মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

শিশু স্বাস্থ্য যত্ন
 

শিশু স্বাস্থ্য কি?

শিশু স্বাস্থ্য শাৰীৰিক, মানসিক, বুদ্ধিবৃত্তি, সামাজিক আৰু মানসিক সুস্থতাৰ এটা অৱস্থা আন কোনো ৰোগৰ অভাৱ বা দুৰ্বলতা নহয়। সুস্থ শিশুসমূহে বাস কৰা পৰিয়াল, পৰিবেশ আৰু সম্প্ৰদায় সমূহে সুবিধা প্ৰদান কৰে যিয়ে তেওঁলোকৰ পূৰ্ণাঙ্গ বিকাশৰ সাম্ভাৱতা অৰ্জনৰ সুবিধা প্ৰদান কৰে।

শিশু স্বাস্থ্যসেৱাৰ কাৰণে আমাৰ পৰিকল্পনা :

  1. তালু আৰু ওঁঠ ফটা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ
  2. জন্মগত হৃদৰোগ থকা শিশুৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ
  3. স্নেহস্পৰ্শ

শিশুৰ কাৰণে মহত্বপূৰ্ণ স্বাস্থ্য ক্ষেত্ৰ :

২০১১ চনত পাঁচ বছৰৰ কম বয়সৰ ৬.৯ মিলিয়ন শিশুৰ মৃত্যু হয়-প্ৰায় প্ৰতি ঘণ্টাত ৮০০ জনকৈ – কিন্তু অধিকাংশ শিশুয়েই এই ভাবুকিৰ পৰা বাছি যায় সহজ সশ্ৰয়ী মূল্যৰ হস্তক্ষেপৰ সৈতে।

জীৱনৰ প্ৰথম কেইমাহত মৃত্যুৰ বিপদ সকলোতকৈ বেছি। অপৰিপক্ক জন্ম, জন্ম অক্ষমতা, আৰু সংক্ৰমন বেছিসংখ্যক নৱজাতকৰ মৃত্যুৰ কাৰণ হয়। নৱজাতকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কমাই অনা হয়:

