অধিক
Home ❯
বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ লক্ষ্য
উদ্দেশ্য ৩ লক্ষ্য:
২০৩০ চনলৈকে, বিশ্বব্যপি ১০০,০০০ জন্মৰ ভিতৰত মাতৃ মৃত্যুৰ হাৰ ৭০ শতাংশলৈ কম কৰা। ২০৩০ চনলৈকে, নৱজাতক আৰু ৫ বছৰ বয়সৰ অধীনৰ শিশুৰ প্ৰতিৰোধী মৃত্যু শেষ হ`ব, নৱজাতকৰ মৃত্যু হ্ৰাস কৰিবৰ কাৰণে ১০০০ জন জীৱিত জন্মৰ ভিতৰত অতি কমেও প্ৰায় ১২ জনলৈ হ্ৰাস কৰা আৰু ৫ বছৰৰ বয়সৰ অধীনৰ শিশুৰ মৃত্যু হ্ৰাস কৰিবলৈ ১০০০ জন জন্মৰ ভিতৰত অতিকমেও প্ৰায় ২৫ জনলৈ হ্ৰাস কৰাটো সকলো দেশে উদ্দেশ্য কৰি লয়। ২০৩০ চনলৈকে, এইডচ্ মহামাৰী, যক্ষ্মা, মেলেৰিয়া আৰু উপেক্ষিত গ্ৰীষ্ম প্ৰধান বেমাৰ সমূহ আৰু হেপাটাইটিচ, পানীৰ দ্বাৰা হোৱা ৰোগ আৰু অন্য সংক্ৰামক ৰোগৰ মহামাৰী শেষ হ`ব। ২০৩০ চনলৈকে, প্ৰতিৰোধ আৰু চিকিৎসাৰ জৰিয়তে অসংক্ৰামক ৰোগৰ পৰা এক তৃতীয়াংশ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰা আৰু মানসিক স্বাস্থ্য আৰু কল্যাণক উৎসাহিত কৰা। নিচাজাতীয় ঔষধৰ দুৰ্ব্যৱহাৰ আৰু সুৰাৰ হানিকাৰক ব্যৱহাৰকে ধৰি দ্ৰব্যৰ দুৰ্ব্যৱহাৰৰ প্ৰতিৰোধ আৰু চিকিৎসাক শক্তিশালী কৰা। ২০২০ চনলৈকে, বিশ্বব্যাপি ৰাস্তাৰ যানবাহনৰ দুৰ্ঘটনাজনিত মৃত্যু আৰু আঘাতৰ সংখ্যা আধালৈ হ্ৰাস কৰা। ২০৩০ চনলৈকে, পৰিয়াল পৰিকল্পনা তথ্য আৰু শিক্ষা, আৰু প্ৰজননাত্মক স্বাস্থ্যক ৰাষ্ট্ৰীয় কৌশল নীতি আৰু কাৰ্য্যক্ৰমৰ লগত ঐক্য বন্ধনকে ধৰি যৌনমূলক আৰু প্ৰজননাত্মক স্বাস্থ্য পৰিচৰ্য্যা সেৱা সমূহৰ সাৰ্বভৌমিক উপলব্ধতাক সুনিশ্চিত কৰা। সকলোৰে কাৰণে বিত্তীয় বিপদ সুৰক্ষা, গুণগত প্ৰয়োজনীয় স্বাস্থ্য পৰিচৰ্য্যা সেৱা সমূহৰ উপলব্ধতা আৰু সুৰক্ষিত, প্ৰভাৱী, গুণগত, মিতব্যয়ী প্ৰয়োজনীয় ঔষধ আৰু টিকা সমূহৰ উপলব্ধতাকে ধৰি সাৰ্বভৌমিক স্বাস্থ্য পৰিসীমা লাভ কৰা। ২০৩০ চনলৈকে, বিপদাত্মক ৰসায়ন আৰু বায়ু, পানী আৰু মাটি প্ৰদুষণ আৰু সংক্ৰমনৰ পৰা হোৱা মৃত্যু আৰু ৰোগৰ সংখ্যাক যথেষ্ট হ্ৰাস কৰা। উচিত ৰূপত সকলো দেশত ধপাত নিয়ন্ত্ৰণৰ ওপৰত বিস্ব স্বাস্থ্য সংগঠন তন্ত্ৰ সন্মিলনৰ ৰূপায়নক শক্তিশালী কৰা। সংক্ৰামক আৰু অসংক্ৰামক ৰোগ যিয়ে প্ৰাথমিক ভাৱে উন্নয়ন শিল দেশ সমূহক প্ৰভাৱিত কৰে তাৰ কাৰণে টিকা সমূহ আৰু ঔষধ সমূহৰ গৱেষণা আৰু বিকাশক সমৰ্থন কৰা, ট্ৰিপচ চুক্তি আৰু জন স্বাস্থ্যৰ ওপৰত দহা ঘোষণা অনুযায়ী মিতব্যয়ী প্ৰয়োজনীয় ঔষধ আৰু টিকা সমূহৰ উপলব্ধতা প্ৰদান কৰা, যিয়ে বিকাশশীল দেশ সমূহৰ অধিকাৰক জনস্বাস্থ্যৰ ৰক্ষাৰ কাৰণে নমনিয় বৌধিক সম্পদ অধিকাৰ সমূহৰ বাণিজ্য জনিত দৃষ্টিকোন সমূহৰ ওপৰত থকা চুক্তিক পুৰণ কৰিবৰ কাৰণে ব্যৱহাৰিক অধিকাৰ প্ৰদান কৰে, আৰু বিশেষ ৰূপত ঔষধ সমূহৰ উপলব্ধতা প্ৰদান কৰে। উন্নয়নশীল দেশসমূহ বিশেষকৈ কম বিকশিত দেশসমূহ আৰু আৰু উন্নয়নশীল সৰু দ্বীপ ৰাজ্য সমূহত স্বাস্থ্য বিত্তপোষণ আৰু নিযক্তি, উন্নয়ন, প্ৰশিক্ষণ আৰু স্বাস্থ্য কৰ্মবলৰ প্ৰতিধাৰণক যথেষ্ট বৃদ্ধি কৰা। প্ৰাৰম্ভিক সতৰ্ক, বিপদ হ্ৰাস আৰু ৰাষ্ট্ৰীয় আৰু গোলকীয় স্বাস্থ্য বিপদ সমূহৰ কাৰণে সকলো দেশ, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ ক্ষমতাক শক্তিশালী কৰা।