মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অবলোকন

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু ই অসম সচিবালয় ব্লক-ডি, দিশপুৰ, গুৱাহাটীত অৱস্থিত। প্ৰাশাসনিক সুবিধাৰ কাৰণে, অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক দুটা ভাগত কৰা হৈছে-স্বাস্থ্য-এ আৰু স্বাস্থ্য-বি। চিকিৎসা আৰু নাৰ্চিং মহাবিদ্যালয় সমূহৰ বাহিৰে সকলো চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠান স্বাস্থ্য-এৰ অন্তৰ্গত। য`ত নেকি সকলো চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্চিং মহাবিদ্যালয় সমূহ স্বাস্থ্য-বিৰ অন্তৰ্গত। এই বিভাগটো নটা উপ-সংগঠন/সঞ্চালকালয়েৰে গঠিত – স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক(এফ ডব্লিউ), চিকিৎসা শক্ষা সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, আয়ুস, খাদ্য আৰু ঔষধ প্ৰশাসন, অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতি, অসম ৰাজ্যিক ৰক্ত সঞ্চাৰণ পৰিষদ।