জন্মগত হৃদৰোগ থকা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ
নাৰায়না হৃদয়ালয়, বাংগালুৰু, কলকাতা আৰু গুৱাহাটী
(অসম চৰকাৰৰ দ্বাৰা লোৱা এটা পদক্ষেপ)
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰে শুভাৰম্ভ কৰিছে এখন নতুন আঁচনি, যাৰ দ্বাৰা, অসম চৰকাৰে অস্ত্ৰোপচাৰৰ সকলো খৰচ বহন কৰিব যিবোৰ শিশু অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বাস কৰে আৰু যিবোৰ শিশুক জন্মগত হৃদৰোগৰ বাবে অস্ত্ৰোপচাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছে : ডব্লিউ. ই. এফ. ০১-০৭-২০১০.
অসম চৰকাৰে ৰোগী শিশুটিৰ লগতে এজন অভিভাৱকৰ বিমান ভাড়া বহন কৰিব গুৱাহীটাৰ পৰা প্ৰেৰণ কৰা হস্পিতেললৈ, তাৰোপৰি থকা-খোৱাৰ সু-ব্যৱস্থাৰ যোগান ধৰা হ`ব তাত নতুবা ওচৰৰে বাহিৰৰত কৰবাত শিশুটিৰ চিকিৎসাধীন সময়চোৱাত।
তলত উল্লেখ কৰা নথি সহিতে ৰোগীয়ে ন`ডেল বিষয়াৰ ওচৰত আৱেদন কৰিব লাগে:
বৰ্ষ | বাজেটৰ ব্যৱস্থা (লাখ টকাত) | লাভ কৰা ধনৰাশি (লাখ টকাত) | ব্যৱহাৰ কৰা ধনৰাশি (লাখ টকাত) | চিকিৎসা কৰা শিশুৰ সংখ্যা |
---|---|---|---|---|
২০০৯-১০ | ১৫০.০০ | ১৫০.০০ | - | - |
২০১০-১১ | ২০০.০০ | ২০০.০০ | ২২৩.৫৩ | ৩৬৪ |
২০১১-১২ | ৫০০.০০ | ৮০০.০০ | ৬০৩.৭৪ | ৪৩৬ |
২০১২-১৩ | ৫০০.০০ | ৫০০.০০ | ৫৩৪.৭৩ | ৩৮১ |
২০১৩-১৪ | ৫০০.০০ | ৫০০.০০ | ৬৭২.৭৩ | ৭৭৬ |
২০১৪-১৫ | ৫০০.০০ | ৩০০.০০ | ৯৪০.০০ | ৭৭৯ |
২০১৫-১৬ | ২৮৭০.০০ | ২৫৭০.০০ | ১৬৬০.০০ | ৭৪৫ |
২০১৬-১৭ | ৭০০.০০ | ৭০০.০০ | ৮৩২.৪৬ | ৬৯১ |
মুঠ | ৫৯২০.০০ | ৫৭২০.০০ | ৫৪৬৭.১৯ | ৪১৭২ |