মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

দৈহিক আঘাত কেন্দ্ৰ

সংজ্ঞা::

দৈহিক আঘাত কেন্দ্ৰ (বা আঘাত কেন্দ্ৰ)এখন চিকিৎসালয়ত কৰ্মীবৃন্দৰে সজ্জিত এনে এটা কেন্দ্ৰ য`ত দৈহিক আঘাত যেনে পৰা, মটৰ গাড়ীৰ সংঘৰ্ষ, বা বন্দুকৰ গুলিৰ আঘাতৰ ফলত হোৱা দৈহিক আঘাতৰ চিকিৎসা কৰা হয়। দৈহিক আঘাত কেন্দ্ৰক জৰুৰী বিভাগৰ লগত তুলনা কৰিব পাৰি( ইয়াক ``দুৰ্ঘটনা বিভাগ`` বা ``দুৰ্ঘটনা আৰু জৰুৰী``বিভাগ বুলি জনা যায়) মূখ্য আঘাত প্ৰাপ্তৰ ছোৱাছিতাৰ কাৰণে বিশেষ সেৱাৰ উপস্থিতিৰ বাহিৰেও।

এখন ১ম পৰ্য্যায়ৰ চিকিৎসালয় কি?

এটা দৈহিক আঘাত কেন্দ্ৰৰ উন্নয়ন অপৰিহাৰ্য্য নিশ্চিত দৈহিক আঘাতৰ সুবিধা সমূহৰ কাৰণে। দৈহিক আঘাত কেন্দ্ৰ সুনিৰ্দিষ্ট যত্ন সুবিধাসমূহৰ এটা পৰিসৰ যি আহত ৰোগী সকলৰ যত্নৰ কাৰণে এটা স্পেকট্ৰাম প্ৰদান কৰে। এই চিকিৎসালয় সমূহ দৈহিক আঘাত যত্নৰ ক্ষেত্ৰত সৰ্বোচ্চ হোৱা উচিত।

এখন ২য় পৰ্য্যায়ৰ দৈহিক আঘাত চিকিৎসালয় কি?

এই IIয় পৰ্য্যায়ৰ দৈহিক আঘাত কেন্দ্ৰ সমূহ সকলো আহত ৰোগীৰ নিৰ্দিষ্ট যত্ন লোৱাৰ কাৰণে সক্ষম। IIয় পৰ্য্যায়ৰ দৈহিক আঘাত কেন্দ্ৰৰ উপাদান সমূহে অৰ্ন্তভূক্ত কৰে: ২৪-ঘণ্টাই সাধাৰণ শল্যচিকিৎসকৰ উপলব্ধতা, আৰু একেদৰে অস্থিৰ অস্ত্ৰোপচাৰ, নিউৰ`লজী, এনেচথেৱ`লজী, জৰুৰী ঔষধ, ৰেডিঅ`লজী, আৰু জটিল যত্নক সামৰি লোৱা।

৩য় পৰ্য্যায়ৰ দৈহিক আঘাত চিকিৎসালয় কি?

III পৰ্য্যায়ৰ দৈহিক আঘাত কেন্দ্ৰ সমূহ সৰু সাম্প্ৰদায়িক চিকিৎসালয় য`ত দৈহিক আঘাত প্ৰাপ্ত ৰোগীসকলক যত্ন লোৱা আৰু উচ্চ স্তৰৰ দৈহিক আঘাত কেন্দ্ৰলৈ পৰিবহণৰ কাৰণে গুৰুতৰ দৈহিক আঘাতৰ ৰোগীক স্থিতিশীল কৰাৰ ক্ষমতা থাকে। III পৰ্য্যায়ৰ দৈহিক আঘাত কেন্দ্ৰ সমূহৰ ক্ষমতা থাকে তাৎক্ষনিক মূল্যায়ন, পুনৰ শক্তিৰ সঞ্চাৰ, অস্ত্ৰোপচাৰ, ৰোগীৰ ওপৰত সকলো সময়তে দৃষ্টি ৰখা চিকিৎসা আৰু ৰোগীক স্থিৰ কৰা আৰু জৰুৰী অস্ত্ৰোপচাৰ কৰাৰ।

কেনেকুৱা ধৰণৰ অঘাতক গুৰুতৰ আঘাত বুলি বিৱেচনা কৰা হয়?

