মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

জ্বলন অঘাতৰ প্ৰতিৰোধ আৰু প্ৰৱন্ধনৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম

সমস্যাৰ গুৰুত্বতা

"জ্বলন" সমগ্ৰ বিশ্বৰে এটা প্ৰধান ৰাজহুৱা স্বাস্থ্য কাৰ্য্যসূচী। প্ৰকৃততে, মেলেৰিয়া আৰু যক্ষ্মা ৰোগতকৈ বেছি সংখ্যক লোক জ্বলনৰ কাৰণে মৃত্যু মুখত পৰে। ডব্লিউ এইচ ওৰ প্ৰতিৱেদন ২০১৪ৰ মতে, ভাৰতত, ১, ০০০, ০০০ বেছিসংখ্যক লোক সাধাৰণ বা গম্ভীৰৰূপে জ্বলনৰ সন্মুখীন হয়। দিল্লীৰ ৩খন চৰকাৰী চিকিৎসালয়ৰ পৰা পোৱা পূৰ্বতথ্য অনুযায়ী, প্ৰায় ১.৪ লাখ মানুহৰ জ্বলনৰ ফলত হোৱা আঘাতৰ কাৰণে মৃত্যুৰ মুখত পৰে। ই বুজায় জ্বলনৰ কাৰণে প্ৰতি ৪ মিনিটত এজনৰ মৃত্যু। বেছি সংখ্যক জ্বলা লোক সমাজৰ অসুৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভূক্ত। জ্বলনৰ সন্মুখীন হোৱা লোকৰ দুৰ্ভোগ আৰু বেছি হয় যেতিয়া দীৰ্ঘম্যাদী চিকিৎসাৰ কাৰণে চিকিৎসালয়ত থাকিব লগীয়া হয় আৰু একাধিক সংশোধনমূলক প্লাষ্টিক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, যাৰ ফলত কষ্টৰো সৃষ্টি হয়।

যিকিনহওক, জ্বলনৰ সন্মুখীন হোৱা ৰোগী সকলৰ কাৰণে মৃত্যু আৰু অক্ষমতা প্ৰতিৰোধযোগ্য হয় যদি প্ৰশিক্ষিত কৰ্মীৰদ্বাৰা দ্বাৰা সময়মতে উপযুক্ত চিকিৎসা প্ৰদান কৰা হয়।

জ্বলনৰ ব্যৱস্থাপনা এটা মেডিকেল চুপাৰ স্পেচেলিয়েটিৰ এটা স্বতন্ত্ৰ শাখা। যিকিনহওক, প্ৰশিক্ষণপ্ৰাপ্ত মানৱশক্তি আৰু উৎসৰ্গীকৃত বাৰ্ণ ইউনিট প্ৰায় আমাৰ দেশত বিদ্যমান নহয়। ১১তম পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ সময়ত সমস্যাৰ গুৰুত্বতা অনুভৱ কৰি এটা পাইলট প্ৰকল্প অনুমোদিত হয়।

জ্বলনৰ আঘাত প্ৰতিৰোধৰ কাৰণে পাইলট প্ৰকল্প (পি পি পি বি আই) – ১১ম পঞ্চবাৰ্ষিক পৰিকল্পনা:

২০১০ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে `` জ্বলনৰ প্ৰতিৰোধৰ কাৰণে পাইলট কাৰ্য্যক্ৰম`` (পি পি পি বি আই) নামেৰে এটা পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছিল যাৰ সৰ্বমুঠ বাজেট আছিল ২৯ কোটি। নিম্নলিখিত তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়ত এই প্ৰকল্প আৰম্ভ কৰা হয়:

  • হাৰিয়ানা: পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অফ মেডিকেল চায়েঞ্চ ৰোহটক, সাধাৰণ চিকিৎসালয়, গুৰগাওঁ; সাধাৰণ চিকিৎসালয়, পানীপথ।
  • হিমাচল প্ৰদেশ: ড. ৰাজেন্দ্ৰ প্ৰসাদ চিকিৎসা মহাবিদ্যালয়, টাণ্ডা কংগৰা, জিলা চিকিৎসালয়, হামিৰপুৰ; ক্ষেত্ৰীয় চিকিৎসালয়, মান্দি।
  • অসম: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়; জিলা চিকিৎসালয়, নগাওঁ; জিলা চিকিৎসালয়, ধুবুৰী। 
 

