মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ

  • পৰিচয়:

    "প্ৰতিবন্ধী ব্যক্তিসকল (সমান সুযোগ, অধিকাৰৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহণ) আইন, ১৯৯৫" ফেব্ৰুৱাৰী ৭, ১৯৯৬ত প্ৰৱৰ্তন কৰা হৈছিল। এই আইনখনে প্ৰতিবন্ধী ব্যক্তিসকলৰ পুনৰ সংস্থাপনৰ কাৰণে প্ৰতিৰোধাত্মক আৰু প্ৰচাৰমূলক দুয়োটা দিশেই প্ৰদান কৰে। এই আইনখনৰ সুবিধাসমূহ গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দিষ্ট ব্যক্তিৰ উপযুক্ত প্ৰতিবন্ধকতা প্ৰমাণপত্ৰ থাকিব লাগিব।

    প্ৰতিবন্ধকতাৰ অৰ্থ

    "প্ৰতিবন্ধকতা" মানে কোনো এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধকতা দৈনন্দিন জীৱনযাত্ৰাৰ মৌলিক অপৰিহাৰ্য্য ক্ৰিয়াকলাপ যেনে সামাজিক সম্পৰ্কত উন্নতি আৰু অৰ্থনৈতিক ভূমিকা হিছাবে বয়স লিঙ্গ আৰু সামাজিক প্ৰয়োজনীয় অনুযায়ী ভূমিকা সমূহ পালন কৰা। প্ৰতিবন্ধকতা অস্থায়ী হ`ব পাৰে, দীৰ্ঘম্যাদী বা স্থায়ী চিকিৎসাগতভাৱে প্ৰতিবন্ধকতা হ`ল শাৰীৰিক বিকলতা আৰু স্বাভাৱিকভাৱে শাৰীৰিক কাৰ্য্যসমূহ সঞ্চালন কৰিবলৈ অক্ষমতা, আইনঅনুসাৰে, প্ৰতিবন্ধকতা শৰীৰৰ কাৰণে নিৰ্ণায়ক হ`ব পাৰে যাৰ বাবে কোনো ব্যক্তিয়ে প্ৰতিদান দিব নালাগে। অস্থায়ীভাৱে সম্পূৰ্ণ প্ৰতিবন্ধকতা হ`ল সেই সময়কাল যাৰ ভিতৰত প্ৰভাৱিত ব্যক্তিজন সম্পূৰ্ণভাৱে কাম কাজ কৰিবলৈ অযোগ্য। সম্পূৰ্ণ প্ৰতিবন্ধকতা সেইখিনি সময় যেতিয়া ইয়াৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি সম্পূৰ্ণভাৱে কাম কাজ কৰিবলৈ অক্ষম। অস্থায়ীভাৱে আংশিক প্ৰতিবন্ধকতা সেইখিনি সময় যেতিয়া আৰোগ্য উন্নতিৰ পৰ্য্যায়লৈ যায় যাতে সংশ্লিষ্ট ব্যক্তিজনে কোনো ধৰণৰ লাভজনক বৃত্তি আৰম্ভ কৰিব পাৰে। স্থায়ী প্ৰতিবন্ধকতা হ`ল স্থায়ী ক্ষতি বা কোনো অংশৰ ক্ষতি/শৰীৰৰ কোনো অংশ কোনো ধৰণৰ চিকিৎসাৰ সৰ্বোচ্চ উন্নতিৰ পৰ্য্যায়ত আছে আৰু অৱস্থা স্থিতিশীল।

    বিভাগ

    এজন ব্যক্তিৰ শাৰীৰিক প্ৰতিবন্ধকতাক তলত উল্লেখ কৰা ধৰণে শ্ৰেণীবিভাগ কৰা হয় : ক) দৃষ্টিশক্তিৰ প্ৰতিবন্ধকতা : দৃষ্টিশক্তিৰ প্ৰতিবন্ধকতা মানে কোনো এজন ব্যক্তি যি সম্পূৰ্ণৰূপে দৃষ্টিশক্তিৰ প্ৰতিবন্ধকতাত ভূগিছে, চকুৰ তীক্ষ্ণতা ৬/৬০ বা ২০/২০০ৰ অতিক্ৰম নহয় সংশোধনী লেন্সৰ সৈতে ভাল দৃষ্টি, দৃষ্টিৰ স্থায়ীত্বৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰু ২০ ডিগ্ৰী কাৰ্য্যৰ কোণ।