গুৰুতৰ দৈহিক আঘাত এনে কোনো ধৰণৰ দৈহিক আঘাত যাৰ ফলত দীৰ্ঘস্থায়ী অক্ষমতা বা মৃত্যুৰ কাৰণ হ`ব পাৰে। বহুতো কাৰণত গুৰুতৰ দৈহিক আঘাত হ`ব পাৰে, যেনে কটা বা তীক্ষ্ণ, ওপৰৰ পৰা পৰা, মটৰ গাড়ীৰ সংঘৰ্ষ, আৰু বন্দুকৰ গুলিৰ আঘাত বা ছুৰিৰ ফলত হোৱা আঘাত।

দৈহিক আঘাত সতৰ্কতা টিম গঠনৰ ফলত সকলো দৈহিক আঘাতৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে দক্ষ সেৱা প্ৰদানকাৰীৰ দ্বাৰা অনুকূল যত্ন লাভ কৰে, যাৰ ফলত ৰোগীকসকলৰ সৰ্বোত্তম ক্লিনিকেল ফলাফল অৰ্জন কৰাত সহায় হয়। (গ) পদ্ধতি. গুৰুতৰ ভাৱে আহত ৰোগীসকলৰ পুনৰ্বাস আৰু ব্যৱস্থাপনাই ``দৈহিক আঘাতৰ সংজ্ঞা``।

দৈহিক আঘাতৰ জৰুৰী অৱস্থা মানে কি?

এজন ৰোগীয়ে লাভ কৰা যত্ন সমূহৰ ভিতৰত জৰুৰী বিভাগ (``ইমাৰ্জেন্সি ৰুম`` বুলি সঘনাই কোৱা হয়) আৰু দৈহিক আঘাত কেন্দ্ৰৰ মাজত এটা বাস্তৱিক পাৰ্থক্য আছে। প্ৰায়ভাগ চিকিৎসালয়ৰে এটা জৰুৰী বিভাগ আছে; য`ত ৰোগী আহে জৰুৰী অসুস্থতা আৰু আঘাতৰ সৈতে , ইয়াৰ ভিতৰত কিছুসমূহ প্ৰায়ে জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ হ`ব পাৰে।

মেডিকেল জৰুৰী অৱস্থাৰ সংজ্ঞা কি?

মেডিকেল জৰুৰী অৱস্থা হৈছে কোন এটা গুৰুতৰ আঘাত বা ৰোগ যাৰ ফলত কোনো এজন ব্যক্তিৰ জীৱনৰ প্ৰতি দীৰ্ঘম্যাদি ভাবুকি আহি পৰিব পাৰে।

গুৰুতৰ দৈহিক আঘাত শব্দ মানে কি?

গুৰুতৰ দৈহিক আঘাতে বুজায় যে গম্ভীৰ আঘাত যি জীৱন সলনি কৰি দিয়ে আৰু কেতিয়াবা মৃত্যু বা গম্ভীৰ অক্ষমতা, যেনে মূৰৰ আঘাত, গুৰুতৰ আঘাত আৰু একাধিক ফ্যেকচাৰ ইত্যাদি হ`ব পাৰে। গুৰতৰ দৈহিক আঘাত কেন্দ্ৰ সমূহ স্থাপন কৰা হৈছে বিশেষজ্ঞৰ দ্বাৰা গুৰুতৰ দৈহিক আঘাতৰ শুশ্ৰূষা আৰু পু্‌ণৰ প্ৰতিষ্ঠা কৰিবলৈ। এই সমূহ হৈছে মূল কেন্দ্ৰস্বৰূপ যি স্থানীয় ট্ৰমা ইউনিট সমুহৰ লগত লগলাগি কাম কৰে।

দৈহিক আঘাত মানে কি?

দৈহিক আঘাত হ`ল এটা শব্দ যি হঠাৎ হোৱা আঘাত বা তীব্ৰতৰ শাৰীৰিক আঘাতক বুজায় যাক তাৎক্ষনিক চিকিৎসাৰ প্ৰয়োজন। ইয়াৰ ফলত ``শ্বক ট্ৰমা`` হ`ব পাৰে আৰু জীৱন আৰু অংগ সমূহ বচোৱাৰ কাৰণে তাৎক্ষনিক পুনৰুজ্জীৱন আৰু মধ্যবৰ্ত্তিতাৰ প্ৰয়োজন হ`ব পাৰে

অপাৰেশ্বনেল গাইডলাইন – ৰাষ্ট্ৰীয় দৈহিক আঘাত সেৱা প্ৰণালী - ভাৰত

হিংস্ৰতা আৰু আঘাত প্ৰতিৰোধ