মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অসমৰ স্বাস্থ্য সূচক

অসমৰ স্বাস্থ্য সূচক:

অসম, ভাৰত তথা উত্তৰপূৰ্বাঞ্চল সকলোতকৈ বেছি জনবহুল ৰাজ্য হয় য`ত প্রায় ৭খন ৰাজ্যৰ সমগ্ৰ অঞ্চলৰ ৭০% জনসংখ্যা লগ লাগি আছে যাক সাত ভনী ৰূপতো জনা যায়। এই ৰাজ্যখন, ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৩ কোটি জনসংখ্যাৰ ৰাজ্য, প্ৰায় ৮৬% জনসংখ্যা গাওঁ অঞ্চলত আৰু চৰহ অঞ্চলত প্ৰায় ১৪% জনসংখ্যাই বসবাস কৰে।

২০১২-১৩ চনত সাৰ্বজনিক স্বাস্থ্যৰ ওপৰত ৰাজ্যখনৰ খৰচ প্ৰায় ১,৫৩৯ কোটি আছিল, যাৰ ভিতৰত ১৩৫৩ কোটি টকা চিকিৎসা আৰু সাৰ্বজনিক স্বাস্থ্যৰ কাৰণে খৰচ কৰা হৈছিল আৰু পৰিয়াল কল্যাণ যোজনাত ১৮৫ কোটি টকা খৰচ কৰা হৈছিল। ২০১৬-১৭ চনৰ বাজেটত, চৰকাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আঁচনিৰ কাৰণে প্ৰায় ৩,৯৯৪ কোটি টকা অবণ্টিত কৰিছিল যাৰ ভিতৰত ৰাজ্যখনৰ স্বাস্থ্যৰ খণ্ডৰ চোৱাচিতাৰ প্ৰয়োজনীয়তাৰ উন্নতিও সামৰি লোৱা হৈছিল।

নেশ্বনেল হেল্থ চাৰ্ভে IV অনুযায়ী, অসমৰ স্বাস্থ্য পৰিসংখ্যাই দেখায় যে ৫ বছৰৰ তলৰ কম বয়সী ২৯.৮% শিশু জোখতকৈ কম ওজনৰ। ইয়াৰ বাহিৰেও, ৯-৫৯ মাহৰ বয়সৰ ভিতৰত প্ৰায় ৩৫.৭% শিশু ৰক্তহীনতাত ভোগা আৰু প্ৰায় ২৫.৭% মহিলাৰ শৰীৰৰ ভৰ সূচক (বি এম আই)স্বাভাৱিকতকৈ কম। ২০১৪ চনৰ নেশ্বনেল চেম্পল চাৰ্ভে (এন এছ এছ ও)ৰ মতে, অসমৰ চহৰ অঞ্চলৰ চিকিৎসালয় সমূহত ভৰ্তিৰ খৰচ ভাৰতৰ ভিতৰত সৰ্ব্বোচ্চ। অসমৰ চহৰ অঞ্চলৰ চিকিৎসালয় সমূহত ভৰ্তিৰ গড় ব্যয় হৈছে ৪৭,০৬৪ আই এন আৰ, ইয়াৰ বাহিৰেও এইটোও সত্য যে ৫১% জনসংখ্যাই ৰাজহুৱা চিকিৎসালয় আৰু ৪৮.৫% জনসংখ্যাই ব্যক্তিগত চিকিৎসালয় ব্যৱহাৰ কৰে। লক্ষনীয় ভাৱে, গ্ৰামাঞ্চল ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে একমাত্ৰ ৰাজ্য য`ত চিকিৎসালয়ত ভৰ্তিৰ খৰচ সৰ্বনিম্ন। অসমৰ গ্ৰামাঞ্চলত চিকিৎসালয়ত ভৰ্তিৰ গড় খৰচ ৬,৯৬৬ টকা, য`ত ৮৯.২%এ ব্যক্তিগত চিকিৎসালয় ব্যৱহাৰ কৰে। ই স্পষ্টভাৱে প্ৰকাশ কৰে যে চহৰ অঞ্চলৰ দ্বাৰা ব্যক্তিগত চিকিৎসালয়ত ৫০% নিৰ্ভৰশীলতাই ব্যপক ভাৱে স্বাস্থ্য সেৱাৰ খৰচৰ লগত যোগ হৈছে।

এম এফ এইচ এছ-IVৰ নিচিনা অন্য গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱা সূচক সমূহে, দেখুৱাই যে সাৰ্বজনীক স্বাস্থ্যৰ ক্ষেত্ৰত অসম এখন গুৰুত্বপূৰ্ণ ৰাজ্য। শিশুৰ মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰ ৪০ৰ বিপৰীতে অসমত ৪৮ টা। পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰৰ সৈতে পৰিস্থিতি আৰু বেছি বেয়া, যি ৫৬ হৈছেগৈ। যদিও ২০০৫-৬ চনৰ এন এফ এইচ এছ ৩ মতে ৮৪ৰ পৰা উল্লেখযোগ্য উন্নতি হৈছে। ২০১১-১৩ চনত মাতৃ মৃত্যুৰ হাৰ দেশৰ ভিৰতৰে সকলোতকৈ বেছি যি ৩০০ গৰাকী হয়, প্ৰতি এক লাখ জীৱিত জন্মৰ ১৬৭ টা ৰাষ্ট্ৰীয় গড়ৰ বিপৰীতে।


অসমৰ বৰ্তমান স্বাস্থ্য সূচক সমূহক নিৰ্বাচন কৰক:

শিশুৰ মৃত্যুৰ হাৰ (আই এম আৰ) ৪৮ (এন এফ এইচ এছ IVৰ মতে)

পাঁচ বছৰৰ তলৰ মৃত্যুৰ হাৰ (ইউ ৫ এম আৰ) ৫৬ (এন এফ এইচ এছ IVৰ মতে)

সম্পূৰ্ণ টিকাকৰণে সামৰি লৈছে ৪৭% (এন এফ এইচ এছ IVৰ মতে)

শিশুৰ পুষ্টিৰ অৱস্থা (৫ বছৰৰ তলৰ শিশু যাৰ জোখতকৈ ওজন কম২৯.৮%) – (এন এফ এইচ এছ IVৰ মতে)

শিশুৰ সকলৰ মাজত এনিমিয়া (শিশুৰ বয়স ৬-৫৯ মাহ যাৰ এনিমিয়া আছে ৩৫.৭%) -(এন এফ এইচ এছ IVৰ মতে)

মহিলাৰ শৰীৰৰ ভৰ সূচক বি এম আই জোখতকৈ কম ২৫.৭% (এন এফ এইচ এছ IVৰ মতে)

মাতৃ মৃত্যুৰ হাৰ (এম এম আৰ) ৩০০ (এছ আৰ এছ বুলেটিন ২০১১-১৩ মতে)

প্ৰত্যাশিত বয়স জন্মত পুৰুষৰ ৬৩.৬ আৰু মহিলাৰ ৬৪.৮, ৰাষ্ট্ৰীয় গড় ৬৭.৩ আৰু ৬৯.৬ যথাক্ৰমে।