পি পি পি আইৰ লক্ষ্য হল জ্বলনৰ ফলত হোৱা ক্ষতিৰ প্ৰতিৰোধ কৰা, আঘাতৰ ক্ষেত্ৰত সময়মতে পৰ্য্যাপ্ত চিকিৎসা প্ৰদান কৰা, যাতে মৃত্যুৰ হাৰ কমে, জটিলতা আৰু আসন্ন অক্ষমতা কমাই অনা প্ৰতিবন্ধী ব্যক্তিসকলৰ মাজত কাৰ্য্যকৰী পুনৰসংস্থাপনৰ ব্যৱস্থা কৰা।

জ্বলন আঘাতৰ প্ৰতিৰোধ আৰু পৰিচালনাৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম(এন পি পি এম বি আই) – ১২তম পঞ্চবাৰ্ষিক পৰিকল্পনা:

পূৰ্ণাঙ্গ কাৰ্য্যক্ৰম হিছাবে পাইলট প্ৰকল্প অব্যাহত ৰখাৰ প্ৰস্তাৱ ১৭.০৫.২০১৩ চনত এমপৰ্ড ফাইনেন্স কমিটি (ই এফ চি) আৰু ৬ ফ্ৰেব্ৰুৱাৰী, ২০১৪ চনত অৰ্থনৈতিক বিষয় সংক্ৰান্তীয় কেবিনেট কমিটি (চি চি ই এ)ৰ দ্বাৰা অনুমোদিত হয় ৬৭ খন ৰাজ্যিক চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু ১৯ খন জিলা চিকিৎসালয়ত ১২তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। জিলা চিকিৎসালয়ৰ অংশ সমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত পৰিচালিত হয়(এন এইচ এম)।

উদ্দেশ্য:

  • জ্বলনৰ ফলত হোৱা দুৰ্ঘটনা, মৃত্যু আৰু অক্ষমতাক হ্ৰাস কৰা।
  • সাধাৰণ জনতা আৰু বিপদসংকুল গোষ্ঠী সমূহ বিশেষকৈ নাৰী, শিশু, উদ্যোগীক আৰু বিপদজনক বৃত্তিৰ লগত জড়িত লোক সকলৰ মাজত সজাগতাৰ সৃষ্টি।
  • আচৰণৰ পৰিৱৰ্তনৰ কাৰণে পৰ্য্যাপ্ত সুবিধা আৰু নেটৱৰ্ক স্থাপন, ব্যৱস্থাপনা ও পুনৰ্বাস হস্তক্ষেপ জোৰদাৰ কৰা।.
  • আচৰণ সমূহৰ মূল্যায়ন, আমাৰ দেশত জ্বলনৰ ফলত হোৱা আঘাতৰ কাৰণে সামাজিক আৰু অন্যান্য নিৰ্ধাৰক, জ্বলনৰ ফলত হোৱা আঘাতৰ কাৰণে প্ৰয়োজন ভিত্তিক কাৰ্য্যক্ৰমৰ পৰিকল্পনা, পৰ্য্যবেক্ষণ আৰু পৰৱৰ্তী মূল্যায়ন।
 

উপাদান:

  • প্ৰতিৰোধ কাৰ্য্যক্ৰম(এই ই চি)
  • চিকিৎসা
  • পুনৰ সংস্থাপন
  • প্ৰশিক্ষণ
  • পৰ্য্যবেক্ষণ আৰু মূল্যায়ন
  • গৱেষণা 
 

প্ৰত্যাশিত ফলাফল:

  • উৎসৰ্গিত জ্বলন যত্ন সেৱা ৭০ খন চিকিৎসা মহাবিদ্যালয়ত আৰু ২৫ খন জিলা চিকিৎসালয়ত।
  • মহাবিদ্যালয়ত আৰু জিলা চিকিৎসালয়ত উপযুক্ত মানৱশক্তিৰ উপলব্ধতা
  • জ্বলনৰ ফলত হোৱা আঘাতৰ প্ৰতি সচেতনতা বৃদ্ধি, সুৰক্ষাৰ ব্যৱস্থা আৰু আই ই চিৰ দ্বাৰা সেৱা সমূহ উপলব্ধ কৰোৱা। 

সাফল্য ১২তম এফ ৱাই পি সময়ত:

