অংগ দান হৈছে কোনো এজন ব্যক্তিৰ অংগ সংগ্ৰহ কৰা তেওঁ বা তাইৰ মৃত্যুৰ পিছত অন্য কোনো ব্যক্তিক স্থাপন কৰাৰ উদ্দেশ্য। যি ব্যক্তিয়ে অংগ দান কৰে তেঁওক দাতা বুলি কেৱা হয় আৰু যি যন ব্যক্তিয়ে অংগ গ্ৰহণ কৰে তেঁওক গ্ৰহণকাৰী বুলি কোৱা হয়।
আমি সকলোৱেই অংগ দাতা হ`ব পাৰো, বয়স, জাতি, ধৰ্ম, সম্প্রদায়, বৰ্তমান বা অতীতৰ মেডিকেল অৱস্থা যিয়েই নহৱক কিয়। মাক-দেউতাকৰ পৰা অংগ দানৰ কাৰণে অনুমতি গ্রহণৰ পিছত শিশুও দাতা হ`ব পাৰে।
কিন্তু সক্রিয় কেন্সাৰ, সক্রিয় এইচআইভি, সক্রিয় সংক্ৰমন (উদাহৰণ স্বৰূপে, চেপচিচ) বা অন্তঃসত্ত্বা (আই.ভি.) ড্রাগ ব্যবহাৰ কৰা সকল কিছু বিৰূদ্ধ সংকেত। হেপাটাইটিচ-চি ৰোগীয়ে যাৰ হেপাটাইটিচ চি আছে তেনেকুৱা ৰোগীক অংগ দান কৰিব পাৰে। কিন্তু হেপাটাইটিচ-বিৰ ক্ষেত্রতো একেই কথা কিন্তু খুব কম ক্ষেত্রতহে এইটো ঘটে। সকলো কেন্সাৰ ৰোগীয়ে অংগ দান কৰিব পাৰে।
হৃদপিণ্ড, লিভাৰ, কিডনী, অন্ত্র, হাওঁফাওঁ ও অগ্নাশয়ৰ নিচিনা গুৰুত্বপূৰ্ণ অংগসমূহ 'মস্তিষ্কৰ মৃত্যু' ক্ষেত্রতহে মাত্ৰ দান কৰা যায়। কিন্তু কাৰ্নিয়া, হাৰ্ট ভাল্ভ, ছাল, হাড় প্রভৃতি অন্যান্য টিচু প্রাকৃতিক মৃত্যুৰ ক্ষেত্রতহে দান কৰা যায়।
অংগ গ্ৰহণকাৰীৰ কাৰণে, এটা সংৰোপণ প্রায়েই জীৱনৰ এটা দ্বিতীয় সুযোগ বুলি গন্য কৰা হয়। হৃদপিণ্ড, অগ্নাশয়, যকৃৎ, বৃক্ক আৰু হাওঁফাওঁ নিচিনা গুৰুত্বপূৰ্ণ অংগসমূহ সংৰোপন হ`ব পাৰে যাৰ অংগ ব্যৰ্থ হয়। ই অনেক গ্ৰহণকাৰীক স্বাভাৱিক জীৱন ধাৰালৈ ঘূৰি অহাত সহায় কৰে। অন্যসকলৰ কাৰণে, কৰ্ণিয়া বা টিচু সংৰোপণৰ অৰ্থ হ`ল আকৌ দেখা পোৱা বা গতিশীলতাৰ পুনৰুদ্ধাৰ আৰু বেদনাৰ পৰা মুক্তি।
পঞ্জীয়ন কৰণ এটা আৱশ্যকীয় অংশ সাম্ভাব্য দাতা সকল কোন আৰু ক`ৰ তাক ধাৰণা কৰাৰ কাৰণে। পঞ্জীয়নে পৰিকল্পনাকাৰীক যথেষ্ট তথ্য প্ৰদান কৰে অংগ দানৰ বিষয়ে জনসাধাৰণৰ সহযোগিতা আৰু প্রতিশ্রুতিৰ কাৰণে। এটুকুৰা জেগাৰ পঞ্জীয়নে চিকিৎসক আৰু প্ৰত্যাৰোপণ সমন্বয়কাৰীক এইটো জনাত সহায় কৰে যে মস্তিষ্ক মৃত ব্যক্তিয়ে দান কৰিবলৈ ইচ্ছা কৰে নেকি আৰু পিছত সন্মতিৰ কাৰণে পৰিয়ালৰ সন্মতি লোৱাত সহায় কৰে।
