I am now accessing as a :

Government Of Assam Health & Family Welfare

জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম (জে এছ এছ কে)

  • ভাৰত চৰকাৰে জননী-শিশু সুৰক্ষা কাৰ্য্যক্ৰম (জে এছ এছ কে)ৰ শুভাৰম্ভ কৰিছে ২০১১ চনৰ ১ম জুন তাৰিখে যিটোৱে সকলো গৰ্ভৱতী মহিলাক চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত সন্তান জন্ম দিয়াৰ অধিকাৰ প্ৰদান কৰিছে সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু আনকি ছিজাৰিয়ান খণ্ডতো কোনো খৰচ বহন কৰিব নালাগে। চৰ্ত আৰোপ কৰা হৈছে যে বিনামূলীয়া ঔষধ, পৰীক্ষা, ৰক্ত আৰু খাদ্য, ইয়াৰ উপৰি ঘৰৰ পৰা প্ৰতিষ্ঠানলৈ মুক্ত পৰিবহন ব্যৱস্থা, যদি প্ৰেৰণ কৰা কেছ হয় ঘৰলৈ ওভতাই পঠোৱাৰো ব্যৱস্থা বিনামূলীয়াকৈ কৰা হয়। একেধৰণে বেমাৰী সদ্যজাত শিশুৱে অধিকাৰ লাভ কৰে চৰকাৰী প্ৰতিষ্ঠানত চিকিৎসাৰ কাৰণে জন্মৰ পৰা এবছৰ পূৰ হোৱালৈ।

    জে এছ এছ কেৰ অধীনত অধিকাৰ লাভ:

    1. জে এছ এছ কেৰ অধীনত মুক্ত ঔষধ আৰু ব্যৱহাৰ্য্য বস্তু
    2. বিনামূলীয়া পৰীক্ষা
    3. বিনামূলীয়া চি-চেক্সন
    4. বিনামূলীয়া চিকিৎসা আৰু সন্তান প্ৰসৱ
    5. বিনামূলীয়া ৰক্ত প্ৰদান
    6. বিনামূলীয়া পৰিবহন ব্যৱস্থা
    7. বিনামূলীয়া খাদ্য