মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সাফল্যৰ বিৱৰণ

অটল অমৃত অভিযান

প্ৰতিবছৰে প্ৰায় ৬৩ মিলিয়ন ভাৰতীয়ই স্বাস্থ্য সেৱা কেন্দ্ৰৰ ব্যয়বহুল খৰচৰ কাৰণে দৰিদ্ৰতাৰ দিশে আগুৱাই গৈছে। বি পি এল জনসংখ্যা আৰু নিম্ন আয়ৰ পৰিয়াল সমূহ বহুত বেছি অসুৰক্ষিত স্বাস্থ্যৰ প্ৰতি ভাবুকি থকা ৰোগ সমূহৰ প্ৰতি আৰু সেইকাৰণে দৰিদ্ৰতাৰ শৰণাপন্ন হ`ব লগা হয়। এই গুৰুত্বপূৰ্ণ বিষয়টোৱে, যিয়ে সাধাৰণ মানুহৰ সম্পদৰ অপচয় কৰে এই চৰকাৰৰ মনোযোগত অগ্ৰগতি কৰিছে।

সবিশেষ বিৱেচনাৰ পিছত, আৰু প্ৰধানতঃ আমাৰ জনসংখ্যা সন্মুখীন হোৱা ভাবুকি সমূহৰ মোকাবিলা কৰিবৰ কাৰণে, ২০১২ চনৰ ২৫ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে অটল অমৃত অভিযানৰ আৰম্ভণি কৰে। এই ঐতিহাসিক প্ৰকল্পই ৬ টা গুৰুত্বপূৰ্ণ বৈশিষ্টৰ ক্ষেত্ৰত কম আয়ৰ পৰিয়ালৰ কাৰণে প্ৰয়োজনীয়, জঞ্জাল-মুক্ত আৰু সুবিধাজনক নগদবিহীন চিকিৎসা প্ৰদানৰ প্ৰচেষ্টা কৰে। এই আঁচনিয়ে অসমৰ সকলো জিলাক সামৰি লয়।

এই আঁচনিৰ আঁওতাৰ ৰোগসমূহ হ`ল:

  • কেন্সাৰ
  • হৃদৰোগ
  • বৃক্কৰ ৰোগ
  • মস্তিষ্ক বিকৃতি
  • নৱজাতকৰ ৰোগ আৰু
  • পোৰা 
 

এই আঁচনিৰ উদ্দেশ্য হ`ল:

ৰাজ্যৰ বাহিৰত আৰু ভিতৰৰ চিকিৎসালয়ত চিহ্নিত ছটা বৈশিষ্টৰ কাৰণে গুণগত তাত্বিক চিকিৎসা সেৱা তালিকাভূক্ত নেটৱৰ্কৰ মাধ্যমেৰে অস্ত্ৰোপচাৰ ও থেৰাপিৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰসীমা ৰেখাৰ ওপৰৰ (পৰিয়ালৰ বাৰ্ষিক মাহিলী আয় ৫ লাখ টকা)প্ৰৱেশ উন্নত কৰা।

বিস্তৃত এলেকা সমৰি: অসমৰ ৯২ শতাংশ যোগ্য জনসংখ্যা সামৰি এই আঁচনি খন ৰাজ্যজুৰি বাস্তবায়িত কৰা হ`ব।

ছটা পদ্ধতি সহ অনুসৰণীয় পেকেজসমূহত প্ৰায় ৪৩৮ অস্ত্ৰোপচাৰ/থেৰাপি/পদ্ধতিৰ আঁওতাত প্ৰকল্পটো আৰম্ভ কৰা হয়।

এই পদ্ধতি সমূহ কেৱল ৰাজ্যৰ ভিতৰত আৰু কলকতা, বাঙ্গালুৰু, চেন্নাই, নতুন দিল্লী আৰু মুম্বাইৰ নিৰ্বাচিত চহৰ সমূহত তালিকাভূক্ত ৰাজহুৱা/ব্যক্তিগত চিকিৎসালয় সমূহৰ মাধ্যমত সম্পাদন কৰা হ`ব।

