মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

প্ৰতিষেধক
 

প্ৰতিষেধক কি ?

প্ৰতিষেধকে শিশুসকলক (আৰু পাপ্তবয়স্ক সকলক) ক্ষতিকাৰক সংক্ৰমনৰ পাৰ ৰক্ষা কৰে সম্প্ৰদায়ৰ লগত সেইসমূহৰ যোগাযোগৰ আগতেই।

প্ৰতিষেধকে শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা প্ৰণালীক ব্যৱহাৰ কৰে-প্ৰতিৰক্ষা সমূহে প্ৰতিক্ৰিয়া কৰে- নিৰ্দিষ্ট সংক্ৰমনৰ প্ৰতিৰোধ গঢ়ি তোলাত। বাল্যকালৰ নিয়মিত প্ৰতিষেধকে নটা ৰোগৰ পৰা প্ৰতিৰোধ কৰিব পাৰে-ডিপথেৰিয়া, টিটেনাচ, হুপিং কাহ,পলিঅ`মাইলিটিচ (পলিঅ`), সৰু আই, পিঠাখোৱা, ৰুবেলা, হেম`ফিলিয়াচ ইনফ্লুয়েঞ্জা টাইপ বি (এইচ আই বি) আৰু হেপাটাইটিচ বি। এই সকলো ৰোগে গুৰুতৰ জতিলতাৰ সৃষ্টি কৰে আৰু কেতিয়াবে কেতিয়াবে মৃত্যু পৰ্য্যন্ত হ`ব পাৰে।

প্ৰতিষেধক ইঞ্জেকশ্বন হিছাবে বা, পলিঅ` ভেকচিনৰ ক্ষেত্ৰত, মুখেৰে ড্ৰপ হিছাবে দিয়া হয়। প্ৰতিষেধকে গুৰুতৰ সংক্ৰমনৰ পৰা প্ৰতিৰোধ কৰে আৰু শিশু সকলক সুস্থ হৈ থকাত সহায় কৰে।

প্ৰতিষেধক আৰু টিকাকৰণ
কৌশলী ৰূপত `টিকাকৰণ` শব্দ ব্যৱহাৰ টিকা দিয়াৰ কাৰণে কৰা হয়, ইঞ্জেকশ্বন বা ড্ৰপ হিছাবে লোৱা হয়। প্ৰতিষেধক হ`ল টিকা লোৱাৰ কাৰণে বা উভয় পদ্ধতিৰ কাৰণে ব্যৱহৃত হোৱা শব্দ আৰু টিকাকৰণৰ ফলত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। বেছিভাগ লোকেই `প্ৰতিষেধক` আৰু `টিকা` সলনা সলনিকৈ ব্যৱহাৰ কৰে কিন্তু এইসকলৰ অৰ্থ একে নহয় কিয়নো প্ৰতিৰক্ষাই প্ৰায়ে টিকাকৰণক অনুসৰণ কৰে কিন্তু সৰ্বাধিক ক্ষেত্ৰত নহয়। এই কাৰণে এই কিতাপৰ উদ্দেশ্য, আমি `প্ৰতিষেধক` শব্দটো ব্যৱহাৰ কৰিছো কাৰণ ই এটা সম্প্ৰদায়ৰ সৰ্বাধিক ব্যৱহৃত অভিব্যক্তি।

প্ৰতিষেধকে কেনেকৈ কাম কৰে ?
সকলো ধৰণৰ প্ৰতিষেধকে একে ধৰণে কাম কৰে। যেতিয়া কোনো ব্যক্তিয়ে ইঞ্জেকশ্বন সৈতে, বা মুখেৰা, প্ৰতিষেধক গ্ৰহণ কৰে, তেওঁলোকৰ শৰীৰে ৰোগৰ প্ৰাদুৰ্ভাৱৰ অনুসকৰণ কৰি ৰোগ প্ৰতিৰোধৰ প্ৰতিকূল প্ৰতিক্ৰিয়া কৰে ৰোগ নোহোৱা কৈয়ে। যদি কোনো ব্যক্তি ভবিষ্যতে ৰোগৰ সংস্পৰ্শলৈ আহে, ব্যক্তিজন অসুস্থ হৈ পৰাৰ আগতেই প্ৰতিৰোধকে দ্ৰুতগতিত কাম কৰিবলৈ আৰম্ভ কৰে।

