি(প্ৰায়) মহাবিদ্যালয় গৃহ, চিকিৎসালয়, হোষ্টেল, গ্ৰন্থাগাৰ, ডিটিএল, ৰাজ্যিক আয়ুৰ্বেদিক ফাৰ্মাচি
    মুকলি ঠাইখেলা ঠাই(প্ৰায় ৬ বিঘা)
    ২ (দুই) ঔষধি উদ্ভিদৰ বাগিছা(প্ৰায় ১০ বিঘা)
    ব্যৱহৃত ক্ষেত্ৰ১০ বিঘা (প্ৰায়)

    পাঠ্যক্ৰম সমূহ

    ডি এ এম এছ ১৯৪৮ পৰা ১৯৭৩ লৈকে
    বি এ এম এছ ১৯৭৪ৰ পৰা বৰ্তমানলৈকে
    ডি. ফাৰ্মা(আয়ুৰ) ১৯৮৯ পৰা
    এম ডি/এম এছ(আয়ুৰ)২০০১ৰ পৰা বৰ্তমানলৈকে
    পি এইচ. ডি ২০০৮ৰ পৰা বৰ্তমানলৈকে

    বিভাগ সমূহ :

    চৰকাৰ কৰ্তৃত্ব ১৪ টা বিভাগ আছে, অধিসূচনা নং. এইচ এল বি.২২২/২০০৩/১২৩ তাৰিখ ২য় এপ্ৰিল'২০০৮ চি চি আই এম নিয়ম মতে. সেইসমূহ হৈছে-

    ১. কায়া চিকিৎসা
    ২.     শৈল্য
    ৩.   শালক্য
    ৪.    সংস্কৃত, সংহিতা আৰু সিন্ধান্ত
    ৫.    প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰীৰোগ
    ৬.   কৌমাৰভৃত্য
    ৭.     পঞ্চকৰ্ম
    ৮.   স্বাস্থ্যভৃত্য
    ৯.    দ্ৰব্যগুণ (ফাৰ্মাক`ল`জী আৰু মেটেৰিয়া মেডিকা)
    ১০. ৰসশাস্ত্ৰ আৰু ভেষজ্য কল্পনা (ৰিজুভেনেটিভ আৰু ফাৰ্মাচিউটিকেল চায়েঞ্চ)
    ১১.  অগদা তন্ত্ৰ আৰু বিধি শাস্ত্ৰ (টক্সিক`ল`জী, ফৰেন্সিক মেডিচিন এণ্ড মেডিকেল জুৰিচপ্ৰুদেন্স)
    ১২.  ৰোগ নিদান আৰু বিকৃতি বিজ্ঞান
    ১৩. ৰচনা শৰীৰ (এনাট`মী)
    ১৪.  ক্ৰিয়া শৰীৰ (ফিজিঅ`ল`জী)

    বৰ্তমান ১৪ (চৈধ্য)টা বিভাগত ৩৬ জন কাৰ্য্যক্ষমতা থকা সদস্য আছে কিন্তু বহুকেইটা বিভাগ চি চি আই এমৰ নিয়ম অনুযায়ী উচ্চ আৰু নিম্ন কাৰ্য্যক্ষমতা থকা সদস্যৰ অভাৱত ভূগিছে, যদিও কিছুসংখ্যক মেডিকেল অফিচাৰ বিভিন্ন বিভাগত সংযুক্ত শিক্ষক হিছাবে নিযুক্ত হৈছে কিন্তু নিয়মিত পদসমূহ এতিয়াও বিভিন্ন কাৰণত খালি হৈ আছে।

    চিকিৎসালয়ে সেৱাসমূহ :

