মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

স্বাস্থ্য সম্পৰ্কে ইঙ্গিত আৰু বাৰ্তা

মেলেৰিয়া

মেলেৰিয়া মহে কামোৰাৰ কাৰণে সংক্ৰমিত হয়। মহে কামোৰাৰ পৰা প্ৰতিৰোধৰ সকলোতকৈ ভাল উপায় হ`ল কীটনাশক প্ৰয়োগ কৰা অথবা ব্যৱহাৰ কৰা।

যক্ষ্মা

টি বি আৰোগ্যসাধ্য, পৰীক্ষা সমূহ সাধাৰণ, চিকিৎসা বিনামূলীয়া, টি বিৰ উত্তৰ হ`ল ডটচ।

প্ৰতিষেধক

  • প্ৰতিষেধক তৎক্ষনিক হোৱা উচিত। প্ৰত্যক জন শিশুৱে প্ৰস্তাৱিত প্ৰতিষেধকৰ ক্ৰম সম্পূৰ্ণ কৰিব লাগে। প্ৰাৰম্ভিক সুৰক্ষা গুৰুত্বপূৰ্ণ: প্ৰতিষেধক প্ৰথম আৰু দ্বিতীয় বছৰত বিশেষ ভাৱে গুৰুত্বপূৰ্ণ। প্ৰস্তাৱিত প্ৰতিষেধক সমূহ সম্পন্ন কৰাৰ কাৰণে সকলো মাক-দেউতাক বা অভিভাৱকে এজন প্ৰশিক্ষিত স্বাস্থ্য কৰ্মীৰ উপদেশ লোৱা উচিত।
  • এটি শিশু যি কম অসুস্থ বা অক্ষমতা আৰু অপুষ্টিত আক্ৰান্ত প্ৰতিষেধক দিয়াটো নিৰাপদ।
  • সকলো গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ নৱজাতকক টিটেনাচৰ বিৰুদ্ধে সুৰক্ষিত কৰা প্ৰয়োজন। যদিও এগৰাকী মহিলাক আগেত প্ৰতিষেধক প্ৰদান কৰা হৈছিল, তেওঁ এজন প্ৰশিক্ষিত স্বাস্থ্য কৰ্মীৰ দ্বাৰা পৰীক্ষা কৰা উচিত টিটেনাচ টক্সাইডৰ প্ৰতিষেধকৰ বিষয়ে।

নিৰাপদ গৰ্ভাৱস্থা

  • গৰ্ভৱতী হোৱাৰ লগে লগেই স্বাস্থ্য কেন্দ্ৰত প্ৰাৰম্ভিক পঞ্জীয়ন।
  • আই এফ এ টেবলেট নিয়মিত ভাৱে খোৱা।
  • প্ৰাক-জন্মগত চেক-আপৰ কাৰণে স্বাস্থ্য কেন্দ্ৰৰ ওচৰ চাপক।
  • গৰ্ভাৱস্থাত অপুনি কিমান ওজন বঢ়াব লাগে তাৰ বিষয়ে জানক।
  • গৰ্ভৱস্থাত ওজন যাতে নকমে তাৰ প্ৰতি ধ্যান ৰাখক।
  • গৰ্ভৱস্থাত সুৰা, চিগাৰেত আৰু ৰাস্তাৰ ঔষধ ব্যৱহাৰ নকৰিব। ইয়াক বাধা দিবলৈ বা কমাবলৈ কেতিয়াও দেৰি নহয়।
  • গৰ্ভৱস্থাত ঔষধ বা ভেষজ চাহ বা পৰিপূৰক গ্ৰহণ কৰাৰ আগতে আপোনাৰ স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ  লগত
    আলোচনা কৰি লওক।
  • যদি আপোনাৰ প্ৰসৱ বেদনাৰ লক্ষণে দেখা দিয়ে তেনেহ`লে অনতিপলমে আপোনাৰ স্বাস্থ্য সেৱা প্ৰদানকাৰীক কল কৰক।
  • জনা যায় যে মহিলা সকল শক্তিশালী আৰু জন্ম দিবলৈ যথেষ্ট সক্ষম।
  • আপোনাৰ সন্তানৰ স্বাস্থ্য ৰক্ষাৰ হেতু আপোনাৰ সন্তান জন্ম দিয়া সময় সলনি হ`ব পাৰে ইয়াৰ বাবে সচেতন হৈ থাকক।
  • এজন শিশুৰোগ বিশেষজ্ঞক বিছাৰি ৰাখক সি বা তাইৰ জন্মৰ আগতে।

স্তনপান

স্তনৰ গাখিৰেই হ`ল এটি শিশুৰ প্ৰথম ছয় মাহৰ বাবে উত্তম খাদ্য আৰু পানীয়।

নৱজাতকক জন্মৰ লগে লগে মাকৰ সংস্পশলৈ আনিব লাগে। নৱজাতকৰ মাকৰ শৰীৰৰ লগত সম্পৰ্ক হ`ব লাগে আৰু জন্মৰ এক ঘণ্টাৰ ভিতৰত স্তনপান কৰাব লাগে।

সকলো মাকে সুস্থ ভাৱে স্তনপান কৰাব পাৰে। সঘনাই কৰা স্তনপানে অধিক গাখিৰ উৎপন্ন হোৱাত সহায় কৰে। নৱজাতকক কমেও ৮ বাৰ স্তনপান কৰাব লাগে, দিনে ৰাতিয়ে যেতিয়াই বিছাৰে।

স্তনপানে শিশু আৰু কিশোৰ সকলক বিপদজ্জনক বেমাৰৰ পৰা ৰক্ষা কৰে। ই মাক আৰু শিশুৰ মাজত বিশেষ সম্পৰ্ক গঢ়ি তোলে।

