যদিও, চাহগছ ৰোপণ শ্ৰমিক আইন ১৯৫১ অনুসৰি আৰু অসম বৃক্ষৰোপণ আইন নীতি, ১৯৫৬ মতে চাহ বাগিছাৰ স্বাস্থ্য যত্ন সেৱাৰ দায়িত্ব চাহ বাগিছা পৰিচালনা সমিতিৰ। কিন্তু বাস্তৱত চাহ খণ্ডৰ জনসংখ্যাৰ সৰহ সংখ্যকে উপযুক্ত স্বাস্থ্য যত্নৰ পৰা বঞ্চিত হয়। বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে অসমে বহুত বেছি মাতৃ মৃত্যু হাৰৰ (এম এম আৰ) সন্মুখীন হ`ব লগা হৈছে আৰু অধিক চাহ বাগান জনসংখ্যাযুক্ত জিলা সমূহত এম এম আৰ বহুত বেছি (প্ৰতি লাখত ৪০৪ সংখ্যাক জীৱিত জন্ম)।
সৰ্বাত্মক স্বাস্থ্য সেৱা যত্নৰ লগতে পৰীক্ষাৰ সা-সুবিধাৰ যোগান ধৰাৰ উদ্দেশ্যে এন এইচ এম অসমে ভাৰত চৰকাৰৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিছে চাহ বাগিছা এলেকাৰ প্ৰকাশ্য স্বাস্থ্য যত্ন সেৱাৰ বাবে ৮০ খন উৎসৰ্গীত ভ্ৰাম্যমান মেডিকেল গোটৰ বন্দোৱস্ত কৰা হৈছে। আঁচনিখনে বাহিৰা উৎস আদৰ্শ কাৰ্যকৰী কৰাৰ কাৰণে বিৱেচনা কৰিছে, ভাৰত চৰকাৰৰ নিৰ্ধাৰিত মান অনুযায়ী, এম/এছ হিন্দুস্তান লেটেক্স পৰিয়াল পৰিকল্পনা উন্নয়ন ট্ৰাষ্টৰ জৰিয়তে (এইচ এল এফ পি পি টি) যিটোক বাছনি কৰা হয় মুক্ত নিবিদা পদ্ধতিৰ জৰিয়তে।
প্ৰতিটো এম এম ইউ গঠিত হয় ২ (দুই) খন গাড়ীৰে। প্ৰথম খনত ও পি ডি পৰীক্ষাগাৰৰ সা-সুবিধা, আই ই চি সা-মগ্ৰী আৰু দ্বিতীয়খন ব্যৱহাৰ কৰা হয় এম এম ইউৰ দলটো পৰিবহন কৰাৰ বাবে।
প্ৰতিটো এম এম ইউত থাকে এজন মেডিকেল বিষয়া, এজন এ এন এম, এজন ফাৰ্মাছিষ্ট, পৰীক্ষাগাৰৰ কাৰিকৰ, এজন নেত্ৰ বিশেষজ্ঞ, দুজন চালক আৰু এজন হেণ্ডিমেন।
প্ৰথম পৰ্য্যায়ত, ৩২০ খন চাহ বাগিছা বাছনি কৰা হৈছিল আঁচনিখন কাৰ্য্যকৰী কৰাৰ বাবে ৮০ খন এম এম ইউৰ জৰিয়তে য`ত প্ৰতিখন এম এম ইউয়ে প্ৰতি মাহত ৪ (চাৰি)খনকৈ বাগিছা সামৰি ল`ব পাৰে।
পৰৱৰ্তি পৰ্য্যায়ত এই আঁচনিৰ অধীনত আৰু বেছি চাহ বাগিছা সামৰি ল`ব পৰা হ`ব। একেলগে থকা ৪-৫ খন চাহ বাগিছাৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এটা গোট গঠন কৰা হয় আৰু প্ৰতিটো থুপ বা গোটৰ মাজত এখন এম এম ইউক নিযুক্ত কৰা হৈছে।
এম এম ইউৰ উদ্দেশ্য হ`ল সৰ্বাত্মক প্ৰাথমিক স্বাস্থ্যযত্নৰ যোগান ধৰা যি মানসিক স্বাস্থ্য, শিশু স্বাস্থ্য, কিশোৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰে গঠিত। সংক্ৰমিত ৰোগ যেনে, মেলেৰিয়া, জে ই, টি বি, কুষ্ঠ ইত্যাদি আৰু অসংক্ৰমিত ৰোগবোৰ যেনে, উচ্চৰক্তচাপ, মধুমেহ আৰু অন্ধত্ব নিয়ন্ত্ৰণ আদিও সামৰি লোৱা হ`ব।