এটা জন্মগত হৃদপিণ্ড ৰোগ (চি আই ডি), এটা জন্মগত হৃদপিণ্ডৰ অস্বাভাৱিকতা বা জন্মগত হৃদৰোগ হিছাবেও পৰিচিত, জন্মৰ সময়ত থকা হৃদপিণ্ডৰ সংৰচনাৰ এটা সমস্যা। লক্ষণ আৰু উপসৰ্গ সমূহ নিৰ্দিষ্ট ধৰণৰ সমস্যাৰ ওপৰত নিৰ্ভৰ কৰে। লক্ষণ সমূহে কাৰোবাৰ জীৱনৰ প্ৰতি অশংকাৰ সৃষ্টি কৰে বা কাৰোবাৰ কাৰণে নকৰে।
জন্মগত হৃদৰোগ (সিএইচডি) হৃদপিণ্ডৰ গঠন আৰু জন্মৰ সময় উপস্থিত গুৰুত্বপূৰ্ণ ধমনী সমূহৰ এটা ত্রুটি। হৃদপিণ্ডৰ বিসংগতি সমূহ সৰ্বাধিক জন্মগত ত্রুটিৰ ভিতৰত এটা আৰু ই হ'ল জন্ম দুৰ্ঘটনাৰ লগত সম্পৰ্কিত মৃত্যুৰ প্রধান কাৰণ। ১০০০ জনৰ ভিতৰত ৯ জন শিশু জন্মগত হৃদৰোগৰ সৈতে জন্ম লয়। চিকিৎসাৰ খৰচ খুব ব্যয়বহুল। অসম চৰকাৰে জন্মগত হৃদৰোগৰ কিশোৰ-কিশোৰী সকলৰ কাৰণে বিনামূলীয়া চিকিৎসা আৰম্ভ কৰিছে।
নাৰায়না হৃদয়ালয়া চিকিৎসালয় বেঙ্গালুৰু আৰু কলকাতাত।
এই আঁচনিৰ অধীনত, অসম চৰকাৰে চিকিৎসাৰ সময়ত বাংগালুৰু / কলকাতা আৰু অসমৰ মাজত ৰোগী আৰু এজন অভিভাৱকৰ কাৰণে বিমানৰ ভাড়া, নাৰায়না হৃদয়ালয়া বাংগালুৰু আৰু কলকাতাত থকা খোৱা সমস্থ খৰচ বহন কৰে।
ই অসম চৰকাৰৰ দ্বাৰা প্ৰযোজিত আঁচনি। এই আঁচনিখন ১ম জুলাই ২০১০ পৰা কাৰ্যকৰী হয়। অভিভাৱক জন অসমৰ স্থায়ী বাসিন্দা হ`ব লাগিব আৰু বাৰ্ষিক আয় অধিক হ`ব নালাগিব।
৬.০০ লাখ টকা প্ৰতি বছৰে। ০-১৪ বছৰ বয়সৰ শিশুসকল এই আঁচনিৰ কাৰণে উপযুক্ত।