  • গৰ্ভাৱস্থাত গুণগত যত্ন;
  • দক্ষ জন্ম পৰিচৰ্য্যাৰ দ্বাৰা নিৰাপদ প্ৰসৱ; আৰু
  • দৃঢ় নৱজাতকৰ যত্ন: শ্বাস আৰু উষ্ঞতা, স্বাস্থ্যকৰ ৰজ্জু আৰু ছালৰ যত্ন, আৰু বিশেষ স্তনপানৰ প্ৰাৰম্ভিক আৰম্ভণি। এক মাহৰ পৰা পাঁচ বছৰ বয়স পৰ্য্যন্ত, মৃত্যুৰ প্ৰধান কাৰণ হ`ল নিউম`নিয়া, ডায়েৰিয়া, মেলেৰিয়া আৰু সৰু আই। শিশুৰ মৃত্যুৰ হাৰৰ এক তৃতীয়াংশতকৈ বেছি অপুষ্টিৰ অৰিহণাৰ কাৰণে হয় বুলি অনুমান কৰা হয়।
  • পাঁচ বছৰ বয়সৰ শিশু সকলৰ মাজত নিউম`নিয়া হ`ল মৃত্যুৰ প্ৰধান কাৰণ। প্ৰধান ভাবুকিৰ কাৰণ সমূহ হ`ল অপুষ্টি আৰু গৃহমাধ্যমত বায়ু প্ৰদূষণ-নিউম`নিয়া প্ৰতিৰোধ কৰা অত্যাৱশ্যকীয়, যেনে টিকা আৰু স্তনপান কৰোৱা। কাৰ্য্যকৰীভাৱে অসুস্থতাৰ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ সৰঞ্জাম হ`ল এণ্টিবায়`টিক আৰু অক্সিজেন।
  • ডায়েৰিয়াজনিত ৰোগসমূহ উন্নয়নশীল দেশৰ শিশু সমূহৰ মাজত অসুস্থতাৰ আৰু মৃত্যুৰ এটা প্ৰধান কাৰণ। স্তন্যপানে সৰু শিশু সকলৰ মাজত ডায়েৰিয়া প্ৰতিৰোধত সহায় কৰে। পুনৰ জলযোজন নিমখ (ও আৰ এছ) সহ জিংক পৰিপুৰক অসুস্থ শিশু সকলৰ চিকিৎসাৰ কাৰণে নিৰাপদ, কম-খৰচী আৰু জীৱন বচোৱাত সহায় কৰে।
  • মেলেৰিয়াৰ কাৰণে এক মিনিটত এজন শিশুৰ মৃত্যু হয়। কীটনাশক-চিকিৎসাৰ জালে সংক্ৰমন প্ৰতিৰোধ কৰে আৰু শিশুৰ অস্তিত্ব বৃদ্ধি কৰে।
  • এইচ আই ভি সংক্ৰমিত শিশুসকলৰ বেছি ভাগেই মাকৰ-পৰা-শিশু সংক্ৰমনৰ মাধ্যমেৰে আক্ৰান্ত হয়; ইয়াক এণ্টিৰেট্ৰ`ভাইৰেলচৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি, লগতে নিৰাপদ প্ৰসৱ আৰু স্তনপানৰ অভ্যাসৰ দ্বাৰা।
  • যদি স্তনপানৰ নিৰ্দেশিকা অনুকৰণ কৰা হয় তেনেহ`লে বিশ্বজুৰি পাঁচ বছৰৰ তলৰ শিশুৰ ২০ % মৃত্যুৰ হাৰ এৰাই চলিব পৰা হ`ব। ডব্লিউ এইচ ওৱে ছয় মাহৰ কাৰণে অকল স্তনপান, ছয় মাহৰ উপযুক্ত বয়সত নিৰাপদ পৰিপুৰক খাদ্য প্ৰৱৰ্তন কৰা, আৰু দুই বা তাতোধিক বেছি বছৰৰ কাৰণে স্তনপান জাৰি ৰখাৰ পৰামৰ্শ দিছে।   
  • প্ৰায় দুই-তৃতীয়াংশ শিশুৰ মৃত্যুৰ হাৰ ব্যৱহাৰিক, কম খৰচি হস্তক্ষেপৰ মাধ্যমেৰে প্ৰতিৰোধ কৰা যায়। সংহত প্ৰসৱ, ক্ৰমাগত কাৰ্য্যকৰী যত্ন – মাকৰ কাৰণে এটি সুস্থ গৰ্ভৱস্থাৰ সৈতে আৰম্ভণি, জন্মৰ পাঁচ বছৰৰ পৰ্য্যন্ত যত্ন আদিৰ মাধ্যমেৰে ডব্লিউ এইচ ওৱে দেশ সমূহক শিশুৰ স্বাস্থ্যৰ উন্নতি কৰাত সহায় কৰিছে। শক্তিশালী স্বাস্থ্য ব্যৱস্থাত বিনিয়োগ হৈছে প্ৰতিৰোধ আৰু গুণগত যত্নৰ বিতৰণৰ কাৰণে মহত্বপূৰ্ণ। 
 

নিউম`নিয়া:

মূল তথ্য

  • পাঁচ বছৰৰ কম বয়সৰ শিশু সকলৰ মাজত ১৬% ৰ নিউম`নিয়াত মৃত্যু হয়, ২০১৫ চনত ৯২০১৩৬ জন শিশুক মৃত্যু মুখত পেলায়।
  • নিউম`নিয়া ভাইৰাচ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ কাৰণে হ`ব পাৰে।
  • নিউম`নিয়া ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা, পৰ্য্যাপ্ত পুষ্টি আৰু পৰিবেশগত উপাদান সমূহ লক্ষ্য কৰি প্ৰতিৰোধ কৰিব পাৰি।
  • বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট নিউম`নিয়া এণ্টিবায়`টিকৰ দ্বাৰা চিকিৎসা কৰা যাব পাৰে, কিন্তু এক-তৃতীয়াংশ শিশুহে তেওঁলোকৰ প্ৰয়োজনীয় এণ্টিবায়`টিক লাভ কৰিবলৈ সক্ষম হয়। 
 

