I am now accessing as a :

Government Of Assam Health & Family Welfare

জননী সুৰক্ষা যোজনা (জে এছ ৱাই)

  • জননী সুৰক্ষা যোজনা (জে এছ ৱাই)এখন সুৰক্ষিত মাতৃ মংগল কাৰ্য্যসূচী ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এন আৰ এইচ এম)ৰ অধীনত কাৰ্য্যকৰী কৰা হৈছে। প্ৰসৱৰ সময়ত মাতৃ-মৃত্যু আৰু কেঁচুৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্য লৈ দূখীয়া গৰ্ভৱতী মহিলাসকলক প্ৰতিষ্ঠানিক প্ৰসৱৰ ব্যৱস্থা কৰোৱা। জে এছ ৱাইয়ে সংহত মহিলাক আৰ্থিক সহাৰ্য্য প্ৰদান কৰে প্ৰসৱৰ সময়ত আৰু প্ৰসৱৰ পাছৰ যত্ন লোৱাত সহায় কৰে। দূখীয়া পৰিয়ালৰ মহিলাবোৰক প্ৰতিষ্ঠানিক প্ৰসৱ কৰোৱাৰ সংখ্যা বৃদ্ধিৰ দ্বাৰাহে এই আঁচনিৰ সফলতা নিৰ্ধাৰণ কৰা হয়।

    এই আঁচনিয়ে মাতৃক আৰ্থিক সুবিধা প্ৰদান কৰে যিয়ে চৰকাৰী স্বাস্থ্য চিকিৎসা প্ৰতিষ্ঠান আৰু অধিস্বীকৃত ব্যক্তিগত চিকিৎসালয়ত সন্তান প্ৰসৱ কৰে।

    • বয়স, জন্ম বা আয় উপাৰ্জন নিৰ্বিশেষে (বি পি এল আৰু এ পি এল) গাঁও অঞ্চলৰ সকলো মহিলাই অৰ্থ সাহাৰ্য্য লাভ কৰে ১৪০০/- টকা যদি সন্তান জন্ম দিয়ে জনস্বাস্থ্য কেন্দ্ৰ বা অধিস্বীকৃত ব্যক্তিগত চিকিৎসালয়ত।
    • বয়স, জন্মস্থান, আয় নিৰ্বিশেষে (বি পি এল আৰু এ পি এল) গ্ৰামাঞ্চলৰ সকলো মহিলাই আৰ্থিক সাহাৰ্য্য ১০০০/- টকা লাভ কৰে যদি জনস্বাস্থ্য কেন্দ্ৰ বা অধিস্বীকৃত ব্যক্তিগত চিকিৎসালয়ত সন্তান জন্ম দিয়ে।
    • অকল বি পি এল শ্ৰেণীৰ প্ৰসূতিক ঘৰত সন্তান জন্ম দিলে ৫০০ টকা সাহাৰ্য্য যোগান ধৰা হয়।