    যোগ্যতাৰ মানদণ্ড

    আইনৰ নিৰ্দেশ অনুযায়ী যি কোনো এটা নিৰ্দিষ্ট বিভাগৰ ৪০% বা ইয়াৰ ওপৰৰ প্ৰতিবন্ধী ব্যক্তিসকল যোগ্য আৰু উপযুক্ত বুলি বিবেচতি কৰা হ`ব প্ৰতিবন্ধকতাৰ চিনাক্ত কৰণ কাৰ্ড/প্ৰমাণপত্ৰৰ কাৰণে i) প্ৰচলিত আইন অনুসৰি কোনো এজন ব্যক্তি ভাৰতৰ প্ৰকৃত নাগৰিক হোৱা উচিত। ii) অস্থায়ীভাৱে সম্পূৰ্ণভাৱে প্ৰতিবন্ধী ব্যক্তিয়ে বাছি ল`ব পাৰে অৰ্থপেডিক, অপথ`ম`লজি অডিটৰি বা স্পিচ্চ বা অন্য কোনো ধৰণৰ মেডিকেল চিকিৎসা, মেডিকেল ব`ৰ্ডৰ পৰাৰ্মশ অনুযায়ী।

    কাৰ্য্যপ্ৰণালী

    আৱেদনপত্ৰ সমূহ অধীক্ষক/ভাৰ-প্ৰাপ্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু অসামৰিক চিকিৎসালয়/চি এইচ চি/পি এইচ চি/এছ এইচ চি/এছ ডি সমূহত উপলব্ধ হয়। ইচ্ছুক ব্যক্তিসকলে নিৰ্ধাৰিত প্ৰপত্ৰ (অনুবন্ধ-এ) শুদ্ধভাৱে পূৰণ কৰি তলত উল্লেখ কৰা নথিপত্ৰৰ সৈতে আৱেদন কৰিব লাগিব। যদি এজন আৱেদনকাৰী অশিক্ষিত হয় তেনেহ`লে, চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু অসামৰিক চিকিৎসালয়/চি এইচ চি/পি এইচ চি/এছ এইচ চি/এছ ডি সমূহৰ অধীক্ষক/ভাৰ-প্ৰাপ্ত বিষয়া সকলে আৱেদন পত্ৰ পূৰণ কৰাত সহায় কৰিব আৰু আৱেদনত আৱেদনকাৰীৰ টিপচহী গ্ৰহণ কৰিব। মানসিক প্ৰতিবন্ধতা, অটিজম, চেৰিব্ৰেল পালচ আৰু একাধিক প্ৰতিবন্ধকতা থকা ব্যক্তি সকলৰ ক্ষেত্ৰত তেওঁলোকৰ আইনি অভিভাৱকে স্বাক্ষৰ কৰিব। সম্পূৰ্ণকৈ পূৰণ কৰা প্ৰপত্ৰ গ্ৰহণ কৰাৰ পাছত অধীক্ষক/ভাৰ-প্ৰাপ্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু অসামৰিক চিকিৎসালয়/চি এইচ চি/পি এইচ চি/এছ এইচ চি/এছ ডি সমূহে আৱেদন পত্ৰ সমূহ চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট বিভাগ বা জিলা যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰিব। চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট বিভাগৰ মুৰব্বীয়ে প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব। বিশেষ ক্ষেত্ৰত জিলাৰ স্বাস্থ্য সেৱা সঞ্চালক, যুটীয়া সঞ্চালকে আৱেদনকাৰীক বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ কৰিব। বিশেষজ্ঞ চিকিৎসকৰ প্ৰতিৱেদন পোৱাৰ পিছত যুটীয়া সঞ্চালকে জৰুৰী প্ৰমাণপত্ৰ প্ৰদান কৰিব। একাধিক প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত, আৱেদনকাৰীক পৰীক্ষাৰ কাৰণে জিলা চিকিৎসা ব`ৰ্ডলৈ প্ৰেৰণ কৰা হয় প্ৰমাণপত্ৰ প্ৰদান কৰিবৰ কাৰণে।

