মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

মৃত্যুৰ প্ৰমাণ পত্ৰৰ কাৰণে আৱেদন

চেকলিষ্ট :

  • সময়সীমা
  • নিৰ্দেশিকা
  • আৱেদন পত্ৰৰ স্কেন কপি
  • মৃত্যুৰ প্ৰমাণ পত্ৰ চিকিৎসালয় / বা নাৰ্চিং হোমৰ পৰা জাৰি কৰা (বাধ্যতামূলক)
  • মৰণোত্তৰ প্ৰতিৱেদন (যদি প্ৰযোজ্য হয়)
  • মৃত্যু বিলম্বন পঞ্জীয়ন প্ৰমাণ পত্ৰৰ কাৰণে আৱেদন (যদি প্ৰযোজ্য হয়)
  • অনলাইন পেমেণ্ট
  1. এক সংক্ষিপ্ত ৰূপৰেখা : এজন মৃতকৰ পঞ্জীয়ন কৰাটো এক বৈধ প্ৰয়োজনীয় নথি-বস্তু। এইটো কৰাটো প্ৰয়োজনীয়, মৃতকৰ সৎকাৰ সঞ্চালকৰ কাৰণে তথ্য লাভ কৰিবলৈ আৰু মৃতকৰ হৈষয়িক অৱস্থাৰ কথা জনাৰ বাবে।

  2. সামগ্ৰীক ব্যৱস্থাটোৱেই সেৱাৰ কাৰণেই বোৱতি ৰূপ লয়।

  3. প্ৰ-পত্ৰ পুৰাব লাগে।

    মৃত্যুৰ প্ৰমাণ পত্ৰৰ কাৰণে আৱেদন পত্ৰ দাখিল

  4. প্ৰ-পত্ৰ পুৰাবলৈ দিয়া নিৰ্দেশাৱলী
    • মৃত্যু পঞ্জীয়ন কৰা হয় ঘটনাটো ঘটাৰ ২১ দিনৰ ভিতৰত
    • আৱেদনকাৰীয়ে প্ৰমাণপত্ৰৰ কাৰেণে আৱেদন কৰিব পাৰে উপায়ুক্তৰ কাৰ্য্যালয়ত, ৰাজহুৱাভাৱে সুচল কেন্দ্ৰৰ ৰচিদ কাউণ্টাৰত।
    • অপাৰেটৰে আৱেদন গ্ৰহণ কৰি কম্পিউটাৰৰ পৰা বাহিৰ কৰা ৰচিদ দিব।
    • আৱেদন পত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰমাণ পত্ৰৰ প্ৰিণ্ট আউট ল`ব পাৰিব।
    • প্ৰমাণ পত্ৰ, নথি-পত্ৰ সহিতে সংশ্লিষ্ট বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু স্বাক্ষৰৰ জৰিয়তে বিষয়াৰ অনুমোদন লাভ কৰি প্ৰমাণ পত্ৰ খন ৰচিদ কাউণ্টাৰলৈ ঘূৰাই পঠোৱা হয় আৱেদনকাৰীৰ হাতত প্ৰদান কৰিবলৈ
    • প্ৰয়োজনীয় নথি-পত্ৰ শাখাৰ অধীনত তালিকাভূক্ত কৰা দৰকাৰী নথিসমুহ থকাটো নিশ্চিত কৰি স্বাস্থ্য সেৱাৰ সঞ্চালকায়ত প্ৰৱেশ কৰি যথা ৰীতি অনুসৰি আৱেদন কৰিব লাগে।

    আৱেদনকাৰীৰ হাতত প্ৰদান কৰিবলৈ ``প্ৰয়োজনীয় নথি-পত্ৰ`` শাখাৰ অধীনত তালিকাভূক্ত কৰা দৰকাৰী নথিসমুহ থকাটো নিশ্চিত কৰি স্বাস্থ্য সেৱাৰ সঞ্চালকায়ত প্ৰৱেশ কৰি যথা ৰীতি অনুসৰি আৱেদন কৰিব লাগে।

  5. অৰ্হতাসম্পন্ন শ্ৰেণী : এটা মৃত্যু ঘটনা ঘটাৰ ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে।
  6. পৰিশোধ কৰাৰ ধৰণ সহিতে মাচুল : অনলাইন `প্ৰক্ৰিয়াকৰণ মাচুল ৩০ টকা, প্ৰতি পৃষ্ঠাৰ ছপা মাচুল ১০ টকা, স্কেনিং মাচুল ৫ টকা`।
  7. আৱেদন পত্ৰৰ লগত গাঁঠি দিব লগা প্ৰয়োজনীয় নথি-পত্ৰ বোৰ

    (ক) আৱেদন পত্ৰৰ স্কেন কপি

    (খ) হস্পিতেল বা নাৰ্চিং হোমৰ পৰা উলিওৱা মৃত্যুৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)

    (গ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)

    (ঘ) মৰণোত্তৰ প্ৰতিৱেদন (যদি প্ৰযোজ্য)

    (ঙ) পলমকৈ কৰা মৃত্যুৰ পঞ্জীয়নৰ কাৰণে অনুমতি (যদি প্ৰযোজ্য)

    (চ) আন যি কোনো নথি পত্ৰ

  8. গুৰুত্বপূৰ্ণ সময়সূচী

    (ক) দাখিল কৰা নিৰ্দিষ্ট দিন : জন্মৰ তাৰিখৰ পৰা ২১ দিনৰ ভিতৰত।

    (খ) প্ৰক্ৰিয়াকৰণৰ সময় (প্ৰায়) দহ দিন।

  9. যিকোনো প্ৰশ্ন সোধাৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব –

    যি কোনো জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকক।

  10. সেৱাবোৰ অন লাইন নে অফলাইন

    (ক) অফ লাইনৰ কাৰণে : ৰাজহুৱা সুবিধাজনক কেন্দ্ৰ

    (খ) অন লাইনৰ বাবে : "www.assam.gov.in"

  11. সেৱাৰ ফলাফল : মৃত্যুৰ প্ৰমাণ পত্ৰ