নিউম`নিয়া শ্বাসতন্ত্ৰৰ এটা তীব্ৰ সংক্ৰমন যি হাওঁফাওঁক প্ৰভাৱিত কৰে। হাওঁফাওঁ এলভিঅ`লাই নামৰ ক্ষূদ্ৰ ছিদ্ৰ থকা কোষেৰে গঠিত, যি বায়ুৰে পূৰ্ণ হয় যেতিয়া এজন স্বাস্থ্যকৰ ব্যক্তিয়ে শ্বাস-প্ৰশ্বাস লয়। যেতিয়া এজন ব্যক্তিৰ নিউম`নিয়া হয়, এলভিঅ`লাই পুঁজ আৰু তৰল পদাৰ্থৰে ভৰি পৰে, যি শ্বাস-প্ৰশ্বাস কষ্টকৰ কৰে আৰু অক্সিজেনৰ মাত্ৰা সীমিত কৰে।

নিউম`নিয়া হ`ল একমাত্ৰ সকলোতকৈ ডাঙৰ সংক্ৰমন যি বিশ্বব্যাপী শিশুৰ মৃত্যুৰ কাৰণে দায়ী। ২০১৫ চনত নিউম`নিয়াৰ ফলত ৯২০১৩৬ জন পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু হয়, ১৬% মৃত্যু পাঁচ বছৰৰ কম বয়সৰ শিশুৰ হয়। নিউম`নিয়াই সকলো জেগাৰে শিশু পৰিয়ালক আক্ৰমণ কৰে, কিন্তু দক্ষিণ এচিয়া আৰু চাব-চাহাৰা আফ্ৰিকাত ই সকলোতকৈ বেছি প্ৰভাৱিত। শিশু সকলক নিউম`নিয়াৰ পৰা ৰক্ষা কৰিব পৰা যায়, এটি সহজ হস্তক্ষেপৰ মাধ্যমেৰে, আৰু কম খৰচী, আৰু নিম্ন প্ৰযুক্তিৰ ঔষধ আৰু যত্ন চিকিৎসাৰ সৈতে।

কাৰণ সমূহ:

ভাইৰাচ, বেক্টেৰিয়া আৰু ভেঁকুৰকে ধৰি অনেক সংক্ৰমনশীল এজেণ্টৰ কাৰণে নিউম`নিয়াৰ সৃষ্টি হয়। সকলোতকে সাধাৰণ হ`ল :

  • ষ্ট্ৰোপ্ট`ক`ক্কাচ নিউম`নিয়া – শিশু সকলৰ মাজত বেক্টেৰিয়াৰ কাৰণে হোৱা নিউম`নিয়াৰ সকলোতকৈ সাধাৰণ কাৰণ;
  • হিমোফিলাচ ইনফ্লুৱেঞ্জা টাইপ বি (হিব)-বেক্টেৰিয়াৰ কাৰণে হোৱা নিউম`নিয়াৰ দ্বিতীয় সকলোতকৈ সাধাৰণ কাৰণ;
  • শ্বাসনলী চিংচিয়াল ভাইৰাচ সকলোতকৈ সাধাৰণ ভাইৰাচৰ দ্বাৰা হোৱা নিউম`নিয়াৰ ভিতৰত;
  • এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত শিশু সকলৰ, নিউমোকিচষ্টিচ জাইৰ`ভেচি হৈছে নিউম`নিয়া হোৱাৰ সকলোতকৈ প্ৰধান কাৰণ, এইচ আই ভি সংক্ৰমিত শিশু সকলৰ মাজত কমপক্ষেও এক চতুৰ্থাংশৰ মৃত্যু হোৱাৰ কাৰণে ই দায়ী।