অংগ দান আইনে দূখী পৰিয়ালক সান্ত্বনা দিয়াৰ ক্ষমতা আছে। প্রিয়জনক হেৰুৱাটো সদায় কঠিন। অংগ দানকাৰীৰ পৰিয়াল এই বুলি সান্তনা পায় যে তেওঁলোকৰ ক্ষতিয়ে অন্যৰ জীৱন বচোৱাত বা ৰক্ষা কৰাত সহায় কৰিব পাৰিছে। ইয়াক বুজিবলৈ কৰা অধ্যায়নৰ পৰা গম পোৱা গৈছে পৰিয়াল সমূহত হোৱা ক্ষতিৰ বা কোনো এজন ব্যক্তিৰ দূখ দূৰ কৰাত পৰিয়ালৰ সদস্য সকলৰ সমৰ্থনে সহায় কৰে। বন্ধু, ধাৰ্মিক আৰু কৃষ্টিগত বিশ্বাসৰ সমৰ্থনেও দাতাৰ পৰিয়ালক সহায় কৰে। অধিকাংশ দাতাৰ পৰিয়ালে অংগ দান কৰিবলৈ সন্মতি দিয়ে কাৰণ তেওঁলোকে অনুভৱ কৰে যে এইটোৱেই একমাত্ৰ ইতিবাচক ফলাফল যি তেওঁলোকক তেওঁলোকৰ ক্ষতিৰ পৰা মুক্তি দিব।
ভাৰতত অংগ দান আৰু প্ৰত্যাৰোপণৰ লগত জড়িত প্ৰাথমিক আধিনিয়ম, মানৱ অংগ প্ৰত্যাৰোপণ আইন, ১৯৯৪ত প্ৰণয়ন কৰা হৈছিল অপসাৰণৰ নিয়মাৱলী, মানৱ অংগ সংগ্ৰহ আৰু প্ৰত্যাৰোপণ চিকিৎসা বিদ্যাগত উদ্দেশ্যেৰে আৰু মানৱ অংগৰ বাণিজ্যিক লেনদেনৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য কৰি।
হৃদপিণ্ড সম্বন্ধীয় মৃত্যুৰ পিছত অংগ আৰু টিচু দান কৰিব পাৰিব। যেতিয়া এজন ব্যক্তিৰ হৃদৰোগত মৃত্যু হয়, হৃদপিণ্ডই কাম কৰা বন্ধ কৰে। মহত্বপূৰ্ণ অংগ সমূহ সোনকালে প্ৰত্যাৰোপণৰ কাৰণে অনুপযোগী হৈ পৰে। কিন্তু তেওঁলোকৰ টিচু-যেনে হাড়, ছাল, হাৰ্টৰ ভাল্ভ আৰু কৰ্ণিয়া-মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত দান কৰিব পাৰি।
অংগ দানে এজন ব্যক্তিৰ সুস্থ অংগ আৰু টিচু অন্য এজন ব্যক্তিক প্ৰত্যাৰোপণ কৰা বুজায়। বিশেষজ্ঞৰ মতে এজন দাতাই ৫০ জনতকৈয়ো বেছি মানুহৰ জীৱন বচাব বা সহায় কৰিব পাৰে। দান কৰিব পৰা অংগ সমূহৰ ভিতৰত হ`ল বৃক্ক, হৃদপিণ্ড, যকৃৎ, অগ্নাশয়, অন্ত্ৰ, হাওঁফাওঁ, আৰু ছাল।
জীৱিত দানকাৰীয়ে সম্ভাব্য দান কৰিব পাৰে:
• দুটাৰ ভিতৰত এটা বৃক্ক। বৃক্ক হৈছে এজন জীৱিত ব্যক্তিৰ অতিকৈ সঘনে দান কৰা অংগ।
• যকৃৎৰ দুটা ল`বচৰ ভিতৰত এটা।
• হাওঁফাওঁৰ এটা অংশ বা এটা হাওঁফাওঁ, অগ্নাশয়ৰ অংশ, বা অন্ত্রৰ অংশ।
