মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

জন্মৰ প্ৰমাণ পত্ৰৰ কাৰণে আৱেদন

নিৰীক্ষণ তালিকা :

  • সময়সীমা
  • আৱেদন পত্ৰৰ স্কেন কপি
  • জন্মৰ প্ৰমাণ পত্ৰ চিকিৎসালয় / বা নাৰ্চিং হোমৰ পৰা জাৰি কৰা (বাধ্যতামূলক)
  • গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)
  • অনলাইন পেমেণ্ট
  • যিকোনো জিলাৰ স্বাস্থ্য সেৱাৰ, যুটীয়া সঞ্চালক
  1. কৰ্মসূচীৰ সংক্ষিপ্ত ৰূপৰেখা ::

    জন্মৰ প্ৰমাণ পত্ৰ খন এখন বৰ গুৰুত্বপূৰ্ণ পৰিচয়ৰ তথ্যপত্ৰ যি খনে যি কোনো এজনক সম্ভৱ কৰি তোলে অধিকাৰ, ভাৰত চৰকাৰে ইয়াৰ নাগৰিকক দিয়া সেৱামূলক অৱধিৰ লাভ গ্ৰহণ কৰিবলৈ। জন্ম পত্ৰখন লাভ কৰাৰ প্ৰয়োজন আছে কাৰণ ইয়ে এজনৰ জন্মৰ তাৰিখ আৰু তথ্য প্ৰমাণ প্ৰতিষ্ঠা কৰে সকলো পৰিসৰৰ উদ্দেশ্যৰ কাৰণে, যেনে ভোটৰ অধিকাৰ লাভ কৰা, বিদ্যালয়ত নাম ভৰ্তি কৰোৱা আৰু চৰকাৰী চাকৰিৰ কাৰণে, যথা সম্ভৱ বৈধ বয়সত বিয়া-বাৰু পতাৰ অধিকাৰ, পৈত্ৰিক স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ অধিকাৰ প্ৰাপ্তিৰ মীমাংসা আৰু চৰকাৰে প্ৰকাশ কৰা পৰিচয় পত্ৰ যেনে ড্ৰাইভিং লাইচেঞ্চ বা পাচপ`ৰ্টআদি লাভৰ বাবে।

  2. সেৱাৰ নিয়মিত যোগানৰ কাৰণে সামগ্ৰীক ব্যৱস্থা
  3. প্ৰ-পত্ৰ পুৰণৰ কাৰণে

    জন্মৰ প্ৰমাণ পত্ৰৰ কাৰণে আৱেদন

  4. প্ৰ-পত্ৰ পুৰুৱাৰ নিৰ্দেশৱলী
    • এজন শিশু জন্মৰ পৰা ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে।
    • জন্মৰ পৰা ২১ দিনৰ নিৰ্ধাৰিত সময়ত যি পঞ্জীয়ন কৰিবলৈ অপাৰগ সেইজনে অভিযোগহীনতাৰ প্ৰমাণ পত্ৰ (এন ও চি ) লাভ কৰিব লাগে যিখন প্ৰকাশ কৰা হয় যেতিয়া জন্মৰ পাছৰ পৰা এবছৰৰ বেছি সময় উকলি যায়।
    • আৱেদনকাৰীয়ে প্ৰমাণপত্ৰৰ কাৰেণে আৱেদন কৰিব পাৰে উপায়ুক্তৰ কাৰ্য্যালয়ত, ৰাজহুৱাভাৱে সুচল কেন্দ্ৰৰ ৰচিদ কাউণ্টাৰত।
    • অপাৰেটৰে আৱেদন গ্ৰহণ কৰি কম্পিউটাৰৰ পৰা বাহিৰ কৰা ৰচিদ দিব।
    • আৱেদন পত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰমাণ পত্ৰৰ প্ৰিণ্ট আউট ল`ব পাৰিব।
    • প্ৰমাণ পত্ৰ, নথি-পত্ৰ সহিতে সংশ্লিষ্ট বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হয় আৰু স্বাক্ষৰৰ জৰিয়তে বিষয়াৰ অনুমোদন লাভ কৰি প্ৰমাণ পত্ৰ খন ৰচিদ কাউণ্টাৰলৈ ঘূৰাই পঠোৱা হয়।

    আৱেদনকাৰীৰ হাতত প্ৰদান কৰিবলৈ `প্ৰয়োজনীয় নথি-পত্ৰ শাখাৰ অধীনত তালিকাভূক্ত কৰা দৰকাৰী নথিসমুহ থকাটো নিশ্চিত কৰি স্বাস্থ্য সেৱাৰ সঞ্চালকায়ত প্ৰৱেশ কৰি যথা ৰীতি অনুসৰি আৱেদন কৰিব লাগে।

  5. অৰ্হতাসম্পন্ন শ্ৰেণী : প্ৰতিটো জন্মৰ প্ৰতিৱেদন পঠাব লাগে আৰু নিৰ্ধাৰিত প্ৰতিৱেদনৰ প্ৰপত্ৰত ২১ দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগে জন্ম হোৱা ঠাইত।
  6. পৰিশোধ কৰাৰ ধৰণ সহিতে মাচুল : অনলাইন `প্ৰক্ৰিয়াকৰণ মাচুল ৩০ টকা, প্ৰতি পৃষ্ঠাৰ ছপা মাচুল ১০ টকা, স্কেনিং মাচুল ৫ টকা`।
  7. প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে অন্তৰ্ভূক্ত হ`ব

    (ক) আৱেদন প্ৰপত্ৰৰ স্কেন কপি

    (খ) হস্পিতেল বা নাৰ্চিং হোমৰ পৰা উলিওৱা জন্মৰ প্ৰমাণ পত্ৰ (বাধ্যতামূলক)

    (গ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)

    (ঘ) গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ (বাধ্যতামূলক)

    (ঙ) আন যি কোনো নথি পত্ৰ

  8. ৮. গুৰুত্বপূৰ্ণ সময়সূচী

    (ক) দাখিল কৰা নিৰ্দিষ্ট দিন : জন্মৰ তাৰিখৰ পৰা ২১ দিনৰ ভিতৰত।

    (খ) প্ৰক্ৰিয়াকৰণৰ সময় (প্ৰায়) দহ দিন।

  9. যিকোনো প্ৰশ্ন সোধাৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব -

    যি কোনো জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকক।

  10. সেৱাবোৰ অন লাইন নে অফলাইন

    (ক) অফ লাইনৰ কাৰণে : ৰাজহুৱা সুবিধাজনক কেন্দ্ৰ

    (খ) অন লাইনৰ বাবে "www.assam.gov.in"

  11. সেৱাৰ ফলাফল : জন্ম প্ৰতিৱেদন