টিকা মানে কি ?
কিছুমান টিকাত বহুতো কম মাত্ৰাত জীৱিত কিন্তু দূৰ্বল ৰূপত ভাইৰাচ থাকে। কিছুমান টিকাত মৃত বেক্টেৰিয়া বা বেক্টেৰিয়াৰ ক্ষুদ্ৰ অংশসমূহৰ এটা খুব সৰু মাত্ৰা থাকে, আৰু অন্য টিকা সমূহত বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন টক্সিনৰ সংশোধিত ৰূপৰ এক সৰু মাত্ৰা থাকে। টিকাত হয় কম মাত্ৰাত সংৰক্ষক থাকে বা নহ`লে কম মাত্ৰাত এণ্টিবায়`টিক থাকে টিকা সংৰক্ষণৰ কাৰণে। কিছুমান টিকাত বহুত কম মাত্ৰাত এলুমিনিয়াম লৱণ থাকিব পাৰে যিয়ে এটা ভাল প্ৰতিৰক্ষা প্ৰক্ৰিয়াত সহায় কৰে।

প্ৰতিষেধকে কিমান সময়ৰ ভিতৰত কাম কৰে ?
সাধাৰণতে, স্বাভাৱিক প্ৰতিষেধকে প্ৰতিক্ৰিয়া কৰাৰ কাৰণে বহু কেই সপ্তাহ সময় লয়। ইয়াৰ মানে এইটোৱে যে প্ৰতিষেধক গ্ৰহণ কৰাৰ লগে লগে সংক্ৰমনৰ পৰা সুৰক্ষা পোৱা নাযায়। দীৰ্ঘস্থায়ী সুৰক্ষা বজায় ৰখাৰ কাৰণে বেছি সংখ্যক টিকাকেই বহুবাৰ লোৱা উচিত। এটি শিশুক যাক ডিপথেৰিয়া-টিটেনাচ-পাৰ্টুচিচ ভেকচিন (ডি.টি.পি)ৰ এটা বা দুটা খোৰাক দিয়া হয় যি ডিপথেৰিয়াৰ পৰা অংশিক ভাৱে সুৰক্ষিত হয়, পাৰ্টুচিচ (হুপিং কাহ) আৰু টিটেনাচ, আৰু যদি এই ৰোগ সমূহৰ লক্ষণ দেখা যায় তেনেহ`লে অসুস্থ হ`ব পাৰে। প্ৰতিষেধক কিমান দিনলৈকে থাকে? প্ৰতিষেধকৰ সুৰক্ষাত্মক প্ৰভাব সদায় জীৱন জোৰা নহয়। কিছুমান, টিটেনাচ প্ৰতিষেধকৰ নিচিনাকৈ, ৩০ বছৰ পৰ্য্যন্ত থাকিব পাৰে, ইয়াৰ পিছত এটা বুষ্টাৰ মাত্ৰা দিয়া উচিত। কিছুমান টিকা, যেনে হুপিং কাহ, সম্পূৰ্ণ ক`ৰ্চৰ পিছত পাঁচ বছৰলৈকে সুৰক্ষা দিব পাৰে।

প্ৰতিষেধকৰ দ্বাৰা ৰোগৰ পৰা সকলোৱে সুৰক্ষিত নেকি ?
সকলোৱে কিন্তু ৰোগৰ পৰা সুৰক্ষিত নহয় যদিও এটা ভেকচিনৰ সকলো খোৰাক লোৱা হৈছে। সৰু আই, পিঠাখোৱা, ৰুবেলা, টিটেনাচ, পলিঅ` আৰু হিব ভেকচিনে ৯৫ % ৰ বেছি শিশুক সুৰক্ষা প্ৰদান কৰে যিয়ে এই ক্ৰম সম্পূৰ্ণ কৰে। হুপিং কাহৰ তিনিটা খোৰাকে প্ৰায় ৮৫% শিশুক সুৰক্ষা প্ৰদান কৰে, যাক প্ৰতিষেধক প্ৰদান কৰা হৈছে, আৰু অন্য ১৫% শিশুৰ (যাক প্ৰতিষেধক দিয়া হৈছে)বেমাৰৰ গভীৰতাক কম কৰি দিয়ে, যদি তেওঁলোক হুপিং কাহৰ দ্বাৰা আক্ৰান্ত হয়। বুষ্টাৰ খোৰাকৰ দৰকাৰ হয় কাৰণ সময়ৰ লগে লগে শৰীৰৰ প্ৰতিৰক্ষা কমি আহে। হেপাটাইটিচ বি ভেকচিনৰ তিনিটা খোৰাকে ৯৫% শিশুক সুৰক্ষা প্ৰদান কৰে।