সঞ্চাৰণ:

নিউম`নিয়া বিভিন্ন উপায়েৰে বিয়পিব পাৰে। ভাইৰাচ আৰু বীজাণু যি সঁচৰাচৰ শিশুৰ নাক বা ডিঙিত পোৱা যায়। হাওঁফাওঁক সংক্ৰমিত কৰিব পাৰে যদি উশাহৰ লগত ভিতৰলৈ যায়। এই সমূহ কাহ বা হাঁচিৰ দ্বাৰা বতাহত সিঁচৰিত হৈ পৰিব পাৰে। ইয়াৰ বাহিৰেও, নিউম`নিয়া তেজৰ মাধ্যমেৰেও বিয়পিব পাৰে, বিশেষকৈ জন্মত আৰু অতি শীঘ্ৰেই জন্মৰ সময়ত। নিউম`নিয়া সৃষ্টিকাৰী বিভিন্ন প্যেথোজেন আৰু সেই সমূহ সঞ্চাৰণৰ ওপৰত গৱেষণা কৰা প্ৰয়োজন, যিহেতু এইটো গুৰুত্বপূৰ্ণ চিকিৎসা আৰু প্ৰতিৰোধৰ কাৰণে।

উপস্থাপনা বৈশিষ্ট:

ভাইৰেল আৰু বেক্টেৰিয়েল নিউম`নিয়াৰ প্ৰাৰম্ভিক বৈশিষ্ট সমূহ প্ৰায় একেই। যি কি নহওক, ভাইৰেল নিউম`নিয়াৰ লক্ষণসমূহ বেক্টেৰিয়েল নিউম`নিয়াৰ লক্ষণসমূহৰ তুলনাত বহুত বেছি হ`ব পাৰে। পাঁচ বছৰৰ তলৰ শিশু সকলৰ ক্ষেত্ৰত, কাহ আৰু/ উশাহ লোৱাত কষ্ট পোৱা, জ্বৰ বা জ্বৰৰ বাহিৰে হোৱা নিউম`নিয়া ধৰা পেলোৱা হয় দ্ৰুত গতিত চলা উশাহৰ উপস্থিতিৰ দ্বাৰা বা বুকুৰ তলৰ অংশ য`ত উশাহ লোৱাৰ সময়ত ভিতৰলৈ সোমাই যায় বা উশাহ লোৱাৰ সময়ত প্ৰতিক্ৰিয়া কৰে (এজন সুস্থ ব্যক্তিৰ ক্ষেত্ৰত, উশাহ লোৱাৰ সময়ত বুকুৰ প্ৰসাৰণ হয়)।ভাইৰেল সংক্ৰমনৰ সময়ত উশাহ লওঁতে বুকুৰ শব্দ হোৱাতো অতিকে সাধাৰণ।

অত্যন্ত মাৰাত্মকভাৱে অসুস্থ শিশুৱে খোৱা বোৱাত অক্ষম হ`ব পাৰে আৰু সংজ্ঞাহীন, হাইপোথাৰ্মিয়া আৰু মুৰ্ছা যাব পাৰে।

বিপদ সমূহ::

যদিও বেছিভাগ শিশুৱে সংক্ৰমনৰ লগত তেওঁলোকৰ প্ৰাকৃতিক প্ৰতিৰক্ষাৰ সৈতে যুঁজ দিব পাৰে, যিসকল শিশুৰ প্ৰতিৰক্ষা প্ৰণালী দূৰ্বল সেইসকলৰ নিউম`নিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে। এটি শিশুৰ প্ৰতিৰক্ষা প্ৰণালী দূৰ্বল হ`ব পাৰে অপুষ্টি বা অপৰ্য্যাপ্ত খাদ্যগ্ৰহণৰ দ্বাৰা, বিশেষকৈ যিসকল শিশুৰ একচেটিয়াভাৱে স্তনপান কৰোৱা হোৱা নাছিল।