    কৰ্তৃত্ব

    একপক্ষীয় প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত, চৰকাৰৰ দ্বাৰা অনুমোদিত চৰকাৰী অভিজ্ঞ চিকিৎসক বা বিভাগৰ মুৰব্বী যেনে অৰ্থপেডিক, অপথ`ম`লজি, ই এন টি, নিওৰ`লজি আৰু মনোৰোগবিদ্যা চিকিৎসা মহাবিদ্যালয়ৰ সমূহৰ বিষয়া সকলে শাৰিৰীক প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ অধিকাৰী হ`ব পাৰে। একাধিক অক্ষমতাৰ ক্ষেত্ৰত, চিকিৎসা ব`ৰ্ডেই আৱেদনকাৰীক শাৰিৰীক প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ অধিকাৰী হ`ব। "চিকিৎসা ব`ৰ্ড" মানে এখন ব`ৰ্ড যি চৰকাৰৰ দ্বাৰা কৰ্তৃত্বত উপযুক্তভাৱে গঠিত, ই উপ-বিভাগ পৰ্য্যায়ত, জিলা বা ৰাজ্যিক পৰ্য্যায়ত চৰকাৰৰ দ্বাৰা সময়ে সময়ে নিৰ্ধাৰিত / বিজ্ঞপ্তিৰ দ্বাৰা গঠিত হয়।

    নৱীকৰণ

    আৱেদনকাৰীয়ে নিৰ্ধাৰিত প্ৰপত্ৰত নিৰ্দিষ্ট সময় পাৰহৈ যোৱাৰ ৩০ (ত্ৰিশ) দিন পূৰ্বে আৱেদন পত্ৰ জমা দিব আৰু সময় শেষ হোৱা তাৰিখৰ বা চিকিৎসা ব`ৰ্ডৰ নিৰ্দেশ অনুযায়ী পৰিচয় পত্ৰ আত্মসমৰ্পন কৰিব।

    আপিল কৰ্তৃপক্ষ

    কোনো ধৰণৰ বিতৰ্ক / প্ৰতিৰোধ আৰু দ্বিতীয়বাৰ পৰীক্ষণ সংজ্ঞা/মূল্যায়ন নিৰ্ধাৰিত ডিগ্ৰী ইত্যাদিৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত ব্যক্তিয়ে সংশ্লিষ্ট চিকিৎসা ব`ৰ্ডৰ মাধ্যমেৰে যুটীয়া সঞ্চালক স্বাস্থ্য সেৱা জিলা/অধ্যক্ষ চিকিৎসা মহাবিদ্যালয় সমূহত আৱেদন কৰিব পাৰে

    পৰ্য্যালোচনা কৰ্তৃপক্ষ

    স্বাস্থ্য সেৱা সঞ্চালক / সঞ্চালক চিকিৎসা শিক্ষা

    সংযুক্ত কৰিব লগীয়া নথিপত্ৰ সমূহ

    ইচ্ছুক ব্যক্তিয়ে নিৰ্ধাৰিত প্ৰপত্ৰত (অনুবদ্ধ-এ) শুদ্ধকৈ পূৰণ কৰি, একেলগে i) ৩(তিনি) কপি বৰ্তমানৰ ফটোগ্ৰাফ স্বাক্ষৰিত ii) আৱেদন পত্ৰত উল্লেখ কৰা ধৰণে বাসস্থানৰ প্ৰমাণপত্ৰ iii) জন্ম / বয়সৰ স্কুলৰ প্ৰমাণপত্ৰ iv) শিক্ষাগত অৰ্হতা v) বৃত্তিগত প্ৰমাণপত্ৰ vi) আৱেদনপত্ৰৰ ১২(ii)(বি)ত উল্লেখ কৰা ধৰণে প্ৰমাণপত্ৰ, যদি প্ৰযোজ্য হয়. vii) আৱেদনপত্ৰৰ ১৩ত উল্লেখ কৰা ধৰণে প্ৰমাণপত্ৰ, যদি প্ৰযোজ্য হয়।

    প্ৰতিবন্ধী প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নিৰ্ধাৰিত সময়সীমা

    যদি কোনো ব্যক্তিয়ে প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰৰ কাৰণে আৱেদন কৰে নিৰ্ধাৰিত প্ৰপত্ৰত, যি সকলো ফালৰ পৰা সম্পূৰ্ণ / শুদ্ধ বুলি বিবেচিত হয়, তেনেহ`লে সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰে মনোনীত বিশেষজ্ঞ চিকিৎসক, চিকিৎসা মহাবিদ্যালয়ৰ সংশ্লিষ্ট বিভাগৰ মূৰব্বী বা জিলা চিকিৎসা ব`ৰ্ডৰ সভাৰ ১৫ (পোন্ধৰ) কৰ্মৰত দিনৰ ভিতৰত।