এই প্ৰস্তাৱিত আঁচনিৰ অধীনত সকলো ৰোগ (প্ৰাক বিদ্যমান সহ) প্ৰথম দিনৰ পৰাই সামৰি লোৱা হ`ব।

  • আৰ্থিকসুবিধা: সম্পূৰ্ণ নগদবিহীন ভিত্তিত অনুমোদিত পদ্ধতি আৰু অন্যান্য পৰিসেৱাসমূহত প্ৰতি বছৰে ২ লাখ টকা পৰ্য্যন্ত।
  • সম্পূৰ্ণনগদবিহীন: তালিকাভূক্ত সুবিধাভোগী বাৰ কোড যুক্ত কাৰ্ডৰ সৈতে নেটৱৰ্ক চিকিৎসালয়লৈ যাব আৰু আঁচনিৰ অধীনত কোনো অৰ্থ প্ৰদান নকৰাকে বাহিৰ হৈ আহিব পাৰে।
  • পেকেজৰহাৰ: পেকেজৰ হাৰৰ ভিতৰত আলোচনা, ঔষধ, ৰোগ পৰীক্ষা, খাদ্য, চিকিৎসালয়ৰ খৰচ ইত্যাদি অন্তৰ্ভূক্ত কৰা হয়।
 

এই আঁচনিয়ে বি পি এল আৰু এ পি এল পৰিয়াল সমূহক অন্তৰ্ভূক্ত কৰিব যাৰ বাৰ্ষিক আয় পাঁচ লাখ টকাতকৈ কম।

  • যোগ্য পৰিয়ালৰ প্ৰত্যেকজন প্ৰাপ্তবয়স্ক সদস্যক এখন লেমিনেটেড কাৰ্ড প্ৰদান কৰা হ`ব একক চিনাক্তকৰণ সংখ্যা থকা।
  • এই আঁচনি তালিকাভুক্ত বি পি এল পৰিয়াল সমূহৰ কাৰণে বিনামূল্য।
  • সকলো যোগ্য এ পি এল পৰিয়ালে নূন্যতম ৰাশি ১০০/- টকা পৰিশোধ কৰিব লাগে তালিকাভূক্তি আৰু পুনঃনৱীকৰণৰ কাৰণে।
 

আঁচনিৰ বৰ্তমান স্থিতি:

এই আঁচনিৰ অধীনত ১৩ খন জিলাত কাৰ্ডৰ বিতৰণ আৰম্ভ কৰা হৈছে সেই কেইখন হ`ল ডিব্ৰুগড়, মাজুলি, কাচাৰ, ধুবুৰী, কৰিমগঞ্জ, কাৰ্বিআংলং, বাক্সা, কামৰূপ গ্ৰাম্য, যোৰহাট, শিৱসাগৰ, গোলাঘাট, ওদালগুৰি, হাইলাকান্দি আৰু কৰিমগঞ্জ। অন তিনিখন জিলাত যেনে নগাওঁ, মৰিগাওঁ, আৰু শোণিতপুৰত তালিকাভূক্তক অতি সোনকালে আৰম্ভ কৰা হ`ব। এই আঁচনিখন ৰূপায়ণ কৰিবৰ কাৰণে ইতমধ্যে এটা ৰূপায়ণত সহায় কৰা সংস্থা (আই এছ এ) নিবিদা ব্যৱস্থাৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হৈছে।

এই ছয় বিধ শ্ৰেণীৰ ৰোগৰ কাৰণে যিসকল ৰোগীক তাৎক্ষানিক চিকিৎসাৰ প্ৰয়োজন তেওঁলোকক ৰোগৰ পৰা উপশম কৰাৰ কাৰণে, বিত্তীয় বৰ্ষ ২০১৬-১৭ আৰু ২০১৭-১৮, অসম চৰকাৰে চিকিৎসাৰ খৰচ ২ লাখ টকালৈকে ব্যয়পূৰণ কৰাৰ সিন্ধান্ত লৈছে, যেতিয়ালৈকে কাৰ্ড ব্যৱস্থাৰ ৰূপায়ণ হয়।