শিশুক কিহৰ কাৰণে ইমান সংখ্যক প্ৰতিষেধকৰ দৰকাৰ হয়?
শৈশৱৰ সৰ্বাধিক গুৰুতৰ সংক্ৰমনৰ বিৰুদ্ধে শিশুটিক ৰক্ষা কৰাৰ কাৰণে শিশুটিৰ জীৱনৰ প্ৰথম কেই বছৰ মান ভালেমান সংখ্যক প্ৰতিষেধকৰ প্ৰয়োজন। কম বয়সৰ শিশু সকলৰ প্ৰতিৰক্ষা প্ৰণালী ডাঙৰ শিশু আৰু বয়সস্থ সকলৰ প্ৰতিৰক্ষা প্ৰণালীৰ নিচিনাকৈ কাম নকৰে, কিয়নো ই এতিয়াও অপৰিপক্ক হয়। সেই কাৰণে প্ৰতিষেধকৰ বেছি মাত্ৰাৰ প্ৰয়োজন হয়। জীৱনৰ প্ৰথম মাহত, শিশুটি মাকৰ পৰা লাভ কৰা এণ্টিবডিৰ দ্বাৰা সৰ্বাধিক সুৰক্ষিত থাকে যি গৰ্ভাৱস্থাত থকা সময়ত শিশুটিলৈ স্থানান্তৰিত হয়। যেতিয়াই এই এণ্টিবডি সমূহ বন্ধ হৈ যায়, তেতিয়াই শিশুটি গুৰুতৰ ভাবুকিৰ সন্মুখীন হয় আৰু সেই কাৰণে এই এণ্টিবডি সমূহ আগে ভাগে দিয়া উচিত।

প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া কি?
প্ৰতিষেধকৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া হ`ল ইঞ্জেকশ্বন লোৱা জেগা ৰঙা হোৱা আৰু বিষ আৰু লগতে জ্বৰ উঠিব পাৰে। প্ৰতিষেধকৰ পৰা পোৱা লাভ হ`ল বেমাৰৰ পৰা সুৰক্ষা, কিন্তু কেতিয়াবা এই লক্ষণ সমূহৰ কাৰণে আপুনি চিন্তাত পৰিব পাৰে, আৰু শিশুটিক বিচলিত কৰিব পাৰে। জ্বৰ আৰু বিষ কমোৱাৰ কাৰণে পেৰাচিটামল ব্যৱহাৰ কৰিব লগীয়া হ`ব পাৰে। অধিক তথ্যৰ কাৰণে, প্ৰতিষেধকৰ সামান্য পাৰ্শ্বক্ৰিয়া আৰু ইয়াৰ সম্পৰ্কে কি কৰিব লাগে তাৰ বিষয়ে প্ৰেৰণ কৰক। অন্যান্য পাৰ্শ্বক্ৰিয়া সমূহ অতি বিৰল কিন্তু যদি সেইসমূহে দেখা দিয়ে, তেনেহ`লে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

মই মোৰ শিশুটিক কিয় প্ৰতিষেধক দিয়া উচিত ?
অষ্ট্ৰেলিয়াত দুটা কাৰণত সকলোকে প্ৰতিষেধক দিয়া হয় :

  1. ৰোগৰ বিৰুদ্ধে সকলোকে সুৰক্ষা দিয়াৰ সকলোতকৈ সুৰক্ষিত আৰু নিৰাপদ কাৰ্য্যকৰী উপায় হ`ল প্ৰতিষেধক। প্ৰতিষেধকৰ পিছত, সমূদায়ত যদি ৰোগৰ আবিৰ্ভাৱ হয় তেনেহ`লে আপোনাৰ শিশুটি ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা কম হয়। ৰোগৰ বিৰুদ্ধে সুৰক্ষা সমূহৰ তুলনাত প্ৰতিষেধকে খুব কম ভাবুকি বহন কৰে।
  2. যদি সমূদায়ত যথেষ্ট সংখ্যক মানুহক প্ৰতিষেধক প্ৰদান কৰা থাকে, তেনেহ`লে সংক্ৰমন মানুহৰ পৰা মানুহলৈ বিয়পি পৰিব নোৱাৰে আৰু ৰোগৰ বীজাণু সম্পূৰ্ণভাৱে মৰি যায়। এই ধৰণে সৰু আই বিশ্বৰ পৰা নাইকিয়া হয়, আৰু পলিঅ` বহু দেশৰ পৰা অদৃশ্য হৈ গৈছে।
Downloads
TitleSizeDetail
প্ৰতিষেধক কাৰ্য্যসূচী-২০১৬55.66 KBswf-image