কেন্সাৰ

কেন্সাৰ প্ৰতিৰোধৰ কাৰণে আপুনি কিছু পদক্ষেপ লব পাৰে

  • আপোনাৰ প্ৰতিৰক্ষা প্ৰণালীক সহায় কৰা খাদ্য খাওক।
  • প্ৰচুৰ ফল মূল আৰু সেউজীয়া শাক পাচলি খাওক যিবোৰ সমৃদ্ধ আৰু গভীৰ ৰঙৰ।
  • দূৰত থাকক, চেনি জাতীয় খাদ্যৰ পৰা দূৰত থাকক।
  • পৰিৱেশৰ বিষাক্ত পদাৰ্থৰ পৰা দূৰত থাকক।
  • দৈনিক ব্যায়াম কৰক।
  • ধূম্ৰপান নকৰিব।

এইচ আই ভি/এইডচ্‌ প্ৰতিৰোধ

  • অসুৰক্ষিত যৌনতা এৰাই চলক, কণ্ডম ব্যৱহাৰ কৰক।
  • নৃতাত্বিক ড্ৰাগ ব্যৱহাৰৰ এৰাই চলক।
  • এইচ আই ভি/এইডচ্‌ৰ পৰীক্ষণৰ কাৰণে ওচৰৰ আই চি টি চি কেদ্ৰত যাওক।

সাধাৰণ স্বাস্থ্য সম্পৰ্কে ইংগিত

এটা প্ৰসংগ য`ত এজনৰ জীৱনত স্বাস্থ্যই গুৰুত্বপূৰ্ণ আৰু জীৱনৰ উন্নত মানদণ্ডৰ ভূমিকা পালন কৰে। স্বাস্থ্যৰ উন্নয়ন স্বাস্থ্য বিজ্ঞানৰ অগ্ৰগতি আৰু প্ৰয়োগৰ মাধ্যমেৰে নহয় বৰঞ্চ ব্যক্তি ও সমাজৰ প্ৰয়াস আৰু বুদ্ধিমান জীৱনধাৰণৰ বিকল্পসমূহৰ মাধ্যমেৰে স্বাস্থ্যৰ ৰক্ষণাবেক্ষণ আৰু উন্নতি কৰা হয়। এটা ভাল স্বাস্থ্য বৰ্তাই ৰখাৰ কাৰণে কিছুমান মৌলিক ইংগিত।

    • ব্যায়াম
      আপুনি এটা জিম বা ক্লাৱৰ সদস্য হ`ব নালাগে। দৈনিক ৩০ মিনিট খোজ কাঢ়িলে ওজন বঢ়াত বাধা দিব আৰু ওজন কমেৱাত সহায় কৰিব।
    • স্বাস্থ্যকৰ খাদ্য খাওক

চৰ্বি কমাই আনক, চেনি কমাই দিয়ক আৰু ফলমূল আৰু শাক পাচলিৰ ওপৰত জোৰ দিয়ক। ই কলেষ্ট`ৰেল আৰু ৰক্তচাপ কমাব। স্বাস্থ্যকৰ খাদ্যৰ দ্বাৰাও তেজত শৰ্কৰাৰ নিয়ন্ত্ৰণ হ`ব পাৰে।

    • মানসিক চাপ কমাওক

আমি যি বিছাৰো সেয়া সকলো আমি নাপাওঁ। আমি স্বীকাৰ কৰা উচিত যে এনে কিছু বস্তু আছে য`ত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। সময়ক সুব্যৱহাৰ কৰাটো এটা গুৰুত্বপূৰ্ণ কাম। আমি আমাক আমাৰ কাম সমূহ সম্পন্ন কৰাৰ কাৰণে যথেষ্ট সময় দিয়া উচিত। দিনটোৰ ভিতৰত এটা সময় বিশ্ৰাম কৰিবৰ কাৰণে নিৰ্ধাৰণ কৰক।

    • নিদ্ৰাৰ উন্নতি

কেফেইন, সুৰা, নিকটিন, আৰু অন্য ৰসায়ন সমূহ পৰিহাৰ কৰক যিয়ে নিদ্ৰাত ব্যাঘাত জন্মাব পাৰে। নিজৰ শোৱনি কোঠাটো আৰাম দায়ক তুলি আৰু গাৰুৰে সজাই তোলক। এটা অন্ধকাৰ, পৰিষ্কাৰ আৰু শান্ত পৰিবেশত শোৱক।

    • ধ্যান

ধ্যান বিভিন্ন ধৰণৰ স্বাস্থ্য লাভৰ লগত জড়িত। ই মেটাবলিজিম, ৰক্তচাপ, মস্তিষ্কৰ সক্ৰিয়কৰণ, আৰু অন্য শাৰীৰিক প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে।

    • ইতিবাচক চিন্তা

যি ব্যক্তিয়ে ইতিবাচকভাৱে চিন্তা কৰে আৰু জীৱনৰ প্ৰতি এটা অশাবাদী দৃষ্টি ৰাখে ই তেওঁলোকৰ স্বাস্থ্য আৰু সুখ-সমৃদ্ধিত প্ৰভাৱ পেলায়। আশাবাদক ব্যক্ত কৰা হৈছে যে কিছু স্বাস্থ্য অৱস্থাৰ উন্নয়ন, বিশেষকৈ কাৰ্ডিঅ`ভাচকুলাৰ ৰোগ, ষ্ট্ৰ`ক, বিষন্নতা আৰু কেন্সাৰ সহকাৰে ভাবুকিৰ মাধ্যমত ৫-১০%ৰ পাৰ্থক্য ব্যখ্যা কৰাৰ কাৰণে দেখুওৱা হৈছে।