প্ৰাক-বিদ্যমান অসুস্থতা যেনে এইচ আই ভি আৰু সৰু আইৰ লক্ষণ, এই সমূহেও শিশুৰ নিউম`নিয়া হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায়।

নিন্মোক্ত পৰিবেশগত বিষয়সমূহেও শিশুৰ নিউম`নিয়া হোৱাৰ ক্ষেত্ৰত সহজে প্ৰভাবিত কৰে:

  • জৈবিক ইন্ধন(যেনে কাঠ বা গোবৰ হিছাবে)ৰ দ্বাৰা ৰন্ধন আৰু গৰম কৰাৰ ফলত আভ্যন্তৰীণ বায়ু প্ৰদূষণ।
  • জনবহুল ঘৰত বসবাস কৰা।
  • পিতৃ মাতৃৰ ধূমপান।

চিকিৎসা:

এণ্টিবায়`টিককচৰ দ্বাৰা নিউম`নিয়াৰ চিকিৎসা কৰিব লাগে। মনোনীত এণ্টিবায়`টিক হ`ল এমোক্সিচিলিন ডিচপাৰচেবল টেবলেট। বেছিভাগ নিউম`নিয়াৰ ক্ষেত্ৰত মৌখিক এণ্টিবায়`টিকচৰ প্ৰয়োজন হয়, যি প্ৰায়েই যি কোনো স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই ক্ষেত্ৰত প্ৰশিক্ষিত সাম্প্ৰদায়ীক স্বাস্থ্য কৰ্মীৰ দ্বাৰা সাম্প্ৰদায়ীক স্তৰত কম মূল্যৰ মৌখিক এণ্টিবায়`টিকচৰ দ্বাৰা নিৰ্ণয় আৰু চিকিৎসা কৰা হ`ব পাৰে। একমাত্ৰ গুৰুতৰ নিউম`নিয়া ৰোগী সকলৰ ক্ষেত্ৰতহে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

প্ৰতিৰোধ:

শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ কৌশলগত অপৰিহাৰ্য্য উপাদান হ`ল নিউম`নিয়াৰ প্ৰতিৰোধ। হিব,নিউম`ক`ক্কাচ, সৰু আই আৰু হুপিং কাহ (পাৰ্টুচিচ)ৰ বিৰুদ্ধে টিকাকৰণেই হ`ল নিউম`নিয়া প্ৰতিৰোধৰ সকলোতকৈ বেছি কাৰ্য্যকৰী উপায়।

জীৱনৰ প্ৰথম ৬ মাহত শিশুটিক একমাত্ৰ স্তনপান কৰোৱাৰ লগে লগে স্বাভাৱিক প্ৰতিৰক্ষাৰ উন্নতিৰ কাৰণে পৰ্য্যাপ্ত পুষ্টিৰ প্ৰয়োজন। নিউম`নিয়া প্ৰতিৰোধ কাৰ্য্যকৰী হোৱাৰ লগে লগে ই এটি অসুস্থ হৈ পৰা শিশুৰ অসুস্থতাৰ দৈৰ্ঘ্যতাও কমায়।

পৰিবেশগত কাৰণ সমূহ যেনে গৃহমধ্যস্থ বায়ু প্ৰদূষণ (উদাহৰণ স্বৰূপে, কম মূল্যৰ পৰিষ্কাৰ গৃহমধ্যস্থ ষ্ট`ভ প্ৰদান কৰা) আৰু ঘনবসতিপূৰ্ণ ঘৰত ভাল স্বাস্থ্য বিধানৰ উৎসাহেও নিউম`নিয়া দ্বাৰা অসুস্থ শিশু সকলৰ সংখ্যা হ্ৰাস কৰে।

এইচ আই ভি আক্ৰান্ত শিশু সকলৰ মাজত, ক`ট্ৰিম`ক্সাজ`ল এণ্টিবায়`টিকচৰ নিয়মিত ব্যৱহাৰে নিউম`নিয়া সংক্ৰমনৰ সম্ভৱনা হ্ৰাস কৰে।