    সৰ্বমুঠ বিছনা শক্তি : ২০০ বিছনা.
    ২.     ও পি ডি, আই পি ডি, কেজুৱেলিটি, পঞ্চকৰ্মা সেৱা ইত্যাদি উপলব্ধ সম্পৰ্কিত বিভাগত।
    ৩.   পেথল`জীকেল পৰীক্ষাগাৰ সেৱা সমূহ কেৱল মাত্ৰ ও পি ডিৰ সময়ৰ কাৰণেহে উপলব্ধ। ২৪X৭ ৰোগীৰ কাৰণে উন্নত কৰা হ`ব।
    ৪.    এক্স-ৰে, ইউ এছ জি, ই চি জিৰ সেৱা সমূহ কেৱল মাত্ৰ ও পি ডিৰ সময়ৰ কাৰণেহে উপলব্ধ। ২৪X৭ ৰোগীৰ কাৰণে উন্নত কৰা হ`ব।
    ৫.    ও টি অস্ত্ৰোপচাৰ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ, চকু ও টি আদিও উপলব্ধ।
    ৬.   দৈনিক ও পি ডি ৰোগীৰ উপস্থিতি গড় : ১৮০
    ৭.     আই পি ডি গড় দৈনিক বিছনা পূৰ্ণ কৰণ : ৭০
    ৮.   চিকিৎসালয়ত খাদ্যৰ সুবিধা উপলব্ধ।
    ৯.    জন্ম আৰু মৃত্যু পঞ্জীয়ন শাখা উপলব্ধ।
    ১০. এন এইচ এম শাখা সুবিধাভোগী কাৰ্য্যক্ৰমৰ সৈতে উপলব্ধ।
    ১১.  প্ৰতিষেধক শাখা উপলব্ধ। ১২.  ঔষধ বিতৰণ শাখা আৰু চিকিৎসালয় ঔষধ ষ্ট`ৰো উপলব্ধ।

    ২. এছ জে এন হোমিওপ্যেঠিকচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, পাঞ্জাবাৰী।

    এই মহাবিদ্যালয় খনে বৰ্তমান বি এইচ এম এছ পাঠ্যক্ৰম আৰম্ভ কৰিছে আৰু বি এইচ এম এছ পাঠ্যক্ৰমৰ প্ৰৱেশ ক্ষমতা হ`ল ৫০ জন/বছৰি। এখন ২৫ খন বিছনা যুক্ত চিকিৎসালয়ো চিকিৎসালয় খনৰ ভিতৰত সংলগ্ন হৈ আছে। উপলব্ধ সেৱা সমূহ তলত উল্লেখ কৰা হ`ল

    • ও পি ডি/ এই পি ডি
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • ইউ চি জি
    • ই চি জি
    • য়োগা

    অসম হোমিওপ্যেঠিকচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নগাওঁ :

    এই মহাবিদ্যালয় খনে বৰ্তমান বি এইচ এম এছ পাঠ্যক্ৰম আৰম্ভ কৰিছে আৰু বি এইচ এম এছ পাঠ্যক্ৰমৰ প্ৰৱেশ ক্ষমতা হ`ল ৫০ জন/বছৰি। এখন ২৫ খন বিছনা যুক্ত চিকিৎসালয়ো চিকিৎসালয় খনৰ ভিতৰত সংলগ্ন হৈ আছে।
    উপলব্ধ সেৱা সমূহ তলত উল্লেখ কৰা হ`ল,

    • ও পি ডি/ এই পি ডি
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • ইউ চি জি
    • ই চি জি

    ৩. ড. জে. কে. এছ হোমিওপ্যেঠিকচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট

    এই মহাবিদ্যালয় খনে বৰ্তমান বি এইচ এম এছ পাঠ্যক্ৰম আৰম্ভ কৰিছে আৰু বি এইচ এম এছ পাঠ্যক্ৰমৰ প্ৰৱেশ ক্ষমতা হ`ল ৫০ জন/বছৰি। এখন ২৫ খন বিছনা যুক্ত চিকিৎসালয়ো চিকিৎসালয় খনৰ ভিতৰত সংলগ্ন হৈ আছে।
    উপলব্ধ সেৱা সমূহ তলত উল্লেখ কৰা হ`ল,

    • ও পি ডি/ এই পি ডি
    • পৰীক্ষাগাৰ
    • এক্স-ৰে
    • ইউ চি জি
    • ই চি জি