মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

স্বাস্থ্য পৰীক্ষা সেৱা

অসমৰ সকলো চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ কাৰণে অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা মুকলি কৰে। স্বাস্থ্য সেৱাৰ সুবিধা সমূহ উন্নত কৰাৰ কাৰণে বিনামূলীয়া পৰীক্ষা সেৱা অসম চৰকাৰৰ এটা উদ্যোগ। ৰাজ্য জুৰি ১৬ খন জিলা চিকিৎসালয়ত আৰু আঞ্চলিক ৰোগ নিৰ্ণয় কেন্দ্ৰ সমূহত মূখ্য মন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষা সেৱা উদ্বোধন কৰা হয়।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা সমূহৰ উপকাৰিতা:

  • এই আঁচনিৰ অধীনত, ৰাজ্য চৰকাৰে এ পি এল আৰু বি পি এল সকলৰ বাবে নিৰপেক্ষভাৱে বিনামূলীয়া এক্স-ৰে আৰু পৰীক্ষাগাৰৰ ব্যৱস্থা কৰে।
  • বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাই দৰিদ্ৰ সকলৰ কাৰণে সকলোতকৈ উত্তম ৰোগ নিৰ্ণয় সহজতৰ কৰে, মূখ্য মন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে যে আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱাৰ পৰিসেৱা সমূহৰ উন্নতি হোৱাত সহায়ক হ`ব।
  • এই আঁচনিৰ অধীনত, চি টি স্কেনৰ প্ৰতিৱেদন ৬ ঘণ্টাৰ ভিতৰত আৰু জৰুৰী ক্ষেত্ৰত ২ ঘণ্টাৰ ভিতৰত প্ৰদান কৰা হ`ব।
  • চৰকাৰী স্বাস্থ্য সংস্থা কৰ্তৃত্ব প্ৰদত্ত সকলো ৰোগীকে চি টি স্কেন সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ`ব।
  • এক্স-ৰে সেৱাসমূহৰ কাৰণে, সৰ্বমুঠ ৯৯ খন স্বাস্থ্য কেন্দ্ৰ নিৰ্বাচিত কৰা হৈছে যি সমূহ টেলিৰেডিঅ`ল`জিৰ সৈতে জড়িত থাকিব বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱাৰ অধীনত।
  • সাধাৰণ ক্ষেত্ৰত ২৪ ঘণ্টাত আৰু জৰুৰী ক্ষেত্ৰত ৩ ঘণ্টাত প্ৰতিৱেদন সমূহ প্ৰদান কৰা হ`ব। সৰ্বমুঠ ৫৬ বিধ পৰীক্ষা সামৰিলোৱা হৈছে মূখ্য মন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ অধীনত।

এইটো পৰিকল্পনা কৰা হয় যে ৰাজ্য চৰকাৰৰ সকলো চিকিৎসালয়ে, চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে, বিনামূলীয়া সেৱা সমূহ প্ৰদান কৰিব। প্ৰথম পৰ্য্যায়ত, এই অঁচনিয়ে ৰাজ্যিক অসামৰিক চিকিৎসালয় সমূহক সামৰি ল`ব, কামৰূপ, শোণিতপুৰ, গোৱালপাৰা, বঙাইগাওঁ, গোলাঘাট, কামৰূপ (মহানগৰ), দৰং, ধুবুৰী, কোকৰাঝাৰ, হাইলাকান্দি, লখিমপুৰ, ধেমাজী, নলবাৰী, বাক্সা, বৰপেটা আৰু ডিমা হাচাও হ`ল প্ৰথম ৰেফাৰেল ইউনিট আৰু আঞ্চলিক জিলা চিকিৎসালয়।

মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাসমূহ:

পটভূমি:

চিকিৎসাৰ বিষয়ে ফলদায়ক সিদ্ধান্ত ল`বলৈ মেডিকেলৰ চিকিৎসকৰ কাৰণে উন্নতমানৰ স্বাস্থ্য পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। পৰ্য্যাপ্ত গুণগত মানৰ ৰঞ্জন ৰশ্মি সেৱা স্বাস্থ্য ব্যৱস্থাৰ কাৰণে এক প্ৰত্যাহ্বান। জেপৰ পইচা খৰচ নোহোৱাকৈ ৰোগীৰ স্বাস্থ্য পৰীক্ষণ বৃদ্ধি পাব ধৰিছে আৰু দৰবৰ পাছতে এনেকুৱা খৰচ দ্বিতীয় মুখ্য খণ্ড হিচাবে ধৰা হয়।

উপৰোক্ত বিষয় মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ ওপৰত পূৰ্বালোকন কৰি কোৱা হয় যে স্বাস্থ্য প্ৰতিষ্ঠানবোৰত নুন্যতম স্বাস্থ্য পৰীক্ষাৰ পৰ্য্যাপ্ততা নিশ্চিতি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ অধীনত চি টি স্কেন, এক্স-ৰে আৰু পৰীক্ষাগাৰৰ সেৱা আদি বিনামূলীয়াকৈ সেৱাৰ যোগান ধৰা হ`ব এ পি এল/বি পি এলৰ মান নিৰ্বিশেষে।

 

কাৰ্য্যক্ৰমৰ অৱলোকন:

চি টি স্কেন সেৱা সমূহ:

২৮ টা চি টি স্কেন কেন্দ্ৰ ২৮ খন জিলা হস্পিতেলত প্ৰতিষ্ঠা কৰ হ`ব। ইয়াৰ ভিতৰত ১৬ টা কেন্দ্ৰ সম্পূৰ্ণ কৰা হৈছে আৰু আন ১২ টা কেন্দ্ৰই অতি সোনকালে কাম আৰম্ভ কৰিব।

অৰ্হতাসম্পন্ন ৰঞ্জন ৰশ্মি বিশেষজ্ঞৰ দ্বাৰা তেজস্ক্ৰিয় ৰশ্মিৰ সহায়ত প্ৰস্তুত কৰা স্কেন প্ৰতিবিম্ব লাভ কৰিব অৰ্হতাসম্পন্ন ৰঞ্জন ৰশ্মি বিশেষজ্ঞৰ প্ৰতিৱেদনত। সাধাৰণ ৰোগীক প্ৰতিৱেদন দিয়া হ`ব ৬ ঘণ্টা আৰু জৰুৰী অৱস্থাত ২ ঘণ্টাৰ ভিতৰতে প্ৰদান কৰা হ`ব। চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানে প্ৰেৰণ কৰা সকলো ৰোগীকে চি টি স্কেন সেৱা বিনামূলীয়াকৈ যোগান ধৰা হ`ব।

সকলোবোৰ চি টি স্কেন যন্ত্ৰ যি সংস্থাপিত কৰা হৈছে সকলোবোৰ ভাৰতত তৈয়াৰ কৰা মাননীয় প্ৰধান মন্ত্ৰীয়ে শুভাৰম্ভ কৰা আৰু সৰ্বপ্ৰথম বাৰৰ বাবে ইমান বৃহৎ আকাৰত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা কৰা হয়।

এক্স-ৰে সেৱা:

চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰাপ্ত সকলো এক্স-ৰে যন্ত্ৰ (পি এইচ চি/চি এইচ চি/ডি এইচ)ত সংযোগ কৰা হৈছে তেজস্ক্ৰিয় ৰঞ্জন ৰশ্মিৰ জৰিয়তে। এক্স-ৰে প্ৰতিবিম্ব ধৰি ৰখা হয় ৰঞ্জন ৰশ্মি বিশেষজ্ঞৰ দ্বাৰা আৰু কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় তেজস্ক্ৰিয় ৰশ্মিৰ জৰিয়তে। কেন্দ্ৰত থকা ৰঞ্জন ৰশ্মি বিশেষজ্ঞই প্ৰতিবিম্ব বিশ্লেষণ কৰিব আৰু বৈদ্যুতিক মাধ্যমত প্ৰতিৱেদন লিখিব। সেই প্ৰতিৱেদন সংশ্লিষ্ট প্ৰতিষ্ঠানলৈ ওভতাই প্ৰেৰণ কৰা হয় আৰু ৰোগীয়ে ডিজিটেল এক্স-ৰে প্ৰতিবিম্ব লাভ কৰিব ৰেডিঅ`ল`জিষ্টৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিৱেদনৰ লগত। চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ (পি এইচ চি/চি এইচ চি/ডি এইচ)ত সকলো ৰোগীক বিনামূলীয়া এক্স-ৰে সেৱাৰ যোগান ধৰা হয়।

মুঠ ৯৯ খন স্বাস্থ্য প্ৰতিষ্ঠান বাছনি কৰা হয় তেজস্ক্ৰিয় ৰশ্মিৰ দ্বাৰা সংযোগ কৰিবলৈ। ৭২ খন কেন্দ্ৰই বৰ্তমান কাম কৰি আছে আৰু বাকীবোৰেও অনতিপলমে কাম আৰম্ভ কৰিব।

পৰীক্ষাগাৰৰ সেৱা :

পি এইচ চি/চি এইচ চি/ডি এইচ বোৰত পৰীক্ষাগাৰ সেৱা জিলা কেন্দ্ৰৰ জৰিয়তে হাব আৰু স্পোক মডেলৰ আৰ্হিত বিনামূলীয়াকৈ লাভ কৰিব। জিলা পৰীক্ষাগাৰ ২৮ খন জিলা হস্পিতেলত স্থাপন কৰা হ`ব। এই পৰীক্ষাগাৰবোৰ কলা-কৌশল-প্ৰযুক্তি আৰু সা-সঁজুলিৰে সজ্জিত কৰা হ`ব। সকলোবোৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ পৰা নমুনা সংগ্ৰহ কৰা হ`ব আৰু জিলা পৰীক্ষগাৰলৈ প্ৰেৰণ কৰা হ`ব। কেন্দ্ৰীয় পৰীক্ষাগাৰত নমুনা বিশ্লেষণ কৰা হ`ব আৰু তাৰ প্ৰতিৱেদন (বৈদ্যুতিন মাধ্যম একেধৰণে হাৰ্ড কপিৰে) সংশ্লিষ্ট স্বাস্থ্য প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হ`ব আৰু পিচদিনা ৰোগীয়ে সেই প্ৰতিৱেদন লাভ কৰিব পাৰিব।

সাধাৰণ ৰোগীৰ প্ৰতিৱেদন ২৪ ঘণ্টাৰ ভিতৰত আৰু জৰুৰী কেছ হ`লে ৩ ঘণ্টাৰ ভিতৰতে লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ বিনামূলীয়া স্বাস্থ্য সেৱাৰ অধীনত সৰ্বমুঠ ৫৬ বিধ পৰীক্ষা সামৰি লোৱা হৈছে।