জ্বলন হৈছে এটা আঘাত য`ত ছাল বা অন্যান্য জৈৱ টিচু যি প্ৰধানতঃ তাপ বা বিকিৰণ, তেজস্ক্ৰিয়তা, বিদুৎ, ঘৰ্ষণ বা ৰসায়নৰ সম্পৰ্কত অহাৰ কাৰণে হোৱা ক্ষতিগ্ৰস্ততা। ছালৰ ক্ষতি অতিবেগুনীয়া বিকিৰণ, তেজস্ক্ৰিয়তা, বিদুৎ আৰু ৰসায়নৰ আৰু ধোঁৱা শ্বাসগ্ৰহণৰ ফলত শ্বাসকষ্ট, আদিকো জ্বলন বুলি ধৰা হয়।
প্ৰথম-ডিগ্ৰীৰ জ্বলন যদি কোনো ধৰণৰ সংক্ৰমন নহয় তেনেহ`লে ১০ৰ পৰা ১৫ দিনৰ ভিতৰত নিজে নিজেই ঠিকহয়। বিৰল ক্ষেত্ৰত, প্ৰথম-ডিগ্ৰীৰ জ্বলন গভীৰভাৱে বিয়পি গৈ দ্বিতীয়-ডিগ্ৰী হ`ব পাৰে (এই বিয়পা সংক্ৰমনৰ কাৰণে হ`ব পাৰে) গভীৰ দ্বিতীয়-ডিগ্ৰী জ্বলন তৃতীয়-ডিগ্ৰী হ`ব পাৰে। তৃতীয়-ডিগ্ৰী জ্বলনত স্কীন গ্ৰাফটৰ প্ৰয়োজন হ`ব পাৰে।
কমকৈ জ্বলাৰ ক্ষেত্ৰত, আপুনি নিৰ্দিষ্ট পদক্ষেপ সমূহ অনুসৰণ কৰা দৰকাৰ:
প্ৰথম-বা দ্বিতীয়-ডিগ্ৰী জ্বলন হিছাবে ধৰা হয় যেতিয়া এজন বয়স্থৰ শৰীৰৰ ২৫% আৰু শিশুৰ ২০% বেছি, বা ১০% বি এছ এৰ ওপৰত তৃতীয়-ডিগ্ৰীৰ জ্বলনক। ইয়াৰ বাহিৰেও, হাত, ভৰি, মুখ, চকু, কাণ, আৰু যৌনাংগৰ জ্বলনক গুৰুতৰ বুলি ধৰা হয়।
শৰীৰৰ সম্পূৰ্ণ এলেকাৰ ২৫% বা তাতোকৈ বেছি জ্বলনক গুৰুতৰ জ্বলন বুলি ধৰা হয়, কিন্তু ১০%তকৈ বেছি যিকোনো জ্বলনক একেধৰণে চিকিৎসা কৰা দৰকাৰ। দ্ৰুত মূল্যায়ন গুৰুত্বপূৰ্ণ।
জ্বলা জেগাখিনি ধুই পেলাওক
প্ৰথম-ডিগ্ৰী জ্বলনৰ চিকিৎসাৰ ভিতৰত অন্তৰ্ভূক্ত:
ঘা সংক্ৰমিত হ`ব পাৰে যদি তাত বেক্টেৰিয়া প্ৰৱেশ কৰে। যদি আপোনাৰ জ্বলন বা পোৰা জেগাতপানীজ্বলা হয় আৰু ফুটি থাকে, তেনেহ`লে তাত সংক্ৰমন হ`ব পাৰে যদি পৰিষ্কাৰ কৰি ৰখা নহয়। অপোনাৰ চিলুলাইটিছৰ লক্ষণ আছে, যদি বেক্টেৰিয়াৰ সংক্ৰমন যাৰ কাৰণে ছাল ৰঙা বা ফুলি উঠিব পাৰে।
প্ৰথম-ডিগ্ৰী জ্বলনক অন্য জ্বলনৰ তুলনাত কম প্ৰভাৱৰ বুলি ধৰা হয়। ইয়াৰ বাবে বিষ আৰু বাহিৰৰ ছাল ৰঙা ধৰণৰ হ`ব পাৰে (ছালৰ বাহিৰৰ অংশ). দ্বিতীয়-ডিগ্ৰী জ্বলনে (আংশিকভাৱে গভীৰ জ্বলন) ছালৰ ভিতৰ ভাগ আৰু বাহিৰ ভাগৰ ক্ষতি কৰে(ছালৰ তলৰ অংশ). ইয়াৰ ফলত বিষ, ৰঙা পৰা, ফুলি উঠা, আৰু পানীজোলা হ`ব পাৰে।
প্ৰথম-ডিগ্ৰী জ্বলনৰ কাৰণে (ক্ষতিসাধন ছালৰ ওপৰৰ ভাগৰ)