আপুনি যদি এটা অংগ বা টিচু দাতা হ`বলৈ নিৰ্বাচন কৰিছে তেনেহ`লে গোটেই শৰীৰটোৰ দান সাধাৰণতে এটা বিকল্প নহয়। কিন্তু চকু দাতাক এতিয়াও স্বীকাৰ কৰা হয়। কিছুমান মেডিকেল স্কুল আৰু গৱেষণা সংস্থাও আছে যি গৱেষণাৰ কাৰণে অংগ দানকাৰীক গ্রহন কৰিব পাৰে।
প্ৰতি বছৰে, প্ৰত্যাৰোপণৰ কাৰণে অপেক্ষা কৰা সময়ত বহুতো মানুহৰ মৃত্যু হয়, কিয়নো তেওঁলোকৰ কাৰণে উপযুক্ত দাতা বিছাৰি পোৱা নাযায়।
অংগৰ অভাৱৰ কাৰণে ৫০০,০০০ মানুহ মৃত্যু মুখত পৰে।
• যকৃৎৰ ৰোগৰ কাৰণে ২০০,০০০ মানুহ মৃত্যু মুখত পৰে।
• হৃদ ৰোগত ৫০,০০০ মানুহ মৃত্যু মুখত পৰে।
• ১৫০,০০০ মানুহ এটা বৃক্ক প্ৰত্যাৰোপণৰ কাৰণে অপেক্ষা কৰে কিন্তু মাত্র ৫০০০ জনেহে পায়।
• ১,০০০,০০০ লক্ষ মানুহ কৰ্ণিয়াৰ অন্ধত্বৰ দ্বাৰা প্ৰভাৱিত আৰু প্ৰত্যাৰোপণৰ কাৰণে অপেক্ষা কৰে।
পৰিসংখ্যাৰ মতে ৰাষ্ট্ৰীয় ভাৱে,১.২ মিলিয়ন মানুহৰ জনসংখ্যাৰ লগত, ০.০৮ জন ব্যক্তি প্ৰতি এক মিলিয়ন জনসংখ্যাৰ কাৰণে অংগ দাতা হিছাবে আছে(পি এম পি)। ই পৃথিৱীৰ সকলো জনসংখ্যাৰ তুলনাত এক অবিশ্বাস্যভাৱে সৰু আৰু মহত্বহীন সংখ্যা হয়।
ইউ এছ এ, ইউ কে, জাৰ্মানি, নেদাৰলেণ্ডৰ নিচিনা দেশত `পাৰিবাৰিক সন্মতি` ব্যৱস্থাৰ প্ৰচলন আছে য`ত জনসাধাৰণে দাতা হিছাবে স্বাক্ষৰ কৰে, আৰু এই ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ সন্মতিৰ প্ৰয়োজন। (এই দেশসমূহত প্ৰতি মিলিয়ন জনসংখ্যাত দাতা দুগুন হৈছে গড়ে ১০-৩০ হিছাবত)। চিংগাপুৰ, বেলজিয়াম, স্পেইন সহ অন্য দেশ সমূহত `স্বীকাৰ কৰা সন্মতি`ৰ আগ্ৰাসী পদ্ধতি আছে য`ত অংগ দান গতানুগতিক ভাৱে কাৰ্য্যকৰী হয় যদিহে দানকাৰীয়ে তেওঁৰ জীৱন কালত স্পষ্টভাৱে বিৰোধিতা নকৰে। এই দেশ সমূহত দাতাৰ সংখ্যা দুগুন দেখা যায়, গড়ে ২০-৪০ পি এম পি মাধ্যমত।
আমি বুজি পাওঁ যেতিয়া আপুনি অপোনাৰ প্ৰিয়জনক হেৰুৱাই তেতিয়া অংগ দানৰ বিষয়ে চিন্তা কৰা কঠিন, কিন্তু অংগ দান এটা উদাৰ আৰু উপযুক্ত সিদ্ধান্ত যি অনেকৰ জীৱন বচাব পাৰে। দানৰ দ্বাৰা, এজন ব্যক্তিয়ে প্ৰায় ৭ জন লোকৰ জীৱন বচাব পাৰে আৰু টিচু দানৰ দ্বাৰা ৫০ জন ব্যক্তিৰ জীৱন ধাৰাক উন্নত কৰিব পাৰে।