  • সঁজুলিৰ তালিকা, মানৱশক্তি আৰু প্ৰস্তাৱিত বাৰ্ণ ইউনিট/ৱাৰ্ডৰ স্থাপত্য নক্সা বিশেষজ্ঞ গ্ৰুপৰ বৈঠকত চূড়ান্ত কৰা হৈছে, কেন্দ্ৰীয় ডিজাইন বোৰৰ দ্বাৰা যোগান দিয়া প্ৰযুক্তিগত পৰিকল্পনা বিৱৰণীৰ সৈতে।
  • ১১তম এফ ৱাই পিৰ সময়ত ব্যৱহাৰিক হস্তপুথি/সংক্ষিপ্ত গ্ৰন্থ জ্বলন আঘাত পৰিচালনা উন্নতকৰণৰ পুনৰ পৰীক্ষা কৰা হৈছে। এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ কাৰণে ষ্টেণ্ডাৰ্ড চিকিৎসা নিৰ্দেশিকা এটা অধ্যায় ব্যৱহাৰিক হস্তপুথিত অন্তৰ্ভূক্ত কৰা হৈছে।
  • কাৰ্য্যক্ৰম সমূহৰ কাৰণে কাৰ্য্যকৰী নিৰ্দেশিকা চূড়ান্ত কৰা হৈছে আৰু সমস্ত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সমূহত প্ৰচাৰ কৰা হৈছে।
  • প্ৰযুক্তিগত বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শিত চিকিৎসালয় সমূহত প্ৰশাসনিক অনুমোদনৰ কাৰণে ট্ৰমা আৰু বাৰ্ণ কাৰ্য্যক্ৰমৰ স্ক্ৰীনিং কমিটি গঠন কৰা হৈছে।
  • ৫০ খন চিকিৎসা মহাবিদ্যালয় আৰু ১৭খন জিলা চিকিৎসালয় ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৯১ খন পৰিদৰ্শন কৰা হৈছে (৫৭খন চিকিৎসা মহাবিদ্যালয় আৰু ৩৪খন জিলা চিকিৎসালয়), স্ক্ৰীনিং কমিটি বাৰ্ণ ইউনিট স্থাপনৰ কাৰণে অনুমোদন কৰা হৈছে।
  • ১২তম এফ ৱাই পিৰ বুজাপৰা স্মাৰকপত্ৰ এই এফ ডিৰ দ্বাৰা সন্মতি প্ৰদান কৰা হৈছে আৰু ৰাজ্য সমূহত আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত প্ৰচাৰিত কৰা হৈছে।
  • জ্বলন ডাটা পঞ্জীয়ন আৰু চফ্টৱেৰৰ বিকাশ কৰা হৈছে আৰু দ্ৰুত ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰয়োগ কৰা হ`ব যাতে দেশত জ্বলনৰ আঘাত সংক্ৰান্তীয় তথ্য সংগ্ৰহ, সংকলন আৰু বিশ্লেষণ কৰা যায়।
  • ত্ৰিমাসিক প্ৰতিৱেদন ফৰমেট চূড়ান্ত কৰা হৈছে আৰু ৰাজ্যসমূহক পঠোৱা হৈছে।
  • তথ্য শিক্ষা আৰু যোগাযোগৰ (আই ই চি) কাৰ্য্যক্ৰমৰ অধীনত, প্ৰিণ্ট আই ই চি মেটেৰিয়েল (৮ পষ্টাৰ/ চাৰ্ট / পাম্পচেট) প্ৰস্তুত কৰা হৈছে আৰু ৰাজ্য সমূহত বিতৰণ কৰা হৈছে। ২০১৫ চনৰ এপ্ৰিল মাহত ৫ খন ট্ৰেইনত বহুমূখী প্ৰচাৰৰ কাৰণে ট্ৰেইন প`ষ্টাৰিং চলোৱা হয়।
  • জিলা চিকিৎসালয় সমূহৰ পৰিচালন নিৰ্দেশিকা চূড়ান্ত কৰা হৈছে আৰু এন এইচ এম বিভাগৰ ৱেবচাইটত আপলোড কৰা হৈছে।
  • ড. আৰ এম এল চিকিৎসালয় আৰু চফদাৰজুং চিকিৎসালয়ত ৯ জন প্ৰশিক্ষণাৰ্থীৰ এটা ব্যেটচৰ সৈতে জ্বলন আঘাত ব্যৱস্থাপনাৰ এটা ৬ দিনীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম পৰিচালিত কৰা হয়।
  • ১ম আৰু ২য় নৱেম্বৰ, ২০১৬ত ভাৰত হেবিটেত চেণ্টাৰ নতুন দিল্লীত বাৰ্ণ ডাটা ৰেজিষ্টাৰ ফৰমেট চূড়ান্ত কৰাৰ কাৰণে চি ডি চি আটলাণ্টাৰ সহযোগিতাত এটা দুদিনীয়া কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়।