এই প্ৰয়াসৰ প্ৰথম পৰ্য্যায়ৰ পৰিশোধ পক্ৰিয়াত, ২০১৭ চনৰ শেষলৈ মুঠ ৩২৩৬ জন ৰোগীয়ে সাহাৰ্য্য লাভ কৰিছে। আন পাঁচজন ৰোগীক বিশেষ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হৈছে। বিশেষভাৱে আন ৫ জন ৰোগীক আৰ্থিক সহায়তা দিয়া হয়। দ্বিতীয় পৰ্য্যায়ত মুঠ ৬০৯৩ জন হিতাধিকাৰীক উপকৃত কৰা হৈছিল আৰু ৭ চেপ্তেম্বৰ ২০১৭ ৰ দিনা সুবিধাখিনি বিতৰণ কৰা হৈছিল। এই ৬০৯৩ জন হিতাধিকাৰীৰ মাজত বিতৰণ কৰা আৰ্থিক সাহাৰ্য্যৰ মুঠ পৰিমাণ হ’ল ৩১,২৪,৯৮,১৪৮ টকা।

ক্ৰমিকনংজিলামুঠহিতাধিকাৰীৰসংখ্যা১০,০০০টকাৰঅধিকসাহাৰ্য্যলাভকৰাহিতাধিকাৰীৰসংখ্যা১০,০০০টকাৰকমসাহাৰ্য্যলাভকৰাহিতাধিকাৰীৰসংখ্যা
বাক্সা১২২৯৫২৭
বৰপেটা৫১৫৩৫৫১৬০
বংগাইগাওঁ১২৮১০৯১৯
কাছাৰ৮৮৯৪৪৪৫
চিৰাং৪৪৩৬
দৰং১৯৭১৪৩৫৪
ধেমাজি৩৫৩৩
ধুবুৰী২৫৩২০৭৪৬
ডিব্ৰুগড়১৬৭১২০৪৭
১০ডিমা হাছাও১২১২
১১গোৱালপাৰা১৬৯১২৮৪১
১২গোলাঘাট২৩৫১৫৯৭৬
১৩হাইলাকান্দি৬৭৪১২৬
১৪যোৰহাট২৫৯১৬৪৯৫
১৫কামৰূপ(মহানগৰ)৩২৯২৭০৫৯
১৬কামৰূপ(গ্ৰাম্য)৬৬৬৫২৫১৪১
১৭কাৰ্বি আংলং৯৬৭২২৪
১৮কৰিমগঞ্জ১৭২১১৯৫৩
১৯কোকৰাঝাৰ৭৮৬২১৬
২০লক্ষীমপুৰ২৮৯১৯২৯৭
২১মাজুলী৪৪২১২৩
২২মৰিগাওঁ২৫৬১৮৪৭২
২৩নগাওঁ২৮৯৩১০৭৯
২৪নলবাৰী৪৩১২৯১১৪০
২৫শিৱসাগৰ২৫৮১৬৫৯৩
২৬শোণিতপুৰ৪৪৬৩০৬১৪০
২৭তিনিচুকীয়া১১০৯০২০
২৮ওদালগুৰি২৩৭১৬৫৭২
মুঠ৬০৯৩৪৪১৮১৬৭৫

২০১৬-১৭-১৮ অৰ্থবৰ্ষত এন.এইচ.এম.ৰ অধীনত ৰোগভিত্তিক এএএ হিতাধিকাৰী

এএএ. ৰঅধীনৰৰোগস্বীকৃতহিতাধিকাৰীৰসংখ্যা%দেনাৰপৰিমাণ%
কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ১০৬০১৭.৪০%৭১৪৫০৮৭৭২২.৮৬%
কৰ্কট৩৪৫৯৫৬.৭৭%১৫৮৬৫৪৬৬২৫০.৭৭%
বৃক্ক ৰোগ৮৮১১৪.৪৬%৪৯০০৬৬৫৬১৫.৬৮%
নিঅ’নেটেল ৰোগ৩৫০।৫৭%২১৬৩১৩৬০.৬৯%
নিউৰ’লজিকেল অৱস্থা সমুহ৬০৬৯.৯৫%২৯৩৪৪৪৭৩৯.৩৯%
বাৰ্ণচ৫২০.৮৫%১৮৭৮৩৪৪০.৬০%
মুঠ৬০৯৩ ৩১২৪৯৮১৪৮