জ্বলা জেগাটুকুৰা ঠাণ্ডা পানীত ডুবাই ৰাখক। ইয়াৰ পিছত ছালৰ যত্ন লোৱা সমগ্ৰী যেনে এল`ভেৰা ক্ৰীম বা যিকোনো এণ্টিচেপটিক মলম ব্যৱহাৰ কৰক। জ্বলা জেগাটুকুৰাৰ সুৰক্ষাৰ কাৰণে, আপুনি পাতল কাপোৰৰ বেন্দেজ ব্যৱহাৰ কৰক।
জ্বলনক প্ৰথম, দ্বিতীয়, বা তৃতীয়-ডিগ্ৰী হিছাবে শ্ৰেণীবিভাজন কৰা হয়, যি নিৰ্ভৰ কৰে জ্বলনৰ ফলত ছালৰ গভীৰতা আৰু ইয়াৰ তীব্ৰতাৰ ওপৰত। প্ৰথম-ডিগ্ৰী (অগভীৰ)জ্বলন। প্ৰথম-ডিগ্ৰী জ্বলনে একমাত্ৰ ছালৰ বাহিৰৰ অংশতহে ক্ষতি কৰে, বা এপিডাৰ্মিচৰ। জ্বলনৰ ঠাই ডোখৰ ৰঙা, বেদনাদায়ক, শুকান আৰু পানীজোলা বিহীন হয়।
প্ৰথম-ডিগ্ৰী জ্বলনে একমাত্ৰ এপিডাৰ্মিচ, বা ছালৰ বাহিৰৰ অংশতহে ক্ষতি কৰে। জ্বলনৰ ঠাই ডোখৰ ৰঙা, বেদনাদায়ক, শুকান আৰু পানীজোলা বিহীন হয়। পাতল চানৰ্বাণ এটা উদাহৰণ। ৰ্দীঘম্যাদী টিচুৰ ক্ষতি বিৰল আৰু সাধাৰণতে ছালৰ ৰঙ বৃদ্ধি বা হ্ৰাসৰ দ্বাৰা গঠিত হয়।
জ্বলি যোৱা জেগাটুকুৰা ক`লা বা বগা ৰঙৰ হ`ব পাৰে। ছাল মম বা ছামড়াৰ নিছিনা লাগিব পাৰে। তৃতীয়-ডিগ্ৰী জ্বলনে স্নায়ুৰ ক্ষতি কৰিব পাৰে, অজ্ঞনতা হ`ব পাৰে। এজন ব্যক্তিৰ এই ধৰণৰ জ্বলনৰ ফলত উশাহ লোৱাত অসুবিধাৰ সৃষ্টি হ`ব পাৰে বা ধোঁৱা ইনহেলেচন অথবা কাৰ্বন মনোক্সাইড বিষাক্ততাৰ সন্মুখীন হ`ব পাৰে।
তৃতীয়-ডিগ্ৰী জ্বলনক সম্পূৰ্ণ গভীৰ জ্বলন বুলি ধৰা হয়। এই ধৰণৰ জ্বলনৰ ফলত ছালৰ বাহিৰৰ অংশ (এপিডাৰ্মিচ) আৰু সম্পূৰ্ণ ভিতৰৰ অংশ (ডাৰ্মিচ)ৰ ক্ষতি সাধন কৰে।
দ্বিতীয়-ডিগ্ৰী(আংশিক গভীৰ) জ্বলন তৃতীয়-ডিগ্ৰী ছালৰ বাহিৰ আৰু ভিতৰৰ অংশ ক্ষতি সাধন কৰে। ইয়াৰ ফলত বিষ, ৰঙা পৰা, ফুলি উঠা, আৰু পানীজোলা হয়। ডিগ্ৰী(সম্পূৰ্ণ গভীৰ) জ্বলন টিছু সমূহৰ গভীৰতালৈ প্ৰসাৰিত হয়। ই বগা বা ক`লা, বা অনুভূতিহীন হ`ব পাৰে।
উত্তাপৰ জ্বলন (উত্তাপ সংক্ৰান্তীয় জ্বলন) জুইৰ, গৰম বস্তু, বা গৰম পানীয়ৰ কাৰণে হয়। বাষ্পপ্ৰৱাহৰ ফলত হোৱা জ্বলন শিশু আৰু প্ৰাপ্তবয়স্ক সকলৰ মাজত সচৰাচৰ দেখা যোৱা সাধাৰণ জ্বলন। ঠাণ্ডা জ্বলন সাধাৰণতে ছাল ভিজা, বতাহ, বা ঠাণ্ডা অৱস্থাৰ কাৰণে হোৱা দেখা যায়।